ETV Bharat / state

Badruddin Ajmal Controversy: আজমল বিৰুদ্ধে ধুবুৰী থানাত এজাহাৰ ধুবুৰী জিলা মহিলা মৰ্চাৰ

author img

By

Published : Dec 7, 2022, 12:50 PM IST

Ajmal Controversy:
আজমল বিৰুদ্ধে ধুবুৰী থানাত এজাহাৰ ধুবুৰী জিলা মহিলা মৰ্চাৰ

এইবাৰ AIUDFৰ সভাপতি বদৰুদ্দিন আজমলৰ বিৰুদ্ধে এজাহাৰ দাখিল ধুবুৰী জিলা বিজেপি আৰু মহিলা মৰ্চাৰ(FIR against Ajmal) ৷ হিন্দু সমাজ আৰু মহিলাক লৈ আজমলে কৰা বিতৰ্কিত মন্তব্যৰ বাবে শীঘ্ৰেই আজমলক গ্ৰেপ্তাৰ দাবী ধুবুৰী জিলা বিজেপি আৰু মহিলা মৰ্চাৰ (Ajmal Controversy) ৷

ধুবুৰী, 7 ডিচেম্বৰ: ধুবুৰী লোকসভা সমষ্টিৰ সাংসদ তথা AIUDFৰ সভাপতি বদৰুদ্দিন আজমলে হিন্দু ধৰ্ম আৰু মহিলাসকলক লৈ উদ্দেশ্যি কৰা অতি নিকৃষ্ট মন্তব্যক কেন্দ্ৰ কৰি সৃষ্টি হোৱা প্ৰতিক্ৰিয়া বৰ্তমানেও মাৰ যোৱা নাই(Badruddin Ajmal controversy) ৷ ইতিমধ্যেই বদৰুদ্দিন আজমলক গ্ৰেপ্তাৰ আৰু সাংসদ পদ খাৰিজ কৰাৰ দাবীত ৰাজ্যৰ বিভিন্ন থানাই থানাই গোচৰ ৰুজু কৰিছে কেইবাটাও দল-সংগঠনে(Ajmal controversial statement) ৷

এইবাৰ বদৰুদ্দিন আজমলৰ বিৰূপ মন্তব্যৰ বিৰুদ্ধে ধুবুৰী থানাত গোচৰ ৰুজু ধুবুৰী জিলা বিজেপি মহিলা মৰ্চাৰ(Dhuburi BJP) ৷ মঙলবাৰে বিয়লি জিলা বিজেপিৰ সভাপতি প্ৰসেনজিৎ দত্তৰ নেতৃত্বত জিলা বিজেপি আৰু মহিলা মৰ্চাৰ সভানেত্ৰীসহ দলীয় কৰ্মী সকলে পদযাত্ৰা কৰি গৈ উপস্থিত হয় আৰক্ষী থানাত ।

আজমল বিৰুদ্ধে ধুবুৰী থানাত এজাহাৰ ধুবুৰী জিলা মহিলা মৰ্চাৰ

সদৰ আৰক্ষী থানাৰ বিষয়া পাৰ্থ প্ৰতিমা গগৈৰ ওচৰত আজমলৰ বিৰুদ্ধে এখন এজাহাৰ দাখিল কৰে মহিলা মৰ্চাই (FIR against Ajmal) । আজমলৰ মন্তব্যৰ বিৰুদ্ধে জাঙুৰ খাই উঠিছে ধুবুৰী জিলা বিজেপিৰ মহিলা মৰ্চা । ধুবুৰী সদৰ আৰক্ষী থানাত গোচৰ ৰুজু কৰি শীঘ্ৰে সাংসদ বদৰুদ্দিন আজমলক গ্ৰেপ্তাৰৰ দাবী জিলা বিজেপি আৰু মহিলা মৰ্চাৰ ৷ লগতে বিজেপি মহিলা মৰ্চাই কয় যে, ‘‘নাৰী কেতিয়াও ভোগৰ সামগ্ৰী নহয়, আজমলৰ মন্তব্যই সমাজলৈ এটা অশুভ বাৰ্তা দিছে’’ ৷

কেৱল সিমানেই নহয়, বদৰুদ্দিন আজমলক নাৰী সমাজৰ বাবে কলংক আখ্যা বিজেপি মহিলা মৰ্চাৰ ৷ আগন্তুক লোকসভা নিৰ্বাচনত জয়-লাভ কৰিব নোৱাৰাৰ ভয়তেই এনে সাম্প্ৰদায়িক মন্তব্য বদৰুদ্দিন আজমলে কৰা বুলিও দাবী কৰে মহিলা মৰ্চাই ৷ বিজেপিৰ উত্থান দেখি বদৰুদ্দিন আজমল সংকিত হৈ পৰা বুলি মন্তব্য জিলা মহিলা মৰ্চাৰ ৷

লগতে পঢ়ক: কইনা আনিবলৈ গৈ আধা ৰাস্তাতে ধৰ্ণাত বহিল দৰা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.