ETV Bharat / bharat

Gujarat Morbi Tragedy: ২ নৱেম্বৰত গুজৰাটে পালন কৰিব শোক দিৱস

author img

By

Published : Nov 1, 2022, 10:59 AM IST

"গুজৰাট চৰকাৰে ২ নৱেম্বৰত ৰাজ্যজুৰি শোক পালন কৰাৰ সিদ্ধান্ত লৈছে (2 November mourn day in Gujrat) । উক্তদিনা ৰাজ্যখনত ৰাষ্ট্ৰীয় পতাকা অৰ্ধনমিতকৈ উত্তোলন কৰা হ'ব আৰু কোনো ধৰণৰআনুষ্ঠানিক অনুষ্ঠান অনুষ্ঠিত কৰা নহ'ব ।" গুজৰাটৰ মুখ্যমন্ত্ৰী ভূপেন্দ্ৰ পেটেলে এক টুইটত এই কথা প্ৰকাশ কৰে । তেওঁ লগতে জানিবলৈ দিয়ে যে প্ৰধানমন্ত্ৰীৰ অধ্যক্ষতাত অনুষ্ঠিত এক উচ্চ পৰ্যায়ৰ বৈঠকত এই সিদ্ধান্ত গ্ৰহণ কৰা হয় ।

Morbi
Morbi

নেচনেল ডেস্ক, ১ নৱেম্বৰ : বিগত দশকটোত ভাৰতত সংঘটিত আটাইতকৈ শোকাৱহ দুৰ্ঘটনাবোৰৰ ভিতৰত এটা বুলি কোৱা গুজৰাটৰ মৰ্বি দুৰ্ঘটনাৰ তদন্ত আগবাঢ়ি আছে (Gujrat Morbi tragic accident) । অনুসন্ধানকাৰী বিষয়াসকলে প্ৰকাশ কৰা মতে, এতিয়ালৈকে 134 জন লোকৰ জীৱন কাঢ়ি নিয়া শোকাৱহ দুৰ্ঘটনাটোৰ বাবে কাৰিকৰী আৰু গাঁথনিগত ত্ৰুটি আৰু কিছুমান মৌলিক তত্ত্বাৱধানৰ সমস্যা দায়ী (134 died in Morbi tragedy) ।

উল্লেখ্য, উক্ত শোকাৱহ দুৰ্ঘটনাত এতিয়াও আন বহুতো লোক সন্ধানহীন হৈ আছে । ইফালে, সোমবাৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ অধ্যক্ষতাত অনুষ্ঠিত পৰিস্থিতি পৰ্যালোচনা বৈঠকত (PM Narendra Modi review Morbi situation) লোৱা সিদ্ধান্ত অনুসৰি গুজৰাট চৰকাৰে মৰ্বি দলং খহি পৰা লোকসকলক শ্ৰদ্ধাঞ্জলি জনোৱাৰ বাবে ২ নৱেম্বৰত ৰাজ্যজুৰি শোক পালনৰ ঘোষণা কৰিছে (2 November mourn day in Gujrat) ।

"গুজৰাট চৰকাৰে ২ নৱেম্বৰত ৰাজ্যজুৰি শোক পালন কৰাৰ সিদ্ধান্ত লৈছে । ৰাজ্যখনত ৰাষ্ট্ৰীয় পতাকা অৰ্ধনমিতভাৱে উত্তোলন কৰা হ'ব আৰু কোনো আনুষ্ঠানিক অনুষ্ঠান অনুষ্ঠিত কৰা নহ'ব ।" গুজৰাটৰ মুখ্যমন্ত্ৰী ভূপেন্দ্ৰ পেটেলে (Gujarat CM Bhupendra Patel) এনেদৰে টুইট কৰে । লগতে তেওঁ জানিবলৈ দিয়ে যে প্ৰধানমন্ত্ৰীৰ অধ্যক্ষতাত অনুষ্ঠিত এক উচ্চ পৰ্যায়ৰ বৈঠকত এই সিদ্ধান্ত গ্ৰহণ কৰা হয় (Morbi bridge collapse) ।

সোমবাৰে সংবাদ মাধ্যমৰ সৈতে বাৰ্তালাপত ৰাজকোট ৰেঞ্জৰ আইজি অশোক কুমাৰ যাদৱে কয় যে আৰক্ষীয়ে ঘটনাটোৰ সৈতে সম্পৰ্কিত সকলো দিশ অনুসন্ধান কৰিবলৈ ফৰেনচিক বিশেষজ্ঞ আৰু গাঁথনিগত অভিযন্তাসকলৰ পৰা সহায় ল'ব । "আমাৰ প্ৰাথমিক অনুসন্ধানে প্ৰকাশ কৰিছে যে প্ৰমাণ-পত্ৰৰ অভাৱ আৰু লগতে কিছুমান ৰক্ষণাবেক্ষণৰ সমস্যাৰ দৰে কাৰিকৰী আৰু গাঁথনিগত ত্ৰুটি দুৰ্ঘটনাটোৰ বাবে দায়ী ।" যাদৱে কয় ।

