ETV Bharat / state

Ajmal vs Himanta: অসমৰ মহিলাই বেছি সন্তান জন্ম দিলে ভৰণ-পোষণৰ দায়িত্ব আজমলে ল’ব লাগিব; মুখ্য়মন্ত্ৰী

author img

By

Published : Dec 9, 2022, 11:06 AM IST

লোকসভাৰ সাংসদ বদৰুদ্দিন আজমলক তীব্ৰ কাটক্ষ কৰি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কয় যে, এ আই ইউ ডি এফৰ মুৰব্বীগৰাকীৰ কথিত পৰামৰ্শ অনুসৰি মহিলাই "২০-২৫টা সন্তান" জন্ম দিব পাৰে ৷ কিন্তু তেওঁলোকৰ ভৱিষ্যতৰ খাদ্য, কাপোৰ-কানি আৰু শিক্ষাৰ সকলো খৰচ ধুবুৰীৰ সাংসদগৰাকীয়ে বহন কৰিব লাগিব (Himanta Biswa Sarma slamms Ajmal) ৷

Himanta Biswa Sarma slamms Ajmal
Himanta Biswa Sarma slamms Ajmal

নিউজ ডেস্ক, 9 ডিচেম্বৰ: অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই বৃহস্পতিবাৰে কয় যে, তেওঁৰ দল মুছলমান পুৰুষৰ একাধিক পত্নী হোৱাৰ বিৰোধী। কিন্তু বিৰোধী কংগ্ৰেছে কয় যে, ৰাজনৈতিক বক্তব্য দিয়াৰ পৰিৱৰ্তে চৰকাৰে এনে আইন আনিব লাগে যাতে মুছলমান পুৰুষে পূৰ্বৰ পত্নীক বিবাহ বিচ্ছেদ নকৰাকৈ যাতে, একাধিক পত্নীক বিয়া কৰাব নোৱাৰে । লোকসভাৰ সাংসদ বদৰুদ্দিন আজমলক তীব্ৰ কাটক্ষ কৰি মুখ্যমন্ত্ৰী শৰ্মাই কয় যে, এ আই ইউ ডি এফৰ মুৰব্বীগৰাকীৰ কথিত পৰামৰ্শ অনুসৰি মহিলাই "২০-২৫টা সন্তান" জন্ম দিব পাৰে ৷ কিন্তু তেওঁলোকৰ ভৱিষ্যতৰ খাদ্য, কাপোৰ-কানি আৰু শিক্ষাৰ সকলো খৰচ ধুবুৰীৰ সাংসদগৰাকীয়ে বহন কৰিব লাগিব (Himanta Biswa Sarma slamms Ajmal) ৷

এক চৰকাৰী কাৰ্যসূচীত ভাষণ দি মুখ্যমন্ত্ৰীয়ে কয়, স্বাধীন ভাৰতত বাস কৰা এজন পুৰুষে পূৰ্বৰ পত্নীৰ সৈতে বিবাহ বিচ্ছেদ নকৰাকৈ তিনি-চাৰি মহিলাক বিয়া কৰাব নোৱাৰে । আমি এই ব্যৱস্থাটো সলনি কৰিব বিচাৰো (BJP is against Muslim men having multiple wives) । মুছলমান মহিলাৰ ন্যায়ৰ বাবে আমি কাম কৰিব লাগিব । শৰ্মাই ক’লে, আমাক ’’সবকা সাথ সবকা বিকাশ’’ লাগে । যদি অসমৰ হিন্দু পৰিয়ালৰ পৰা সন্তান ডাক্তৰ হয়, তেন্তে মুছলমান পৰিয়ালৰ পৰাও ডাক্তৰ থাকিব লাগে । বহু বিধায়কে ‘পমুৱা’ মুছলমানৰ ভোট বিচৰাৰ বাবে এনে উপদেশ নিদিয়ে ।

  • Morigaon, Assam | Muslim girls can’t study in school and Muslim men will marry 2-3 women, we are against this system. We want ‘Sabka Saath Sabka Vikas’: CM HB Sarma (08.12) pic.twitter.com/4uykM5jDMt

    — ANI (@ANI) December 9, 2022 " class="align-text-top noRightClick twitterSection" data=" ">

পূৰ্ববংগ বা বৰ্তমানৰ বাংলাদেশৰ বাংলাভাষী মুছলমানসকলক অসমত কথিত ভাষাত ‘পমুৱা মুছলমান’ বুলি কোৱা হয় (Pomua Muslims in Assam) । এই বিবৃতিৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কংগ্ৰেছ বিধায়ক তথা বিধানসভাত বিৰোধীৰ উপ-দলপতি ৰকিবুল হুছেইনে কয় যে, বিজেপি নেতৃত্বাধীন চৰকাৰে এই স্পৰ্শকাতৰ বিষয়টোক ধৰ্মৰ সৈতে সংযোগ কৰি ৰাজনীতিকৰণৰ চেষ্টা চলাইছে ।

