ETV Bharat / state

Bharat Jodo Yatra : কংগ্ৰেছৰ ভাৰত জোড়ো যাত্ৰাক তীব্ৰ কটাক্ষ পবিত্ৰ মাৰ্ঘেৰিটাৰ

author img

By

Published : Nov 1, 2022, 3:36 PM IST

Updated : Nov 1, 2022, 4:05 PM IST

কংগ্ৰেছৰ ভাৰত জোড়ো যাত্ৰা অসমক তীব্ৰ কটাক্ষ বিজেপি সাংসদ পবিত্ৰ মাৰ্ঘেৰিটাৰ (Pabitra Margherita slammed Bharat Jodo Yatra) ।

BJP
BJP

গুৱাহাটী, ১ নৱেম্বৰ : কংগ্ৰেছৰ ভাৰত জোড়ো যাত্ৰা অসমক তীব্ৰ কটাক্ষ বিজেপি সাংসদ পবিত্ৰ মাৰ্ঘেৰিটাৰ (Pabitra Margherita slammed Bharat Jodo Yatra) । মঙলবাৰে ভাৰতীয় জনতা পাৰ্টী, অসম প্ৰদেশৰ বশিষ্ঠস্থিত কাৰ্যালয়ত অনুষ্ঠিত এক সংবাদমেলত ৰাজ্যিক বিজেপিৰ মুখপাত্ৰ, সাংসদ তথা মুখ্যমন্ত্ৰীৰ ৰাজনৈতিক সচিব পবিত্ৰ মাৰ্ঘেৰিটাই সংবাদমেল সম্বোধন কৰি কংগ্ৰেছৰ ভাৰত জোড়ো যাত্ৰা অসমক তীব্ৰ কটাক্ষ কৰে (Bharat Jodo Yatra Assam) ।

কংগ্ৰেছৰ ভাৰত জোড়ো যাত্ৰাক তীব্ৰ কটাক্ষ পবিত্ৰ মাৰ্ঘেৰিটাৰ

তেওঁ কয় যে অসম প্ৰদেশ কংগ্ৰেছৰ এই যাত্ৰা ইঞ্জিনবিহীন যাত্ৰা । এই যাত্ৰা এটা ফ্লপ শ্ব' মাত্ৰ । উল্লেখ্য যে আজিৰে পৰা নিখিল ভাৰত কংগ্ৰেছৰ ভাৰত জোড়ো যাত্ৰাৰ অংশ হিচাপে অসম প্ৰদেশ কংগ্ৰেছে অসমত ভাৰত জোড়ো অসম যাত্ৰা আৰম্ভ কৰিছে । বিজেপি চৰকাৰৰ অপশাসনৰ বিৰুদ্ধে কংগ্ৰেছৰ এই যাত্ৰা (BJP criticized Bharat Jodo Yatra) ।

বিজেপিৰ সাংসদ পবিত্ৰ মাৰ্ঘেৰিটাই কয়- কংগ্ৰেছৰ নেতা ৰাহুল গান্ধীয়ে কেৰালাৰ পৰা কন্যাকুমাৰীলৈ যাত্ৰা কৰি আছে (Rahul Gandhi Bharat Jodo Yatra) । উত্তৰ-পূৰ্বাঞ্চলৰ আঠখন ৰাজ্যতে বিজেপিৰ শাসন থকাৰ বাবে ৰাহুল গান্ধীয়ে অসমলৈ আহিবলৈ ভয় কৰে । তেওঁ কয় যে কংগ্ৰেছ দলে কেতিয়াও অসমক ভাৰতৰ অংগ বুলি নাভাবে ।

কংগ্ৰেছৰ চালিকা শক্তি গান্ধী পৰিয়ালে কেতিয়াও অসমক ভাৰতৰ অংগ বুলি গণ্য নকৰে । আনহাতে, পবিত্ৰ মাৰ্ঘেৰিটাই আগন্তুক দেউৰী স্বায়ত্তশাসিত পৰিষদৰ নিৰ্বাচন সম্পৰ্কত কয় যে বিজেপি আৰু বিজেপিৰ মিত্ৰজোঁটে দেউৰী স্বায়ত্তশাসিত পৰিষদৰ ২২খন আসনতে প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছে । বিজেপি আৰু ইয়াৰ মিত্ৰজোঁটে দেউৰী স্বায়ত্তশাসিত পৰিষদৰ ২২খন আসনতে জয়লাভ কৰিব বুলি পবিত্ৰ মাৰ্ঘেৰিটাই ঘোষণা কৰে ।

উল্লেখ্য, আগন্তুক লোকসভা নিৰ্বাচনৰ (Lok Sabha Election 2024) প্ৰতি লক্ষ্য ৰাখি কংগ্ৰেছে আৰম্ভ কৰা 'ভাৰত জোড়ো যাত্ৰা'ৰ অসমত ১ নৱেম্বৰৰ পৰা আনুষ্ঠানিকভাৱে আৰম্ভ হৈছে (Bharat Jodo Yatra in Assam) । প্ৰায় ৭০ দিনত এই যাত্ৰাই ধুবুৰীৰ পৰা শদিয়ালৈকে মুঠ ৮৩৪ কিলোমিটাৰ বাট সম্পূৰ্ণ কৰিব ৷

ধুবুৰী জিলাৰ গোলোকগঞ্জ চহৰৰ পৰা আৰম্ভ হোৱা এই 'ভাৰত জোড়ো যাত্ৰা'ই বঙাইগাঁও, বৰপেটা, নলবাৰী, কামৰূপ, গুৱাহাটী মহানগৰ, মৰিগাঁও, নগাঁও, গোলাঘাট, যোৰহাট, শিৱসাগৰ, ডিব্ৰুগড় আৰু তিনিচুকীয়া জিলাৰ মাজেৰে আগবাঢ়ি শদিয়াত সমাপ্ত হ’ব । এই যাত্ৰাই কংগ্ৰেছ নেতা-কৰ্মীসকলৰ উপৰি সৰ্বসাধাৰণ ৰাইজ, বিভিন্ন দল-সংগঠনৰ বিপুল সঁহাৰি লাভ কৰিব বুলি আশা কৰিছে প্ৰদেশ কংগ্ৰেছৰ নেতৃবৰ্গই (Assam Bharat Jodo Yatra schedule)।

লগতে পঢ়ক :Gujarat Morbi Tragedy: ২ নৱেম্বৰত গুজৰাটে পালন কৰিব শোক দিৱস

Last Updated :Nov 1, 2022, 4:05 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.