ETV Bharat / state

Overlapping in Assam recruitment: নিযুক্তি প্ৰক্ৰিয়াত অ’ভাৰলেপিঙৰ অভিযোগক নস্যাৎ মুখ্যমন্ত্ৰীৰ

author img

By

Published : May 8, 2023, 8:31 PM IST

চৰকাৰৰ শেহতীয়া নিযুক্তি প্ৰক্ৰিয়াত কোনো ধৰণৰ অভাৰ লেপিং হোৱা নাই ৷ এই দাবী মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ৷ এজন বিধায়কে এই ক্ষেত্ৰত চিঞৰি আছে বুলিও মুখ্যমন্ত্ৰীগৰাকীয়ে সংবাদমেলত উল্লেখ কৰে (CM Himanta on overlapping) ৷

Overlapping in Assam recruitment
Etv Bharat

অভাৰলেপিং সন্দৰ্ভত কি ক’লে মুখ্যমন্ত্ৰীয়ে ?

গুৱাহাটী, 8 মে’: অসম চৰকাৰৰ শেহতীয়া নিযুক্তি প্ৰক্ৰিয়াত বিভিন্ন দল সংগঠনে ব্যাপক অ’ভাৰলেপিং হোৱাৰ অভিযোগ তোলাৰ সন্দৰ্ভত সোমবাৰে সংবাদ মাধ্যমৰ আগত প্ৰতিক্ৰিয়া প্ৰকাশ কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ৷ জনতা ভৱনত অনুষ্ঠিত এখন‌ সংবাদমেলত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কয়, ‘‘অভাৰলিপিং এটা মুখৰোচক কথা ৷ অভাৰলিপিং কথাটো বজাৰত ওলোৱা কথা ৷ এই কথাৰ কোনো ভিত্তি নাই ৷ এজন বিধায়কে এই ক্ষেত্ৰত চিঞৰী আছে (Assam direct recruitment overlapping) ৷’’

তেওঁ লগতে কয়, ‘‘নিযুক্তি প্ৰক্ৰিয়াত 4-5 শতাংশতকৈ অপাৰলেপিং নহ’ব ৷ যোৱ সময়ত চৰকাৰে 41 হাজাৰো অধিক পদত নিযুক্তি দিছে ৷ তাতো কোনো অভাৰলেপিঙৰ অভিযোগ অহা নাই ৷’’ নিযুক্তি সম্পূৰ্ণ হোৱাৰ পিচত ১৫ জুনৰ পিচত চৰকাৰে সকলো বিভাগৰ পৰা প্ৰতিবেদন ল’ব ৷ তাৰ পৰা সকলো কথা ওলাই পৰিব বুলিও মন্তব্য কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে ৷

‘‘চৰকাৰে গণি গণি এক লাখ নিযুক্তি সম্পূৰ্ণ কৰিব ৷ এই সন্দৰ্ভত এখন ডাইৰেক্টৰী প্ৰকাশ‌ কৰা হ’ব ৷ যিসকলে অভাৰলেপিঙৰ বাবে হুলস্থূল কৰি আছে তেওঁলোকে চাব পাৰিব ৷’’ মুখ্যমন্ত্ৰীগৰাকীয়ে লগতে কয় (Assam direct recruitment) ৷

উল্লেখ্য যে, অসম চৰকাৰৰ শেহতীয়া নিযুক্তি প্ৰক্ৰিয়াত ব্যাপক অ'ভাৰলেপিং হোৱাৰ অভিযোগ তুলি বিভিন্ন দল-সংগঠনৰ লগতে নিবনুৱাসকলে ইয়াক লৈ উদ্বিগ্নতা প্ৰকাশ কৰিছে ৷ অ’ভাৰলেপিঙৰ সমস্যাৰ বাবেই ৰাজ্য চৰকাৰে পূৰ্বতে ঘোষণা কৰা এক লাখ নিবনুৱাক নিযুক্তি দিয়াৰ লক্ষ্য বাস্তৱত পৰিণত নহ’ব বুলি আশংকা কৰা হৈছে (Assam govt 1 lakhs appointment) ৷ এছ এফ আই আৰু ডি ৱাই এফ আইয়ে চৰকাৰৰ শেহতীয়া নিযুক্তি প্ৰক্ৰিয়াত ব্যাপক অ'ভাৰলেপিং হোৱাৰ অভিযোগ কৰিছে ৷

ইফালে শিৱসাগৰৰ বিধায়ক অখিল‌ গগৈয়ে অভিযোগ কৰি কৈছে যে বছৰত এক লাখৰ ঠাইত দুবছৰৰ‌ মূৰত কাগজে কলমে চাকৰি‌ পাব 81 হাজাৰ জনেহে ৷ উল্লেখ্য যে, যোৱা এমাহ পূৰ্বে অনুষ্ঠিত বিধানসভাৰ বাজেট অধিৱেশনত মুখ্যমন্ত্ৰীয়ে মে’ মাহৰ ভিতৰত চৰকাৰে 1 লাখ নিযুক্তি প্ৰক্ৰিয়া সম্পূৰ্ণ কৰিব বুলি ঘোষণা কৰিছিল ৷

মন কৰিবলীয়া যে পৱিত্ৰ সদনৰ মজিয়াত সগৌৰৱেৰে এই কথা ঘোষণা কৰি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কৈছিল যে অহা মে’ মাহৰ ভিতৰত সম্পূৰ্ণ হ’ব ১ লাখ নিযুক্তি প্ৰক্ৰিয়া ৷ মুখ্যমন্ত্ৰীগৰাকীয়ে লগতে কৈছিল যে ৰাজ্যত 12,36,299 গৰাকী নিবনুৱা আছে ৷

লগতে পঢ়ক: Assam Direct Recruitment: নিযুক্তি পত্ৰ বিতৰণৰ দিন 26 মে’লৈ সলনি

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.