তেওঁ কয়, ‘‘চৰকাৰে সংবিধানৰ শপত গ্ৰহণ কৰে আৰু ইয়াৰ পৰিসৰৰ ভিতৰত কাম কৰিব লাগে । তেওঁলোকে বহুবিবাহক অন্যায় বুলি গণ্য কৰে, গতিকে মুছলমান পুৰুষৰ একাধিক বিবাহ বন্ধ কৰিবলৈ আইন আনিব লাগে’’ । তাকে নকৰি তেওঁলোকে কিয় ৰাজনৈতিক বক্তব্য দি আছে বুলিও হুছেইনে প্ৰশ্ন তোলে ৷ হুছেইনে লগতে কয় যে, হিন্দু ধৰ্মকে ধৰি সকলো ধৰ্মতে বহুবিবাহৰ অনুমতি আছিল যদিও ১৯৫০ চনত হিন্দু সংহিতা বিধেয়ক গৃহীত হোৱাৰ পিছত ইয়াক নিষিদ্ধ কৰা হৈছিল ।

লগতে পঢ়ক: Ajmal Controversial Statement : ক্ষমা খুজিলেই সকলো শেষ হৈ নাযায়: জয়ন্ত মল্ল বৰুৱা

মহিলা সন্দৰ্ভত আজমলৰ বিতৰ্কিত মন্তব্যৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি মুখ্যমন্ত্ৰী শৰ্মাই কয়, "অসমত আমাৰ বদৰুদ্দিন আজমলৰ দৰে কিছুমান নেতা আছে । তেওঁলোকে কয় যে, মহিলাই যিমান পাৰি সিমান সন্তান জন্ম দিব লাগে কাৰণ ই এখন উৰ্বৰ ভূমি" (BJP is against Muslim men having multiple wives) ৷

মুখ্যমন্ত্ৰীয়ে লগতে কয়, ‘‘এগৰাকী মহিলাৰ প্ৰসৱ প্ৰক্ৰিয়াক কোনো মাটিৰ লগত তুলনা কৰিব নোৱাৰি । এটা পৰিয়ালে যিমান সন্তান জন্ম দিব পাৰে সিমানেই খাদ্য, কাপোৰ-কানি আৰু শিক্ষাৰ ব্যৱস্থা কৰি তেওঁলোকক উন্নত মানুহ কৰি তুলিব লাগে । আমাৰ চৰকাৰৰ নীতি স্পষ্ট । আমি খিলঞ্জীয়া জনগোষ্ঠীৰ বাবে কাম কৰোঁ, কিন্তু আমি সকলোৰে বাবে প্ৰগতি বিচাৰো । মুছলমান ছাত্ৰ-ছাত্ৰী, বিশেষকৈ ‘পমুৱা’ মুছলমানসকলে মাদ্ৰাছাত পঢ়ি ‘জোনাব’ আৰু ‘ইমাম’ হোৱাতো আমি নিবিচাৰো’’ ।

বিজেপি নেতৃত্বাধীন চৰকাৰে বিচাৰিছে সকলো মুছলমান ল’ৰা-ছোৱালীয়ে স্বাভাৱিক বিদ্যালয়-মহাবিদ্যালয়ত নামভৰ্তি কৰি চিকিৎসক আৰু অভিযন্তা হ’ব লাগে । ২ ডিচেম্বৰত এটা সংবাদ মাধ্যমক দিয়া সাক্ষাৎকাৰত আজমলে মহিলা আৰু হিন্দু পুৰুষৰ লগতে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা সন্দৰ্ভত মন্তব্য কৰিছিল (Himanta Biswa Sarma criticizes Ajmal) ৷

অভিযোগ অনুসৰি মুখ্যমন্ত্ৰীয়ে ‘লাভ জেহাদ’ সন্দৰ্ভত কৰা মন্তব্যৰ প্ৰতিক্ৰিয়া হিচাপে আজমলে এইদৰে মন্তব্য কৰিছিল । ধুবুৰীৰ সাংসদগৰাকীয়ে মুছলমানৰ দৰে অধিক সন্তান জন্ম দিবলৈ হিন্দুসকলক কম বয়সতে বিয়া কৰাবলৈ পৰামৰ্শ দিছিল বুলি অভিযোগ উঠিছে (Badaruddin Ajmal controversial remaks) । যাক লৈ সমগ্ৰ ৰাজ্যৰ লগতে দেশৰ অন্যান্য প্ৰান্ততো আজমলৰ বিৰুদ্ধে সোচ্চাৰ হৈ পৰিছিল একাংশ দল-সংগঠন তথা ব্যক্তি বিশেষ ৷ অৱশ্যে এই মন্তব্যৰ বাবে পৰৱৰ্তী পৰ্যায়ত আজমলে ক্ষমা বিচাৰে ৷

লগতে পঢ়ক: Ajmal Controversial Statement : নিজৰ ভুল স্বীকাৰ কৰি ক্ষমা বিচাৰিলে সাংসদ আজমলে

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.