ETV Bharat / state

ৰাজ্যজুৰি পালন কৰা হ'ল নেতাজী সুভাস চন্দ্ৰ বসুৰ 123 তম জন্ম জয়ন্তী

author img

By

Published : Jan 23, 2020, 11:47 PM IST

নেতাজী সুভাস চন্দ্ৰ বসুৰ ১২৩ তম জন্ম জয়ন্তী উপলক্ষে আজি মহানগৰীৰ মালিগাঁও, বাক্সাৰ পলাশবাৰী, বিলাসীপাৰা, ধুবুৰী, ফকিৰাগ্ৰাম আৰু শিলচৰত আয়োজন কৰা হ'ল ভিন্ন কাৰ্যসূচীৰ ৷

নেতাজী সুভাস চন্দ্ৰ বসু
নেতাজী সুভাস চন্দ্ৰ বসু

নিউজ ডেস্ক, 23 জানুৱাৰীঃ আজি নেতাজী সুভাস চন্দ্ৰ বসুৰ ১২৩ তম জন্ম জয়ন্তী ৷ সমগ্ৰ দেশৰ সমান্তৰালকৈ অসমৰো ভিন্ন প্ৰান্তত পালন কৰা হয় স্বাধীনতা সংগ্ৰামী বীৰ গৰাকীৰ জন্ম জয়ন্তী ৷ সেই উপলক্ষে আজি মহানগৰীৰ মালিগাঁওস্থিত নেতাজী বিদ্যাপীঠ ৰে'লৱে উচ্চতৰ মাধ্যমিক বিদ্যালয়ত অনুষ্ঠিত কৰা হৈছে বিশেষ অনুষ্ঠানৰ ৷ নেতাজীৰ জীৱনৰ বিষয়ে ছাত্ৰ-ছাত্ৰীক বিতংভাৱে অৱগত কৰিবলৈ এক আলোচনা চক্ৰৰো আয়োজন কৰে বিদ্যালয় খনত ৷

বাক্সাঃ বাক্সাৰ কুমাৰীকাটা আঙাৰকাটাৰ পলাশবাৰীতো দিনজোৰা কাৰ্যসূচীৰে পালন কৰা হয় বিশ্ব বৰণ্য ব্যক্তিগৰাকীৰ জন্ম জয়ন্তী ৷ পলাশবাৰীৰ নেতাজী যুৱক সংঘৰ সৌজন্যত বৃহৎ সাংস্কৃতিক শোভাযাত্ৰা উলিয়াই, স্থানীয় লোকসকলৰ সহযোগত অনুষ্ঠিত কৰে এখন মুকলি সভা ৷

বিলাসীপাৰাঃ বিলাসীপাৰাতো সদৌ অসম বঙালী যুৱ ফেডাৰেশ্যন বিলাসীপাৰা আঞ্চলিক কমিটি আৰু মিলন সংঘৰ সহযোগত, দিনজোৰা বিভিন্ন কাৰ্যসূচীৰে উদযাপন কৰিলে নেতাজীৰ ১২৩ তম জন্ম জয়ন্তী ৷ বিলাসীপাৰাত নেতাজীৰ জন্ম জয়ন্তী উপলক্ষে উলিওৱা শোভাযাত্ৰাৰ আনুষ্ঠানিক ভাৱে উদ্বোধন কৰে, মহকুমাধিপতি মাননীয় মৃদুল যাদৱ দেৱে ৷

ধুবুৰীঃ ইয়াৰ সমান্তৰালকৈ ধুবুৰীটো নেতাজীৰ ১২৩ তম জন্ম জয়ন্তী উপলক্ষে ধুবুৰী চহৰৰ নেতাজী মোৰত, অৱস্থিত নেতাজীৰ প্ৰতিমূৰ্তিত পতাকা উত্তোলন কৰি এক চিত্ৰাংকণ প্ৰতিযোগিতা অনুষ্ঠিত কৰা হয় ৷ এই কাৰ্যসূচীত উদযাপন সমিতিৰ লগতে জিলা অতিৰিক্ত উপায়ুক্ত অনিমেশ তালুকদাৰৰ সৈতে কেইবাগৰাকীও বিশিষ্ট ব্যক্তি উপস্থিত থাকে ৷

