ETV Bharat / state

Ajmal Controversial Statement : নিজৰ ভুল স্বীকাৰ কৰি ক্ষমা বিচাৰিলে সাংসদ আজমলে

author img

By

Published : Dec 7, 2022, 2:15 PM IST

Ajmal Controversial Statement
নিজৰ ভুল স্বীকাৰ কৰি ক্ষমা বিচাৰিলে সাংসদ আজমলে

অনুশোচনাত দগ্ধ হৈছে সাংসদ আজমল ৷ হিন্দুক উদ্দেশ্যি অশালীন মন্তব্য কৰি ক্ষমা খুজি ৰক্ষা পোৱা নাই বদৰুদ্দিন আজমলে ৷ সাংসদগৰাকীৰ মন্তব্যত প্ৰকাশ পাইছে এই কথা (Badruddin Ajmal begs apology)৷

গুৱাহাটী, ৭ ডিচেম্বৰ : অৱশেষত নিজৰ ভুল স্বীকাৰ কৰি ক্ষমা খুজিলে সাংসদ বদৰুদ্দিন আজমলে (Badruddin Ajmal begs apology)। উল্লেখ্য যে, হিন্দুৰ বিবাহ সম্পৰ্কত আৰু লাভ জেহাদৰ প্ৰসংগত মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাক উদ্দেশ্যি অতি অশালীন মন্তব্য কৰিছিল সাংসদ আজমলে (Badruddin Ajmal controversial statement)। শিলচৰত কৰা আজমলৰ এই মন্তব্যক কেন্দ্ৰ কৰি ৰাজ্যজুৰি সৃষ্টি হোৱা প্ৰতিক্ৰিয়া আজিও অব্যাহত আছে ।

ইতিমধ্যে বিভিন্ন দল-সংগঠনে ৰাজ্যৰ বিভিন্ন থানাত আজমলৰ বিৰুদ্ধে গোচৰ দাখিল কৰিছে (FIR against Badruddin Ajmal)। ৰাজ্যজুৰি সৃষ্টি হোৱা ব্যাপক প্ৰতিক্ৰিয়াৰ পাছতে সাংসদ আজমলে নিজৰ অশালীন বক্তব্যৰ বাবে অৱশেষত ক্ষমা খুজিবলৈ বাধ্য হ'ল । ইফালে সমগ্ৰ বিষয়টোক কেন্দ্ৰ কৰি মঙলবাৰে নিশা বিধায়ক ছিৰাজুদ্দিন আজমলৰ দিছপুৰস্থিত চৰকাৰী আৱাসত এক বৈঠকত মিলিত হয় এ আই ইউ ডি এফৰ নেতৃত্ব । বৈঠকত সাংসদ আজমলেও অংশগ্ৰহণ কৰে ।

আজমলে সংবাদ মাধ্যমৰ আগত কয় যে তেওঁ অনুশোচনাত দগ্ধ হৈছে, তেওঁ ভুল কৰিছে । নিজৰ ভুল স্বীকাৰ কৰি আজমলে উঠাই লৈছে তেওঁৰ মন্তব্য । তেওঁ কয় যে ‘‘মই ভুল কৰিছো । তাৰ বাবে মই অনুতপ্ত । মই মোৰ মন্তব্য উঠাই লৈছো । ক্ষমা বিচৰাৰ পিছতে সেই কথাৰ অন্ত হৈছে’’ । ইফালে তেওঁ লগতে কয় যে ক্ষমা খোজাৰ পাছত বিষয়টোৰ অন্ত পৰিছে যদিও এতিয়া তেওঁৰ মন্তব্যক লৈ ৰাজনীতি কৰা হৈছে । থানাই থানাই গোচৰ ৰুজু হোৱা সন্দৰ্ভত তেওঁ কয় যে তেওঁৰ আইনৰ ওপৰত বিশ্বাস আছে ।

নিজৰ ভুল স্বীকাৰ কৰি ক্ষমা বিচাৰিলে সাংসদ আজমলে

মুখ্যমন্ত্ৰীয়ে তেওঁৰ গোচৰ কৰিমগঞ্জ নাইবা আমেৰিকালৈ পঠাই দিলেও তেওঁ আইনী যুঁজ যুঁজিবলৈ সাজু আছে বুলি কয় । উল্লেখ্য যে, সাংসদ আজমলৰ অতি বিতৰ্কিত মন্তব্যৰ পাছতে ৰাজ্যজুৰি ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হোৱাৰ লগতে এ আই ইউ ডি এফ দলৰ ভিতৰ চ'ৰাতো প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছিল । ৰাজহুৱাভাৱে মুখ খুলি নক’লেও বহুকেইজন নেতাই দলটোৰ মুৰব্বীগৰাকীৰ মন্তব্যক সহজভাৱে লোৱা নাছিল ।

যাৰ পৰিপ্ৰেক্ষিতত মঙলবাৰে নিশা দলটোৰ নেতৃত্বই বিষয়টোৰ সন্দৰ্ভত বিশদভাৱে আলোচনা কৰাৰ অন্তত সাংসদ আজমলে নিজৰ ভুল স্বীকাৰ কৰি ক্ষমা বিচাৰে । ইফালে আজমলৰ বিৰুদ্ধে বিভিন্ন থানাত ৰুজু হোৱা গোচৰসমূহ কৰিমগঞ্জলৈ স্থানান্তৰ কৰা হ'ব বুলি মুখ্যমন্ত্ৰীয়ে সদৰী কৰিছে ।

লগতে পঢ়ক : Badruddin Ajmal Controversy: আজমল বিৰুদ্ধে ধুবুৰী থানাত এজাহাৰ ধুবুৰী জিলা মহিলা মৰ্চাৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.