ETV Bharat / state

BJPs strategy for election:লোকসভা নিৰ্বাচনকলৈ বিশেষ তৎপৰতা বিজেপিৰ

author img

By

Published : Jul 13, 2022, 2:25 PM IST

t
r

অসমত দখলত নথকা সমষ্টিত সংগঠন শক্তিশালী কৰাৰ দায়িত্ব দিয়া হৈছে ৰাজ্যসভাৰ সাংসদক। কেন্দ্রীয় মন্ত্রী সর্বানন্দ সোণোৱালক কলিয়াবৰ সমষ্টিৰ দায়িত্ব অৰ্পণ(Central minister Sarbananda Sonowal )। নগাঁও লোকসভা সমষ্টিৰ বাবে নিযুক্তি দিয়া হৈছে ৰাজ্যসভাৰ সাংসদ কামাখ্যা প্রসাদ তাছাক। আনহাতে, ধুবুৰী সমষ্টিৰ বাবে নিযুক্তি দিয়া হৈছে ৰাজ্যসভাৰ সাংসদ পৱিত্র মাৰ্ঘেৰিটাক।

গুৱাহাটী,১৩ জুলাইঃ লোকসভা নিৰ্বাচনলৈ সময় আছে যদিও শাসকীয় দল বিজেপি নিশ্চিত মনে বহি থকা নাই (BJPs strategy for Lok Sabha election 2024in Assam)। নিজৰ ভেঁটি শক্তিশালী হৈ থকাৰ পিছতো বিজেপিয়ে ভিতৰে ভিতৰে সাজু হৈছে ২০২৪ৰ লোকসভা নিৰ্বাচনৰ বাবে। বিৰোধী দলসমূহৰ দুৰ্বল স্থিতিৰ বিপৰীতে বিজেপি অধিক শক্তিশালী ৰূপত আগুৱাইছে। অসমত বিজেপিৰ দখলত নথকা সংসদীয় সমষ্টিসমূহ ২০২৪ত নিজৰ দখলত অনাৰ বাবে এতিয়াৰে পৰাই বিজেপিয়ে বিশেষ ৰণকৌশল অৱলম্বন কৰিছে।

lok sabha
BJPs strategy for election:লোকসভা নিৰ্বাচনকলৈ বিশেষ তৎপৰতা বিজেপিৰ

বিজেপিৰ সাংসদ নথকা সমষ্টিত সংগঠন শক্তিশালী কৰাৰ বাবে দলটোৰ ৰাষ্ট্ৰীয় কমিটীয়ে নিযুক্তি দিছে একাংশ সাংসদক। ২০২৪ চনৰ লোকসভা নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখি সমষ্টি অনুযায়ী সাংসদসকলক নিযুক্তি দিয়া হৈছে। জানিব পৰা মতে,কেন্দ্রীয় মন্ত্রী সর্বানন্দ সোণোৱালক কলিয়াবৰ সমষ্টিৰ দায়িত্ব অর্পণ কৰা হৈছে (Central minister Sarbananda Sonowal for Koliyabar constituency)। সেইদৰে নগাঁও লোকসভা সমষ্টিৰ বাবে নিযুক্তি দিয়া হৈছে ৰাজ্যসভাৰ সাংসদ তথা দলটোৰ মুখ্য মুখপাত্র কামাখ্যা প্রসাদ তাছাক (MP Kamakhya Prasad Tasha)। ধুবুৰী সমষ্টিত নিযুক্তি দিয়া হৈছে ৰাজ্যসভাৰ সাংসদ পৱিত্র মাৰ্ঘেৰিটাক (MP Pabitra Margherita for Dhubri)।

assam
MP Pabitra Margherita

উল্লেখ্য় যে বিজেপিয়ে সমগ্র দেশতে নিজৰ দখলত নথকা সমষ্টিসমূহত সংগঠন শক্তিশালী কৰিবলৈ একাংশ সাংসদক দায়িত্ব অৰ্পণ কৰিছে। অসমত লোকসভাৰ ১৪টা সমষ্টিৰ ভিতৰত ৯টা বিজেপিৰ দখলত আছে। বাকী থকা সমষ্টিকেইটাৰ ভিতৰত বৰপেটা, কলিয়াবৰ আৰু নগাঁও কংগ্ৰেছৰ দখলত আছে। আনহাতে, ধুবুৰী এ আই ইউ ডি এফৰ আৰু কোকৰাঝাৰ আছে নির্দলীয়ৰ দখলত। কিন্তু এইবাৰ বিজেপিয়ে এই ৫ টা সমষ্টিৰ ওপৰতো চকু দিছে। বিশেষকৈ নগাঁও, কলিয়াবৰ আৰু ধুবুৰী দখল কৰিবলৈ সক্ষম হ’ব বুলি ৰাষ্ট্ৰীয় নেতৃত্বই আশা কৰিছে। সেইমৰ্মে কংগ্ৰেছৰ গৌৰৱ গগৈৰ দখলত থকা কলিয়াবৰত সংগঠন অধিক শক্তিশালী কৰাত মনোনিৱেশ কৰিবলৈ দলটোৰ ৰাষ্ট্ৰীয় নেতৃত্বই সমষ্টিটোত কেন্দ্রীয় মন্ত্রী সর্বানন্দ সোণোৱালক দায়িত্ব অর্পণ কৰিছে।

