ETV Bharat / bharat

Groom sat on strike: কইনা আনিবলৈ গৈ আধা ৰাস্তাতে ধৰ্ণাত বহিল দৰা

author img

By

Published : Dec 6, 2022, 9:57 PM IST

ভূমিস্খলনৰ ফলত উত্তৰাখণ্ডৰ কাঠগোদাম হাইদাখান পথটো বন্ধ থকাৰ বাবে লোকসকলে সমস্যাৰ সন্মুখীন হৈ আহিছিল ৷ স্থানীয় লোকসকলে পথটোৰ মেৰামতিৰ দাবীত কেইবাবাৰো প্ৰতিবাদ সাব্যস্ত কৰিছে ৷ কিন্তু এইবাৰ পথ মেৰমতিৰ দাবীত ধৰ্ণাত বহিল এজন দৰা (Groom sat on strike in Haldwani) ৷

groom sat on dharna demanding opening of closed kathgodam haidakhan road
Groom sat on strike: কইনা আনিবলৈ গৈ আধা ৰাস্তাতে ধৰ্ণাত বহিল দৰা

নেশ্যনেল ডেস্ক, 6 ডিচেম্বৰ: যোৱা এমাহ ধৰি ভূমিস্খলনৰ ফলত উত্তৰাখণ্ডৰ কাঠগোদাম হাইদাখান পথটো বন্ধ থকাৰ বাবে লোকসকলে সমস্যাৰ সন্মুখীন হৈ আহিছিল ৷ স্থানীয় লোকসকলে পথটোৰ মেৰামতিৰ দাবীত কেইবাবাৰো প্ৰতিবাদ সাব্যস্ত কৰিছে ৷ কিন্তু এইবাৰ পথ মেৰমতিৰ দাবীত ধৰ্ণাত বহিল এজন দৰা (Groom sat on strike in Haldwani) ৷ হয়, আমি আজি কবলৈ ওলাইছো এজন ব্যতিক্ৰমী দৰাৰ কথা ৷

Groom sat on strike: কইনা আনিবলৈ গৈ আধা ৰাস্তাতে ধৰ্ণাত বহিল দৰা

প্ৰকৃততে উত্তৰাখণ্ডৰ কোটাবাগৰ পৰা পাটলিয়ালৈ কইনা আনিবলৈ গৈছিল ৰাহুল নামৰ এজন যুৱকে ৷ কিন্তু পাটলিয়ালৈ যোৱা পথটো বিগত দিনত ভূমিস্খলনৰ হোৱাৰ বাবে ভাঙি ছিগি তথৈবচ হৈ আছিল ৷ ফলত দৰাঘৰৰ লোকে 5 কিলোমিটাৰ নিলগতে গাড়ী থৈ পদযাত্ৰা কৰি কইনা আনিবলৈ যাব লাগিব ৷ এই কথা শুনি দৰাঘৰৰ লোকসকল চিন্তিত হয় ৷

দৰা ৰাহুলে পূৰ্বৰে পৰা পথটোৰ দুৰ্গতিৰ কথা জানিছিল ৷ ফলত ৰাহুলে গাড়ীৰ পৰা নামি বৰযাত্ৰীৰ সৈতে পথৰ কাষতে ধৰ্ণাত বহে ৷ এই ঘটনা দেখি স্থানীয় লোকসকল হতবাক হয় ৷ লগে লগে এই খবৰ স্থানীয় সংবাদমাধ্যমৰো কাণত পৰে ৷

লগে লগে সংবাদমাধ্যমৰ লোকৰ লগতে কংগ্ৰেছৰ এটা দলো আহি ৰাহুলৰ লগত ধৰ্ণাত সংগ দিয়ে ৷ ৰাহুলে কয় যে এই পথটোৰ মেৰামতিৰ দাবী পূৰ্বৰে পৰাই কৰি থকা হৈছিল ৷ কিন্তু ইমানৰ পিছতো চৰকাৰ তথা বিভাগীয় কৰ্তৃপক্ষই কোনো কাণসাৰ দিয়া নাছিল ৷ বিবাহৰ দিনটোত মৰমৰ কইনাজনীক খোজ কঢ়ুৱাই আনিবলৈ সাজু নাছিল ৰাহুল ৷ সেইবাবেই পৰিয়ালৰ লোকৰ লগতে ধৰ্ণাত বহি অচিৰেই পথটো মেৰামতি কৰি দিবলৈ দাবী উত্থাপন কৰে ৰাহুলে ৷

উল্লেখ্য যে ভূমিস্খলনৰ ফলত কাঠগোদাম হাইদাখান পথটো প্ৰায় এমাহ ধৰি বন্ধ হৈ আছে (kathgodam haidakhan road landslide)৷ সেয়েহে 150 খন গাঁৱৰ যাতায়ত বিচ্ছিন্ন হৈ আছিল ৷ ইফালে পথেৰে পাৰ হৈ যোৱা লোকে বিবাহ যাত্ৰীৰ দলটো এনেদৰে ধৰ্ণাত বহি থকা দেখি তেওঁলোকৰ লগ দিয়ে ৷

মন কৰিবলগীয়া যে এই পথটোৰ এনে দুৰ্গতিৰ বাবে ১৫০ খন গাঁও স্বাস্থ্য আৰু খাদ্যশস্যৰ সংকটৰ সন্মুখীন হৈছে ৷ গাঁওখনৰ পৰা মাণ্ডিলৈ যোৱা পাচলি আৰু ফলবোৰ পচি যোৱাৰ ফলত কৃষকসকলেও বৃহৎ লোকচানৰ সন্মুখীন হৈছে ৷ অৱশ্যে এঘণ্টাৰ পিছতে এই ধৰ্ণা কাৰ্যসূচী সামৰি কইনা আনিবলৈ ৰাহুলসহ বৰযাত্ৰী ওলাই যায় ৷

লগতে পঢ়ক: Marriage in Taj Mahal: তাজমহলক সাক্ষী কৰি হিন্দু প্ৰথাৰে পুনৰ বিবাহ ইটালিয়ান দম্পতিৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.