ETV Bharat / state

Paratha factory : পৰঠা ফেক্টৰীৰে আদৰ্শ হৈ পৰিছে বিশ্বনাথৰ দিগন্ত

author img

By

Published : Mar 30, 2023, 3:19 PM IST

পৰঠা ফেক্টৰী স্থাপন কৰি চৰ্চা লাভ কৰিছে এজন যুৱকে (Biswanath youth self reliant with Paratha factory)। বিশ্বনাথৰ দিগন্ত দাসে নিজৰ ফেক্টৰীত পৰঠা প্ৰস্তুত কৰি লাখ টকা উপাৰ্জন কৰিছে । কেইবাজনো নিবনুৱাক সংস্থাপন দিবলৈও তেওঁ সক্ষম হৈছে ।

Paratha factory
পৰঠা ফেক্টৰীৰে আদৰ্শ হৈ পৰিছে বিশ্বনাথৰ দিগন্ত

বিশ্বনাথ, ৩০ মাৰ্চ : চাকৰিৰ অপেক্ষাত থকাৰ পৰিৱৰ্তে কৃষি তথা নিজাববীয়া বিভিন্ন প্ৰচেষ্টাৰে অসমৰ বহু যুৱক-যুৱতী স্বাৱলম্বী হোৱা দেখা গৈছে । আনকি নিজা প্ৰচেষ্টাৰে ক্ষুদ্ৰ উদ্যোগ স্থাপন কৰি ৰাজ্যত চৰ্চাও লাভ কৰিছে বহু শিক্ষিত যুৱক-যুৱতীয়ে । এইবাৰ বিশ্বনাথ জিলাৰ এজন যুৱকে পৰঠা প্ৰস্তুত কৰা এটা ক্ষুদ্ৰ উদ্যোগ স্থাপন কৰি স্বাৱলম্বী হোৱাৰ উপৰিও বিভিন্নজনৰ প্ৰশংসাৰ পাত্ৰ হৈ পৰিছে (Paratha factory in Biswanath)।

উল্লেখ্য যে জীৱিকাৰ সন্ধানত ঘৰৰ পৰা ওলাই যাবলৈ বাধ্য হোৱা যুৱকজনে বেংগালুৰুত হোটেলৰ শ্ৰমিক তথা পেইণ্টাৰ হিচাপে কাম কৰিছিল । শ্ৰমিক হিচাপে কোনোমতে নিজৰ পৰিয়ালটো পোহপাল দিবলৈ সক্ষম হোৱা যুৱকজনে এতিয়া স্থাপন কৰিছে নিজৰে এটা ক্ষুদ্ৰ উদ্যোগ । কঠোৰ পৰিশ্ৰম আৰু অধ্যৱসায়ৰ বলেৰে যুৱকজনে উদ্যোগটো স্থাপন কৰিছে । উত্তৰ অসমত এতিয়া চৰ্চাৰ নাম হৈ পৰিছে দিগন্ত দাস ।

বিশ্বনাথ জিলাৰ গহপুৰৰ দিগন্ত দাস বৰ্তমান উত্তৰ অসমত পৰঠা প্ৰস্তুতকাৰী হিচাপে জনাজাত । পৰঠা প্ৰস্তুত কৰি পেকিং কৰি সেইবোৰ অসমৰ বিভিন্ন স্থানলৈ প্ৰেৰণ কৰি আহিছে যুৱকজনে (Biswanath youth self reliant with Paratha factory)।

জানিব পৰা মতে পিতৃ-মাতৃৰ লগতে পৰিয়ালৰ একমাত্ৰ উপাৰ্জনকাৰী দিগন্ত দাস ২০১২ চনত কামৰ সন্ধানত বেংগালুৰুলৈ ওলাই গৈছিল । হোটেলৰ শ্ৰমিক, পেইণ্টিং আদি বিভিন্ন কামত নিয়োজিত হৈ পৰে । দিগন্তই তিনিচুকীয়াৰ সুৰিয়া থাপা নামৰ যুৱকজনৰ সৈতে একেলগে কাম কৰে । দুয়োগৰাকীয়ে বেংগালুৰুত পৰঠা ফেক্টৰীত শ্ৰমিক হিচাপে কামত নিয়োজিত হয় । ইয়াৰ পাছতে দুয়ো পৰঠা প্ৰস্তুত কৰাৰ প্ৰশিক্ষণ গ্ৰহণ কৰে । তাৰ পাছত দুয়ো অন্ধ্ৰপ্ৰদেশলৈ যায় ।

