ETV Bharat / state

Ajmal Controversial Statement : ক্ষমা খুজিলেই সকলো শেষ হৈ নাযায়: জয়ন্ত মল্ল বৰুৱা

author img

By

Published : Dec 7, 2022, 7:54 PM IST

Ajmal Controversial Statement
ক্ষমা খোজিলেই সকলো শেষ হৈ নাযায় : মন্ত্রী জয়ন্ত মল্ল বৰুৱা

ক্ষমা খোজাৰ পাছতো আজমলৰ বিৰুদ্ধে সৰৱ মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা । ভাৰতৰ সভ্যতা-সংস্কৃতিক আঘাত কৰা কথা এটা কোৱাৰ পাছত ক্ষমা খুজিব আৰু কথাটো শেষ হৈ যাব, তেনে নহয় । তেনেকুৱা হ'লে যিকোনো মানুহে যিকোনো কথা ক'ব আৰু ক্ষমা খুজিব । আজমল হিন্দু সভ্যতা-সংস্কৃতিৰ বাবে সন্ত্ৰাস বুলি মন্তব্য কৰে জয়ন্ত মল্ল বৰুৱাই (Jayanta Malla Baruah on Badruddin Ajmal) ।

গুৱাহাটী, ৭ ডিচেম্বৰ : সাংসদ বদৰুদ্দিন আজমলে নিজৰ বিতৰ্কিত মন্তব্যৰ বাবে ক্ষমা খোজাৰ পাছতো নিস্তাৰ পোৱা নাই । এতিয়াও আজমলৰ অতি অশোভনীয় মন্তব্যৰ প্ৰতিক্ৰিয়া ৰাজ্যজুৰি অব্যাহত আছে (Ajmal Controversial Statement)।

ক্ষমা খোজিলেই সকলো শেষ হৈ নাযায় : মন্ত্রী জয়ন্ত মল্ল বৰুৱা

সাংসদ আজমলৰ অশালীন মন্তব্য সন্দৰ্ভত বুধবাৰে পুনৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰে মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই । মন্ত্ৰী বৰুৱাই কয় যে ক্ষমা খুজিলেই সকলো শেষ হৈ নাযায় ৷ অসমৰে নহয় ভাৰতৰ সভ্যতা-সংস্কৃতিক আঘাত কৰা কথা এটা কোৱাৰ পাছত ক্ষমা খুজিব আৰু কথাটো শেষ হৈ যাব, তেনে নহয় । তেনেকুৱা হ'লে যিকোনো মানুহে যিকোনো কথা ক'ব আৰু ক্ষমা খুজিব (Jayanta Malla Baruah on Badruddin Ajmal)।

আজমলে ক্ষমা খুজিছে তথা অনুশোচনাত ভুগিছে যদি ভাল কথা । কিন্তু এটা কথা ঠিক যে আজমলৰ মনত এনেবোৰ কথা আগৰ পৰাই আছে । আজমলে নাৰী জাতিক এনেদৰে ভাবে বাবেই কৈছে বুলি উল্লেখ কৰি মন্ত্ৰী বৰুৱাই কয় যে আজমলে ভাৰতৰ সনাতনী সভ্যতা-সংস্কৃতিক এনেদৰেই ভাবে । তেওঁলোকৰ মনত এনেকুৱা ভাববোৰ আছেই বুলি সদৰী কৰি মন্ত্ৰী বৰুৱাই কয় যে আগতেও কৈছো আজমল এজন ৰাজনৈতিক সন্ত্ৰাসবাদী ।

আজমল হিন্দু সভ্যতা-সংস্কৃতিৰ বাবে সন্ত্ৰাস । আগন্তুক সময়ত অসমৰ ৰাইজে ইয়াৰ প্ৰত্যুত্তৰ দিব বুলি উল্লেখ কৰি মন্ত্ৰী বৰুৱাই কয় যে অসমৰ বাবে দুৰ্ভাগ্যৰ বিষয় যে এনেকুৱা এজন লোকক অসমৰ পৰা সাংসদ হিচাপে পঠিওৱা হৈছে । উল্লেখ্য যে হিন্দুৰ বিবাহ সম্পৰ্কত আৰু লাভ জেহাদৰ প্ৰসংগত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক উদ্দেশ্যি অতি অশালীন মন্তব্য কৰিছিল সাংসদ আজমলে ।

আজমলৰ এই মন্তব্যক কেন্দ্ৰ কৰি ৰাজ্যজুৰি সৃষ্টি হোৱা প্ৰতিক্ৰিয়া আজিও অব্যাহত আছে (Badruddin Ajmal controversy)। ইতিমধ্যে বিভিন্ন দল-সংগঠনে ৰাজ্যৰ বিভিন্ন থানাত আজমলৰ বিৰুদ্ধে গোচৰ দাখিল কৰিছে (FIR against Badruddin Ajmal)। ৰাজ্যজুৰি সৃষ্টি হোৱা ব্যাপক প্ৰতিক্ৰিয়াৰ পাছতে সাংসদ আজমলে নিজৰ বক্তব্যৰ বাবে অৱশেষত ক্ষমা খুজিবলৈ বাধ্য হয় ।

আজমলে কয় যে তেওঁ অনুশোচনাত দগ্ধ হৈছে আৰু নিজৰ ভুল স্বীকাৰ কৰি উঠাই লৈছে তেওঁৰ মন্তব্য । কিন্তু আজমলে ক্ষমা খোজাৰ পাছতো বিষয়টো সন্দৰ্ভত এতিয়াও সৰৱ হৈ আছে বিভিন্ন দল-সংগঠন ।

লগতে পঢ়ক : Khanin Mahanta passes away: অসম আন্দোলনৰ থিংক টেংক খনিন মহন্ত আৰু নাই

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.