assam
Central minister Sarbananda Sonowal

উল্লেখ্য় যে লোকসভাৰ সাংসদসকল নিজ নিজ সমষ্টিত ব্যস্ত থাকিব লাগিব বাবেই ৰাজ্যসভাৰ সাংসদসকলক এনেদৰে সমষ্টি অনুযায়ী দায়িত্ব অর্পণ কৰিছে দলীয় নেতৃত্বই। এতিয়া ২০২৪ চনৰ লোকসভাৰ নির্বাচন পর্যন্ত কেন্দ্রীয় মন্ত্রী সর্বানন্দ সোণোৱাল কলিয়াবৰ সমষ্টিত সংগঠন শক্তিশালী কৰাত জড়িত থাকিব। সেইদৰে সাংসদ প্ৰদ্যুৎ বৰদলৈৰ দখলত থকা নগাঁও সমষ্টিৰ সকলো সাংগঠনিক দায়িত্ব চোৱা-চিতা কৰিব সাংসদ কামাখ্যা প্রসাদ তাছাই। তাছা যিহেতু ৰাজ্য সভাৰ সাংসদ,সেয়ে লোকসভাৰ নিৰ্বাচন পর্যন্ত দায়িত্ব চম্ভালিবলৈ ৰাষ্ট্ৰীয় কমিটীয়ে তেওঁক নগাঁও লোকসভা সমষ্টিৰ দায়িত্ব অর্পণ কৰিছে।

assam
MP Kamakhya Prasad Tasha

ইফালে,সংসদৰ উচ্চ সদনলৈ নির্বাচিত হৈয়েই ধুবুৰী সমষ্টিত সংগঠন শক্তিশালী কৰাৰ দায়িত্ব লাভ কৰিছে পৱিত্ৰ মাৰ্ঘেৰিটাই। ধুবুৰী সমষ্টি এ আই ইউ ডি এফৰ সভাপতি বদৰুদ্দিন আজমলৰ হাতত আছে যদিও এইবাৰ সংখ্যালঘু ভোট বিজেপিয়ে লাভ কৰিব বুলি আশা কৰা হৈছে (AIUDF president Badruddin Ajmal)। বিশেষকৈ সংখ্যালঘু সম্প্ৰদায়ৰ পাঁচটা জনগোষ্ঠীক খিলঞ্জীয়াৰ স্বীকৃতি দিয়াৰ পৰিপ্ৰেক্ষিতত এই খিলঞ্জীয়া জনগোষ্ঠীসমূহৰ কিছু সংখ্যক ভোট বিজেপিয়ে লাভ কৰিব বুলি আশা কৰা হৈছে। সাংসদ পৱিত্ৰ মাৰ্ঘেৰিটাই এতিয়া দায়িত্ব সহকাৰে ধুবুৰীত দলীয় সংগঠন শক্তিশালী কৰিব লাগিব।

আনহাতে,কংগ্ৰেছৰ দখলত থকা বৰপেটা সমষ্টি বিজেপিয়ে সহজে লাভ কৰিব পাৰিব বুলি নিশ্চিত হ’ব পৰা নাই দলীয় নেতৃত্ব। অৱশ্যে নিৰ্দলীয় নৱ কুমাৰ শৰণীয়াৰ দখলত থকা কোকৰাঝাৰ সমষ্টি বিজেপিয়ে মিত্রদল ইউ পি পি এলৰ জৰিয়তে দখলৰ স্বপ্ন দেখিছে (Independent Nav Kumar Sharaniya)। এই পাঁচটা সমষ্টিৰ ভিতৰত তিনিটা যিকোনো প্ৰকাৰে দখল কৰিবলৈ গেৰুৱা দলটো এতিয়াৰ পৰাই উঠিপৰি লাগিছে।

লগতে পঢ়ক:Gujarat 2002 Riots: প্ৰাক্তন আইপিএছ বিষয়া সঞ্জীৱ ভাটক গ্ৰেপ্তাৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.