ৰাজ্যজুৰি পালন কৰা হ'ল নেতাজী সুভাস চন্দ্ৰ বসুৰ 123 তম জন্ম জযন্তী

ফকিৰাগ্ৰামঃ সদৌ বিটিচি বেংগলী যুৱ ছাত্ৰ পৰিষদ কোকৰাঝাৰ জিলা সমিতি আৰু ফকিৰাগ্ৰাম আঞ্চলিক সমিতিৰ যৌথ উদ্যোগত ফকিৰাগ্ৰামতো নেতাজী সুভাষ চন্দ্ৰ বসুৰ জন্ম জয়ন্তী পালন কৰা হয় ৷ জন্ম জয়ন্তী উপলক্ষে ফকিৰাগ্ৰামত শোভাযাত্ৰাৰ উলিওৱাৰ লগতে অনুষ্ঠিত কৰে এখন মুকলি সভা ৷

শিলচৰঃ পিছ পৰি নৰ'ল শিলচৰ চহৰো ৷ শিলচৰ চহৰতো উছাহেৰে পালন কৰা হৈছে নেতাজী সুভাষ চন্দ্ৰ বসুৰ 123 তম জন্ম জয়ন্তী ৷ নেতাজীৰ জন্ম জয়ন্তী উপলক্ষে শিলচৰৰ সকলো বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী সকলে পেৰেড কৰি চহৰৰ প্ৰধান পথসমূহ পৰিক্ৰমা কৰে ৷ অনুষ্ঠানৰ পতাকা উত্তোলন কৰে প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী কবীন্দ্ৰ পুৰকায়স্থই ৷

এনেদৰে আজি ৰাজ্যৰ ভিন্ন স্থানত ভিন্ন কাৰ্যসূচীৰে পালন কৰা হয় নেতাজী চন্দ্ৰৰ বসু 123 তম জন্ম জয়ন্তী ৷

লগতে পঢ়ক ঃ শুৱালকুচিত সাহিত্য সভাৰ অধিৱেশনস্থলী পৰিদৰ্শন অতিৰিক্ত আৰক্ষী মহাপৰিদৰ্শকৰ

Intro:Story:- আন আন প্ৰান্তৰ দৰে বিলাসীপাৰাতো নেতাজী সুভাষ চন্দ্ৰ বসুৰ ১২৩ তম জন্ম জয়ন্তী পালন ।



Body:.A.I:- আজি নেতাজী সুভাষ চন্দ্ৰ বসুৰ ১২৩ তম জন্ম জয়ন্তী। দেশৰ আন আন প্ৰান্তৰ লগতে বিলাসীপাৰা চহৰতো সদৌ অসম বাঙালী যুৱ ফেডাৰেচন বিলাসীপাৰা আঞ্চলিক কমিটি আৰু মিলন সংঘৰ সহযোগত দিনজোৰা বিভিন্ন কাৰ্যসূচীৰে উদযাপন কৰিব লৈছে বিশ্ববৰেণ্য নেতা নেতাজী সুভাষ চন্দ্ৰ বসুৰ। ৰাতিপুৱা ৯ বজাত জাতীয় পতাকা উত্তোলন কৰে বিধায়ক অশোক কুমাৰ সিংহী দেৱে , নেতাজীক মাল্যার্পন কৰে প্ৰাক্তন অধ্যক্ষ অমূল্য কুমাৰ কৰ্মকাৰ দেৱে, বন্তি প্ৰজ্বলন কৰে সমাজ সেৱক নৰেন্দ্ৰ সেঠীয়া। জীৱন্ত নেতাজী সজাই বিভিন্ন জাতি জনজাতীয় কৃষ্টি কলাৰে উলিওৱা হয় এক বিশাল শোভাযাত্ৰা। উক্ত শোভাযাত্ৰা আনুষ্ঠানিক ভাৱে উদ্বোধন কৰে মহকুমাধিপতি মাননীয় মৃদুল যাদৱ দেৱে।

Conclusion:বাইট:- 1+2 সদৌ অসম বাঙালী যুৱ ফেডাৰেচন কৰ্ম কৰ্তা।

পশ্চিম বিলাসীপাৰা পৰা
আমিনুৰ ইছলাম
ইটিভি ভাৰত অসম।
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.