ETV Bharat / state

Drunk youths on GS Road : জি এছ ৰোডত সুৰাত মগন ভয়াল ৰাতি; গাড়ী অভাৰটেক কৰাকলৈ দুই ফৈদৰ কাজিয়া

author img

By ETV Bharat Assamese Team

Published : Sep 18, 2023, 7:45 AM IST

Drunk youths on GS Road
সুৰামত্ত যুৱক-যুৱতীৰ তাণ্ডৱ

মহানগৰীৰ ৰাজপথত অব্যাহত আছে একাংশ সুৰামত্ত যুৱক-যুৱতীৰ তাণ্ডৱ ৷ সুৰাৰ ৰাগীত মাতাল হৈ শনিবাৰে মাজনিশা জি এছ ৰোডত মাজনিশা গাড়ী অভাৰটেক কৰাকলৈ দুই ফৈদৰ মাজত কাজিয়াত সংঘাতৰ সৃষ্টি হয় ৷

গুৱাহাটী, 18 ছেপ্টেম্বৰ : মহানগৰীৰ পল্টন বজাৰ থানাৰ অন্তৰ্গত লাচিত নগৰৰ বাছ আস্থানৰ সমীপত শনিবাৰে মাজনিশা সংঘটিত হয় এক ভয়ংকৰ ঘটনা । একাংশ সুৰামত্ত যুৱক-যুৱতীয়ে মাজনিশা ৰাজপথত তাণ্ডৱ চলাই এক আতংকময় পৰিৱেশৰ সৃষ্টি কৰে । মূলতঃ গাড়ী অভাৰটেক কৰাক কেন্দ্ৰ কৰি দুটা ফৈদৰ মাজত সৃষ্টি হয় এই সংঘাতৰ ।

জানিব পৰা মতে, পল্টন বজাৰৰ পৰা ভঙাগড় অভিমুখে যোৱা AS 01 FG 2787 নম্বৰৰ চাৰিচকীয়া বাহনখনে লাচিত নগৰত উপস্থিত হোৱাৰ লগে লগে এখন গাড়ীক অভাৰটেক কৰে । অভাৰটেক কৰি অহা গাড়ীখনে পিচে পিচে খেদি আহি লাচিত নগৰত AS 01 FG 2787 নম্বৰৰ গাড়ীখনক আগুচি ধৰি উক্ত গাড়ীখনত থকা যুৱক-যুৱতী দ্বয়ক নমাই আনি উপৰ্যুপৰি প্ৰহাৰ কৰে ।

তাৰ পাচতে দুয়োপক্ষৰ মাজত ইজনে-সিজনক জিএছ ৰোড ঘাইপথত প্ৰহাৰ কৰিবলৈ আৰম্ভ কৰে । দুয়োটা ফৈদৰ লোকে অত্যাধিক সুৰাপান কৰি এই কাজিয়াত লিপ্ত হোৱা বুলি অভিযোগ উত্থাপন কৰিছে একাংশ পথচাৰীয়ে । ইফালে আধা ঘণ্টাতকৈ অধিক সময় দুয়ো পক্ষৰ মাজত এই কাজিয়া হয় ৷ ফলত পথৰ দুয়োকাষে ভয়াৱহ যান-জঁটৰ সৃষ্টি হয় ।

আনকি ৰোগী কঢ়িয়াই অনা এম্বুলেঞ্চ বাহনো যান-জঁটত আবদ্ধ হৈ পৰে । ঘটনাস্থলীত দুজন আৰক্ষী লোক উপস্থিত হয় যদিও পৰিস্থিতি নিয়ন্ত্ৰণ কৰাত ব্যর্থ হয় । এটা সময়ত ঘটনাস্থলীত উপস্থিত থকা একাংশ লোকে উক্ত গাড়ীৰ ওপৰত আক্ৰমণ কৰে ৷ ফলত গাড়ীখনৰ বিস্তৰ ক্ষতি সাধন হয় ।

পৰৱৰ্তী পৰ্যায়ত পল্টন বজাৰ থানাৰ এটা বৃহৎ আৰক্ষীৰ দল ঘটনাস্থলী উপস্থিত হৈ যুৱক-যুৱতীহালক আটক কৰি গাড়ীত উঠাই থানালৈ লৈ যায় । পিচত আৰক্ষীয়ে যান-জঁট মুকলি কৰি ৰোগী কঢ়িয়াই অনা এম্বুলেঞ্চক হাস্পতাললৈ যোৱাৰ ব্যৱস্থা কৰি দিয়ে ।

লগতে পঢ়ক : Army Soldier killed in Manipur: হিংসা জৰ্জৰ মণিপুৰত সেনা জোৱানক অপহৰণ কৰি হত্যা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.