ETV Bharat / state

AASU President Dipanka Kumar Nath: আছুৰ সভাপতি পদ এৰিলে দীপাংক নাথে

author img

By

Published : Dec 8, 2022, 4:17 PM IST

AASUs GU Unit Convenes Meeting
আছুৰ সভাপতি পদৰ পৰা পদত্যাগ

আছুৰ সভাপতি পদৰ পৰা পদত্যাগ দীপাংক নাথৰ ৷ আছুৰ জৰুৰী কাৰ্যনিবাহক বৈঠকত সভাপতি পদৰ পৰা পদত্যাগ কৰে নাথে ৷ বৰ্তমানলৈ ৰাজহুৱা কৰা হোৱা নাই দীপাংক নাথৰ পদত্যাগৰ কথা ৷ প্ৰতিনিধি সভাত হ’ব চূড়ান্ত সিদ্ধান্ত ৷

গুৱাহাটী, 8 ডিচেম্বৰ: আছুৰ সভাপতি দীপাংক নাথে বৃহস্পতিবাৰে আছুৰ সভাপতি পদৰ পৰা পদত্যাগ কৰে(AASU President Dipanka Kumar Nath) । গুৱাহাটী বিশ্ববিদ্যালয়ত আছুৰ কেন্দ্ৰীয় কাৰ্যালয়ত বৃহস্পতিবাৰে আহ্বান কৰা হৈছিল আছুৰ জৰুৰী কাৰ্যনিবাহক বৈঠক(All Assam Students Union) । জৰুৰী কাৰ্যনিবাহক বৈঠকতে সভাপতি পদৰ পৰা পদত্যাগ কৰে নাথে ৷ অৱশ্যে বৰ্তমানলৈ আছুৰ সভাপতি দীপাংকৰ নাথে সভাপতি পদৰ পৰা পদত্যাগ কৰাৰ কথা সাংবাদিকৰ আগত ৰাজহুৱা কৰা নাই ।

আছুৰ সভাপতি পদৰ পৰা পদত্যাগ

আনহাতে আছুৰ জৰুৰী কাৰ্যনিবাহক বৈঠক বৰ্তমানো চলি আছে । কাৰ্যনিবাহক বৈঠকৰ অন্তত সকলো কথা স্পষ্ট হৈ পৰিব । গুৱাহাটী বিশ্ববিদ্যালয়ত আছুৰ কাৰ্যনিৰ্বাহক আৰু প্ৰতিনিধি সভাত মুখ্য উপদেষ্টা ড৹ সমুজ্জল কুমাৰ ভট্টাচাৰ্য, সভাপতি দীপাংক কুমাৰ নাথ, সম্পাদক শংকৰজ্যোতি বৰুৱাৰ লগতে সকলো কাৰ্যনিবাহক সদস্য উপস্থিত থাকে । সভাত কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হয় ৷

সভাপতি দীপাংক নাথে অব্যাহতি বিচাৰি কাৰ্যনিবাহকলৈ পত্ৰ প্ৰেৰণ কৰিছে । প্ৰতিনিধি সভাতহে চূড়ান্ত সিদ্ধান্ত গ্ৰহণ কৰা হ’ব বুলি জানিব পৰা হৈছে । ইফালে পৰৱৰ্তী সভাপতিক লৈ আলোচনা চলি থকাৰ কথা জানিব পৰা হৈছে ।

লগতে পঢ়ক: Morigaon Medical College : মৰিগাঁও মেডিকেল কলেজৰ আধাৰশিলা স্থাপন মুখ্যমন্ত্ৰীৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.