ETV Bharat / state

আৰক্ষীৰ এনকাউন্টাৰ সন্দৰ্ভত বিধানসভাত সৰৱ মুখ্যমন্ত্ৰী

author img

By

Published : Jul 15, 2021, 9:04 PM IST

আৰক্ষীয়ে (POLICE) আত্মৰক্ষা কৰিবলৈ অপৰাধীলৈ গুলী কৰিবলগীয়া হোৱাটো কোনো বেয়া কথা নহয় । আইনৰ ক্ষমতাৰ ওপৰতেই আৰক্ষীয়ে কাম কৰিছে । আৰক্ষীয়ে আইন ভংগ কৰিলে আৰক্ষীকো আমি প্ৰশ্ন কৰিম ।

cm_on_encounter
আৰক্ষীয়ে আত্মৰক্ষাৰ বাবে অপৰাধীলৈ গুলী কৰোটো বেয়া কথা নহয়: মুখ্যমন্ত্রী

গুৱাহাটী, ১৫ জুলাই : অসম বিধানসভাৰ (ASSAM ASSEMBLY) বাজেট অধিবেশনৰ চতুৰ্থ দিনাও সদনত এনকাউণ্টাৰৰ (ENCOUNTER) প্ৰসংগ উত্থাপন হয় । উল্লেখযোগ্য যে, আৰক্ষীৰ এনকাউণ্টাৰকলৈ শেহতীয়াকৈ উত্তপ্ত হৈ পৰিছে ৰাজ্যৰ ৰাজনীতি (POLITICES) । বৃহস্পতিবাৰে এনকাউণ্টাৰৰ সন্দৰ্ভত সদনৰ মজিয়াত বিৰোধী দলপতি দেৱব্ৰত শইকীয়াৰ (DEBBTRA SAIKIYA) এক প্ৰশ্নৰ উত্তৰত পুনৰ সৰৱ হৈ পৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা (HIMNTA BISWA SARMA)।

মুখ্যমন্ত্ৰী শৰ্মাই কয় ‘‘আৰক্ষীয়ে আত্মৰক্ষা কৰিবলৈ অপৰাধীলৈ গুলী কৰিবলগীয়া হোৱাটো কোনো বেয়া কথা নহয়। কাৰণ অপৰাধীক সেই সময়ত আইন বুজাবলৈ সময় নাথাকে । চিআৰপিচিয়ে (CRPC) দিয়া অধিকাৰ অনুসৰি আৰক্ষীয়ে কাম কৰিছে । মোৰ কাৰ্যকালত এতিয়ালৈকে ৫০৪ জন গৰু চোৰাং (cow smugglers) ব্যৱসায়ীক গ্ৰেপ্তাৰ কৰা হৈছে । আৰক্ষীয়ে ইচ্ছা কৰিলে গুলীয়াই মাৰিব পাৰিলেহেতেন । কিন্তু আৰক্ষীক সেই ক্ষমতা আমি যেতিয়াই তেতিয়াই দিব নোৱাৰো’’ ।

আৰক্ষীয়ে আত্মৰক্ষাৰ বাবে অপৰাধীলৈ গুলী কৰোটো বেয়া কথা নহয়: মুখ্যমন্ত্রী

মুখ্যমন্ত্ৰীগৰাকীয়ে লগতে কয় যে, আইনৰ ক্ষমতাৰ ওপৰতেই আৰক্ষীয়ে কাম কৰিছে । আৰক্ষীয়ে আইন ভংগ কৰিলে আৰক্ষীকো আমি প্ৰশ্ন কৰিম । মৰিগাঁৱৰ (MORIGAON) পাঠাৰ দৰে নৃশংস হত্যাকাৰী-ধৰ্ষণকাৰীয়ে আৰক্ষীৰ জিম্মাৰ পৰা পলাবলৈ ল'লে আৰক্ষীয়ে ভৰিত গুলীয়াবলৈ বাধ্য । আইনৰ শাসন চলিছে আৰু আইনৰ মতেই সকলো চলিব । বিৰোধীক কটাক্ষ কৰি মুখ্যমন্ত্রীগৰাকীয়ে কয় যে, আৰক্ষীয়ে আইনমতে কৰা কামৰ বাবে সদনে ধন্যবাদ নিদি মানৱ অধিকাৰৰ ওপৰত প্ৰশ্ন কৰাটো সঠিক নহয় । আমি অসম আৰক্ষীৰ লগত থিয় হ'ম । আৰক্ষীয়ে যিটো বেয়া কৰিব তাকো সমানে ধিক্কাৰ দিয়া হ'ব ।

‘‘অসম আৰক্ষীক বিগত দুমাহত কৰা কামৰ বাবে মই ধন্যবাদ আৰু কৃতজ্ঞতা জনাইছো । লগতে ডিজিপি, (DGP) এডিজিপিক(ADGP) আহ্বান জনাইছো যাতে কোনো নিৰপৰাধী, নিৰ্দোষী লোকে আৰক্ষীৰ পৰা শাস্তি নাপায়’’ । আৰক্ষীৰ লগত থকাৰ কথা উল্লেখ কৰি মুখ্যমন্ত্ৰীগৰাকীয়ে কয় ‘‘আৰক্ষীক যিমান সম্ভৱ স্বাধীনতা দিয়া হৈছে । গতিকে আৰক্ষীক আইন-শৃংখলা নিয়ন্ত্ৰণ, অনুসন্ধান আদিত সকলোৱে সহযোগিতা কৰক। বহিঃৰাজ্যৰ পৰা চোৰাং গৰু, চোৰাং সুৰা আহিলে সীমান্তৰ চকীতে বন্ধ কৰিব লাগিব । অসমত সোমাব নোৱাৰিলে পুলিচে গোচৰ পঞ্জীয়নেই কৰিব নালাগে’’ ।

লগতে পঢ়কঃ গো-সংৰক্ষণ বিধেয়কে উত্তৰ-পূৱত বিপদত পেলাব নেকি গেৰুৱা দলক ?

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.