ETV Bharat / state

Important meeting of BJP allies: সমষ্টি পুনৰ নিৰ্ধাৰণ সন্দৰ্ভত নিশা বিজেপি মিত্রজোঁটৰ গুৰুত্বপূৰ্ণ বৈঠক

author img

By

Published : Mar 22, 2023, 2:10 PM IST

BJP alliance meeting on constituency delimitation
সমষ্টি পুনৰ নিৰ্ধাৰণ সন্দৰ্ভত বিজেপি মিত্রজোঁটৰ গুৰুত্বপূৰ্ণ বৈঠক

মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাৰ উপস্থিতিত বিজেপি মিত্রজোঁটৰ বৈঠকত সমষ্টি পুনৰ নিৰ্ধাৰণ আৰু বাজেট সন্দৰ্ভত বিশদ আলোচনা । বৈঠকত বি পি এফৰ বিধায়কৰ অংশগ্ৰহণ । চৰকাৰৰ জনমুখী নীতিসমূহক তৃণমূললৈ লৈ যোৱাৰ কাৰ্যসূচীৰ দিশত বিশেষভাৱে গুৰুত্ব প্ৰদান । আগন্তুক দিনবোৰত ৰাজ্যখনৰ সৰ্বাংগীন প্ৰগতিৰ যাত্ৰাক নতুন গতি প্ৰদানেৰে আগবঢ়াই নিয়াৰ দিশত মুখ্যমন্ত্ৰীৰ পৰামৰ্শ (BJP alliance meeting on constituency delimitation) ।

গুৱাহাটী, ২২ মাৰ্চঃ সমষ্টি পুনৰ নিৰ্ধাৰণকে ধৰি আগন্তুক লোকসভা নিৰ্বাচন আৰু বাজেট সন্দৰ্ভত যোৱানিশা অসম বিধানসভা প্ৰেক্ষাগৃহত বিজেপি মিত্ৰজোঁটৰ এখন গুৰুত্বপূৰ্ণ বৈঠক অনুষ্ঠিত হয় ৷ বৈঠকত বিজেপি, অগপ, ইউ পি পি এলৰ উপৰিও বিধানসভাত বিজেপিক সমৰ্থন দিয়া বি পি এফ দলৰ নেতৃত্বও উপস্থিত থাকে (BJP alliance meeting on constituency delimitation) ৷

মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা উপস্থিত থকা বৈঠকখনত বিজেপিৰ ৰাজ্যিক সভাপতি ভৱেশ কলিতা, অগপৰ সভাপতি তথা মন্ত্ৰী অতুল বৰা, ইউ পি পি এলৰ সভাপতি প্ৰমোদ বড়োৰ উপৰি মন্ত্ৰী আৰু কেউটা দলৰে বিধায়কসকলে অংশগ্ৰহণ কৰে ৷ মিত্ৰজোঁটৰ বিধায়নী দলৰ গুৰুত্বপূৰ্ণ বৈঠকখনত সমষ্টি পুনৰ নিৰ্ধাৰণৰ প্ৰসংগত বিশদভাৱে আলোচনা কৰা হয় (Important meeting of BJP allies)।

Meeting of BJP allies
বিজেপি মিত্রজোঁটৰ গুৰুত্বপূৰ্ণ বৈঠক

উল্লেখ্য যে 26 মাৰ্চত তিনিদিনীয়া কাৰ্যসূচীৰে অসমলৈ আহিব দেশৰ নিৰ্বাচন আয়োগৰ এটা দল ৷ দলটো অহাৰ পূৰ্বে এইক্ষেত্ৰত মিত্ৰজোঁটৰ ভূমিকা সন্দৰ্ভত বৈঠকত আলোচনা কৰা হয় ৷ নিৰ্বাচন আয়োগৰ দলটোৱে বিভিন্ন ৰাজনৈতিক দলৰ শুনানি গ্ৰহণ কৰিব ৷ এইক্ষেত্ৰত মুখ্যমন্ত্ৰীয়ে বৈঠকত মিত্ৰজোঁটৰ স্থিতি সন্দৰ্ভত কেতবোৰ পৰামৰ্শ আগবঢ়ায় (The Election Commission of India visit Assam) ৷