আনহাতে, তদন্ত চলি থকাৰ সময়ত পোহৰলৈ অহা ঘটনাটোৰ চিচি টিভি ফুটেজে স্পষ্টভাৱে ইংগিত দিছে যে দলংখনত উপস্থিত থকা লোকসকলে হয়তো দুৰ্ঘটনাটো নিজে মাতি আনিছিল । কিয়নো তেওঁলোকক উদ্দেশ্যপ্ৰণোদিতভাৱে দলংখনৰ তাঁৰবোৰত জঁপিয়াই থকা আৰু জোকাৰি থকা দেখা গৈছিল । তাৰ পিছত হঠাতে এডাল চাচপেনশ্বন কেবল ভিডিঅ'টোত দেখা যায় আৰু মানুহখিনি নদীত পৰে ।

ইফালে কিছুমান সংবাদ মাধ্যমৰ প্ৰতিবেদনত দাবী কৰা হৈছে যে বিষয়াসকলে সোমবাৰে অপৰাধমূলক নৰহত্যাৰ বাবে নজন লোকক গ্ৰেপ্তাৰ কৰিছে । ইয়াৰে ভিতৰত মৰ্বি চাচপেনশ্বন দলং পৰিচালনা কৰি থকা অৰেভা গ্ৰুপৰ চাৰিজন কৰ্মচাৰী আছে । উল্লেখ্য, পুনৰ নৱীকৰণৰ পিছত পুনৰ মুকলি কৰাৰ চাৰি দিন পিছত দেওবাৰে সন্ধিয়া খহি পৰা ব্ৰিটিছ যুগৰ দলংখন উক্ত অৰেভা গ্ৰুপে ৰক্ষণাবেক্ষণ আৰু পৰিচালনাৰ চুক্তি লাভ কৰিছিল । "এই নজনৰ ভিতৰত দুজনে মেনেজাৰ । আনহাতে, দুজনে দলং স্থানত টিকট বুকিং ক্লাৰ্ক হিচাপে কাম কৰে (চাৰিওজনকে অৰেভা গ্ৰুপে নিযুক্তি দিয়া) । আমি এক পুংখানুপুংখ তদন্ত কৰিম আৰু দোষীক এৰি নিদিওঁ ।" যাদৱে এক সংবাদমেলত কয় ।

আনহাতে, আন পাঁচজন অভিযুক্তৰ ভিতৰত আছে অৰেভা গ্ৰুপৰ দ্বাৰা নিয়োগ কৰা দুজন মেৰামতি ঠিকাদাৰ আৰু তিনিজন দলংখনত নিৰাপত্তাৰক্ষী হিচাপে কাম কৰা ব্যক্তি । তেওঁ লগতে কয় । আটাইকেইজনৰ বিৰুদ্ধে ভাৰতীয় দণ্ডবিধিৰ ধাৰা 304 (অপৰাধমূলক নৰহত্যাৰ বাবে শাস্তি) আৰু 308 (অপৰাধমূলক হত্যাকাণ্ডৰ চেষ্টা) ধাৰাত গোচৰ ৰুজু কৰা হৈছে । অৱশ্যে মৰ্বিৰ অধীক্ষক আৰক্ষী ৰাহুল ত্ৰিপাঠীয়ে এই কথা অস্বীকাৰ কৰি দাবী কৰিছে যে যদিও বিষয়টোত এজাহাৰ দাখিল কৰা হৈছিল, এতিয়ালৈকে কাকো গ্ৰেপ্তাৰ কৰা হোৱা নাই ।

"ঘটনাটোত মুঠ ১৩৪ জন লোকৰ মৃত্যু হৈছে আৰু ১০ জন এতিয়াও চিকিৎসাধীন হৈ আছে । জীৱিত অৱস্থাত উদ্ধাৰ কৰা ৫৬ জন লোকক ইতিমধ্যে যাবলৈ দিয়া হৈছে । এতিয়ালৈকে কোনো ব্যক্তি সন্ধানহীন হোৱা নাই । অৱশ্যে আমি কাইলৈ আমাৰ অনুসন্ধান আৰু উদ্ধাৰ অভিযান অব্যাহত ৰাখিম । যদি কোনো সন্ধানহীন ব্যক্তিৰ বিষয়ে কোনো তথ্য থাকে তেন্তে মানুহে আমাৰ সৈতে যোগাযোগ কৰিব পাৰে ।" যাদৱে লগতে কয় ।

লগতে পঢ়ক :Assam Arunachal border dispute : অসম অৰুণাচলৰ সীমা সমস্যা শীঘ্ৰে সমাধনৰ পথত

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.