ETV Bharat / bharat

Army Soldier killed in Manipur: হিংসা জৰ্জৰ মণিপুৰত সেনা জোৱানক অপহৰণ কৰি হত্যা

author img

By ETV Bharat Assamese Team

Published : Sep 17, 2023, 9:47 PM IST

হিংসা জৰ্জৰ মণিপুৰত এগৰাকী সেনা জোৱান অপহৰণ কৰি হত্যা কৰাৰ ভয়ংকৰ তথ্য পোহৰলৈ আহিছে ৷ প্ৰশাসনৰ সূত্ৰই প্ৰকাশ কৰা অনুসৰি ছুটি লৈ ঘৰত আছিল চিপাহী চেৰ্টো থাংথাং কম ৷

Indian Army Soldier Abducted
হিংসা জৰ্জৰ মণিপুৰত সংঘটিত হৈছে এক ভয়ংকৰ ঘটনা

নেশ্যনেল ডেস্ক, 17 ছেপ্টেম্বৰ: হিংসা জৰ্জৰ মণিপুৰত সংঘটিত হৈছে আন এক ভয়ংকৰ ঘটনা ৷ এইবাৰ এগৰাকী সেনা জোৱান অপহৰণ কৰি হত্যা কৰাৰ ভয়ংকৰ তথ্য পোহৰলৈ আহিছে ৷

প্ৰশাসনৰ সূত্ৰই সদৰী কৰা অনুসৰি দেওবাৰে মণিপুৰৰ ইম্ফল পূব জিলাৰ খুনিংথেক গাঁৱত ভাৰতীয় সেনাৰ এজন সৈনিকৰ মৃতদেহ উদ্ধাৰ হয় ৷ বিষয়াসকলে জনোৱা অনুসৰি মৃতদেহটো কাংপোকপি জিলাৰ লিমাখঙত থকা সেনাৰ প্ৰতিৰক্ষা সুৰক্ষা বাহিনীৰ চিপাহী চেৰ্টো থাংথাং কম (Sepoy Serto Thangthang Kom) বুলি চিনাক্ত কৰা হৈছে ৷ তথ্য অনুসৰি চিপাহী চেৰ্টো থাংথাং কম ইম্ফল পশ্চিমৰ টাৰুঙৰ বাসিন্দা ৷

প্ৰশাসনৰ সূত্ৰই প্ৰকাশ কৰা অনুসৰি ছুটি লৈ ঘৰত আছিল চিপাহী চেৰ্টো থাংথাং কম ৷ কিন্তু তেওঁক শনিবাৰে দিনৰ প্ৰায় 10 বজাত অচিনাক্ত অস্ত্ৰধাৰী দুৰ্বৃত্তৰ এটা দলে ঘৰৰ পৰা অপহৰণ কৰে ৷ এই সমগ্ৰ ঘটনাৰ একমাত্ৰ প্ৰত্যক্ষদৰ্শী আছিল চিপাহী জনৰ 10 বছৰীয়া পুত্ৰ ৷

প্ৰশাসনৰ লোকে চিপাহীজনৰ পুত্ৰৰ উদ্ধৃতি দি কয় যে তিনিজন অস্ত্ৰধাৰী লোকে তেওঁলোকৰ ঘৰত প্ৰৱেশ কৰি চিপাহীজনৰ মূৰত পিষ্টল লগাই এখন বগা বাহনত উঠায় অপহৰণ কৰি নিয়ে ৷ বিষয়া সকলে কয়, ‘‘দেওবাৰে পুৱাৰ ভাগলৈকে চিপাহীজনৰ কোনে সন্ধান লাভ কৰা হোৱা নাছিল ৷ কিন্তু প্ৰায় দিনৰ প্ৰায় 9.30 মান বজাত ইম্ফল পূব জিলাৰ খুনিংথেক গাঁৱত তেওঁৰ মৃতদেহ উদ্ধাৰ হয় ৷ পৰিয়ালৰ লোকে তেওঁৰ পৰিচয় নিশ্চিত কৰে আৰু চিপাহীজনৰ মূৰত গুলীৰ আঘাত আছিল ৷’’

সুৰক্ষা বাহিনীৰ চিপাহী চেৰ্টো থাংথাং কমে মৃত্যুৰ সময়ত পত্নী, কন্যা আৰু পুত্ৰক এৰি থৈ যায় ৷ পৰিয়ালৰ ইচ্ছামতে অন্তিম ৰীতি-নীতি সম্পন্ন কৰা হ’ব বুলি বিষয়াসকলে জানিবলৈ দিয়ে আৰু শোকসন্তপ্ত পৰিয়ালটোক সহায় কৰিবলৈ সেনাই এটা দল লৰালৰিকৈ প্ৰেৰণ কৰিছে ৷

জনসম্পৰ্ক বিষয়া (পিআৰঅ') আৰু প্ৰতিৰক্ষা মন্ত্ৰালয়, নাগালেণ্ড, মণিপুৰ আৰু অৰুণাচল প্ৰদেশৰ মুখপাত্ৰই এক্স-ত লিখিছে, "ভাৰতীয় সেনাৰ এজন সৈনিক চিপাহী চেৰ্টো থাংথাং কম (৪১)ক ৩ জন অচিনাক্ত দুৰ্বৃত্তই অপহৰণ কৰিছিল আৰু পিছত ইম্ফল পশ্চিমৰ হেপ্পী ভেলীৰ তাৰুঙত ছুটিত থকা অৱস্থাত হত্যা কৰিছে ৷ তেওঁক মণিপুৰৰ লেইমাখঙৰ ডিএছচি প্লাটুনত নিয়োজিত কৰা হৈছিল ৷ তেওঁ পত্নী আৰু 2 টা সন্তানক এৰি গৈছে ৷"

লগতে পঢ়ক : Attempted Murder: ডিব্ৰুগড়ৰ বকুল বাইপাছত পত্নীক গাড়ীৰে খুন্দিয়াই হত্যাৰ চেষ্টা লম্পট স্বামীৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.