১ মাহ ল'জত থাকি এটা কোঠা ভাড়ালৈ লৈ দুয়ো আৰম্ভ কৰিলে পৰঠা ফেক্টৰী । আনকি থাপাই প্ৰয়োজনীয় ধনো যোগান ধৰে । কিন্তু ক'ভিড আৰু লক ডাউনৰ বাবে ৬ মাহ ফেক্টৰী চলাইয়ে ঘৰলৈ উভতি আহিবলগীয়া হয় দিগন্ত আৰু সুৰিয়া । ঘৰলৈ অহাৰ পাছত উপাৰ্জনৰ একো পথ নথকাত হাহাকাৰ অৱস্থাৰ সৃষ্টি হয় । মূলধনৰো অভাৱ হয় । এনে সময়তে ওদালগুৰিৰ ফইজুল হক নামৰ এজন যুৱকক যোগাযোগ কৰে দিগন্তই ।

উল্লেখ্য যে ফইজুলৰ তিনিটাকৈ পৰঠা ফেক্টৰী আছে । ফইজুল গহপুৰলৈ আহে আৰু দিগন্তক বিশ্বনাথত পৰঠা ফেক্টৰী স্থাপনৰ পৰামৰ্শ দিয়ে । লগে লগে ধনৰ যোগাৰ কৰি দিগন্তই বিশ্বনাথৰ পানীভড়ালত ৬ মাহ পূৰ্বে পৰঠা প্ৰস্তুতৰ ফেক্টৰী আৰম্ভ কৰে । দিগন্তৰ ফেক্টৰীত প্ৰস্তুত কৰা পৰঠা তেজপুৰৰ পৰা তিনিচুকীয়া, ডিব্ৰুগড়, চিলাপথাৰ, ধেমাজি, লখিমপুৰ আদি জিলালৈ প্ৰেৰণ কৰা হয় ।

দিগন্তৰ 'ডেইলী ফ্ৰেছ ফুড' নামৰ পৰঠা বিধ এতিয়া বিভিন্ন জিলাত জনপ্ৰিয় হৈ পৰিছে (Daily fresh food paratha)। দিগন্তই প্ৰতিদিনে প্ৰায় ১৪০০ পেকেট পৰঠা বিক্ৰী কৰে । ৫ খন পৰঠাৰ এটা পেকেটত ৬০ টকা আৰু ১০ খন পৰঠা থকা পেকেটত ১০০ টকা । এসময়ত হোটেলৰ শ্ৰমিক দিগন্তই এতিয়া ১০ জন নিবনুৱাক তেওঁৰ ফেক্টৰীত সংস্থাপন দিবলৈ সক্ষম হৈছে ।

তাৎপৰ্যপূৰ্ণ যে এটা পৰঠা ফেক্টৰী খুলিবলৈ ৭-১০ লাখ টকাৰ প্ৰয়োজন বুলি দিগন্তই জনাইছে । সীমিত ৰূপত এই উদ্যোগ আৰম্ভ কৰা দিগন্তই কিন্তু এতিয়ালৈ চৰকাৰৰ পৰা কোনো সুবিধা পোৱা নাই । কাম বিচাৰি বহিঃৰাজ্যত হাবাথুৰি খোৱা বহু যুৱকৰ বাবে দিগন্ত এতিয়া অনুপ্ৰেৰণাৰ উৎস হৈ পৰিছে ।

লগতে পঢ়ক :Boxer Lovlina Borgohain : স্ব-ভূমিত উপস্থিত স্বৰ্ণ পদক বিজয়ী লাভলীনা বৰগোঁহাই

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.