আনহাতে বৈঠকত চৰকাৰৰ জনমুখী নীতিসমূহক তৃণমূললৈ লৈ যোৱাৰ কাৰ্যসূচীৰ দিশত বিশেষভাৱে গুৰুত্ব প্ৰদান কৰা হয় ৷ চৰকাৰৰ উন্নয়নৰ যাত্ৰাত সকলো শ্ৰেণীৰ লোকক একেলগে আগবঢ়াই লৈ যোৱাৰ বিষয়েও বৈঠকত আলোচনা কৰা হয় ৷ এইক্ষেত্ৰত মুখ্যমন্ত্ৰীয়ে আলোকপাত কৰে ৷ ইফালে সদনত দাখিল কৰা ২০২৩-২৪ বৰ্ষৰ বাজেট সন্দৰ্ভতো বৈঠকত আলোচনা কৰা হয় (Assam Budget 2023)।

আগন্তুক লোকসভা নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখি বাজেটৰ সফল ৰূপায়ণৰ ওপৰত বিশেষ গুৰুত্ব আৰোপ কৰা হয় ৷ বৈঠক সন্দৰ্ভত বিজেপিৰ ৰাজ্যিক সভাপতি ভৱেশ কলিতাই কয় যে বৈঠকত চলিত বাজেট অধিবেশনৰ লগতে বিভিন্ন গুৰুত্বপূৰ্ণ বিষয়ত আলোচনা কৰা হয় ৷ বৈঠকত আগন্তুক দিনবোৰত ৰাজ্যখনৰ সৰ্বাংগীন প্ৰগতিৰ যাত্ৰাক নতুন গতি প্ৰদানেৰে আগবঢ়াই নিয়াৰ দিশত মুখ্যমন্ত্ৰীয়ে কেইবালানি গুৰুত্বপূৰ্ণ পৰামৰ্শ আগবঢ়ায় (Assam CM Himanta Biswa Sarma) ৷

meeting of BJP allies
বিজেপি মিত্রজোঁটৰ গুৰুত্বপূৰ্ণ বৈঠক

বৈঠকত অসম চৰকাৰৰ কেবিনেট মন্ত্ৰী তথা অসম গণ পৰিষদ দলৰ সভাপতি অতুল বৰা, ইউ পি পি এল দলৰ সভাপতি তথা বি টি আৰৰ মুখ্য কাৰ্যবাহী সদস্য প্ৰমোদ বড়োৰ লগতে বিধায়ক সকল উপস্থিত থাকে ৷ বৈঠকত বি পি এফৰ বিধায়কসকলো উপস্থিত আছিল (Constituency Delimitation in Assam) ৷

উল্লেখ্য যে সমষ্টি পুনৰ গঠন সন্দৰ্ভত ৰাজ্যৰ ৰাজনৈতিক দল, সামাজিক সংগঠনসমূহৰ লগতে নাগৰিকসকলৰ মতামত গ্ৰহণৰ বাবে ২৬ মাৰ্চত অসমলৈ আহিব দেশৰ মুখ্য নিৰ্বাচন আয়ুক্ত ৰাজীৱ কুমাৰৰ নেতৃত্বত এটা প্ৰতিনিধিৰ দল ৷ তিনিদিনীয়া কাৰ্যসূচীৰে অসমলৈ আহিবলগীয়া নিৰ্বাচন আয়োগৰ দলটোৱে ২৭ মাৰ্চৰ পুৱা ৯ বজাৰ পৰা দুপৰীয়া ১২ বজালৈ গুৱাহাটীত স্বীকৃতিপ্ৰাপ্ত ৰাষ্ট্ৰীয় ৰাজনৈতিক দল আৰু ৰাজ্যৰ ৰাজনৈতিক দলসমূহৰ সৈতে মত বিনিময় কৰিব (Chief Election Commissioner of India) ৷

সেইদিনাই দিনৰ এক বজাৰ পৰা নাগৰিক সমাজ, সামাজিক সংগঠনৰ প্ৰতিনিধিৰেও আলোচনাত মিলিত হ’ব আয়োগৰ দলটো ৷ সমষ্টি পুনৰ নিৰ্ধাৰণৰ বিষয়ত ৰাজ্যৰ সকলো জিলাৰ নিৰ্বাচনী বিষয়া, ৰাজ্যৰ প্ৰশাসনৰ মুৰব্বীসকলৰ সৈতেও অনুষ্ঠিত হ’ব বৈঠক। এই বৈঠকৰ অন্তত ২৮ মাৰ্চৰ আবেলি ৩ বজাত নিৰ্বাচন আয়োগে সংবাদ মাধ্যমক সম্বোধন কৰিব (Chief Election Commissioner Rajiv kumar will visit assam) ৷

লগতে পঢ়ক:Special TET passed candidates protest: নিযুক্তি নিদিলে সমূহীয়া আত্মজাহৰ হুংকাৰ ৬৬৭ গৰাকী বিশেষ টেট উৰ্ত্তীণ প্ৰাৰ্থীৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.