ETV Bharat / state

ড° ভূপেন হাজৰিকা আঞ্চলিক চৰকাৰী চলচ্চিত্ৰ আৰু টেলিভিছন প্ৰতিষ্ঠানৰ ৰূপালী জয়ন্তী বৰ্ষৰ আয়োজন

author img

By ETV Bharat Assamese Team

Published : Jan 7, 2024, 10:27 PM IST

DBHRGFTI Silver Jubilee
ভূপেন হাজৰিকা চলচ্চিত্ৰ আৰু টেলিভিছন প্ৰতিষ্ঠান

DBHRGFTI Silver Jubilee : ১০ আৰু ১১ জানুৱাৰীতঅনুষ্ঠিত হ'ব ড° ভূপেন হাজৰিকা আঞ্চলিক চৰকাৰী চলচ্চিত্ৰ আৰু টেলিভিছন প্ৰতিষ্ঠানৰ ৰূপালী জয়ন্তী বৰ্ষৰ অনুষ্ঠান । অংশগ্ৰহণ কৰিব ভালেসংখ্যক শিল্পী দল, চলচ্চিত্ৰ কর্মী আদিকে ধৰি বহু বিশিষ্ট ব্যক্তিয়ে ।

মন্ত্ৰী বিমল বড়াৰ সংবাদমেল

গুৱাহাটী, 7 জানুৱাৰী: দিছপুৰস্থিত মন্ত্ৰী আৱাসত মন্ত্ৰী বিমল বড়াই এক সংবাদমেল সম্বোধন কৰে । ড৹ ভূপেন হাজৰিকা আঞ্চলিক চৰকাৰী চলচ্চিত্ৰ আৰু টেলিভিছন প্ৰতিষ্ঠানৰ ৰূপালী জয়ন্তী বৰ্ষ উদযাপনৰ সন্দৰ্ভত উক্ত সংবাদমেল সম্বোধন কৰে মন্ত্ৰীগৰাকীয়ে ।

অহা ১০ আৰু ১১ জানুৱাৰীত চাংসাৰীত অনুষ্ঠিত হ'ব চলচ্চিত্ৰ আৰু টেলিভিছন প্ৰতিষ্ঠানটোৰ ৰূপালী জয়ন্তী বৰ্ষৰ অনুষ্ঠান । ৰূপালী জয়ন্তীৰ কাৰ্যসূচীসমূহৰ ভিতৰত আছে ক্ৰমে বক্তৃতানুষ্ঠান, আলোচনা সভা, মুকলি সভা, সাংস্কৃতিক অনুষ্ঠান । দুয়োটা দিনত বহুকেইটা গুৰুত্বপূৰ্ণ বিষয়ত অনুষ্ঠিত হ'ব আলোচনাচক্ৰ । ৰূপালী জয়ন্তী উপলক্ষে অহা ৯ জানুৱাৰীত আমবাৰীস্থিত ৰবীন্দ্ৰ ভৱন চৌহদৰ পৰা এক সাংস্কৃতিক শোভাযাত্ৰাও উলিওৱা হ'ব । য'ত অংশগ্ৰহণ কৰিব ভালেসংখ্যক শিল্পী দল, চলচ্চিত্ৰ কর্মী আদিকে ধৰি বহু বিশিষ্ট ব্যক্তিয়ে ।

আনহাতে উত্তৰ গুৱাহাটীৰ চাংসাৰী চিলাত থকা প্ৰতিষ্ঠানটোৰ চৌহদত অনুষ্ঠিত হ'বলগীয়া ৰূপালী জয়ন্তীৰ মূল কার্যসূচীত চলচ্চিত্ৰ জগতৰ লগত জড়িত ভালেসংখ্যক পৰিচালক, শিল্পী, কলা-কুশলী, চলচ্চিত্ৰ ৰসিক তথা অনুষ্ঠানটোৰ প্ৰাক্তন ছাত্ৰ-ছাত্ৰসকল উপস্থিত থাকিব । অনুষ্ঠানলৈ বিশেষভাৱে আমন্ত্ৰণ জনোৱা হৈছে প্ৰতিষ্ঠানৰ প্ৰাক্তন ছাত্ৰ-ছাত্ৰীসকলক ।

১০ জানুৱাৰীৰ দিনা ‘চলচ্চিত্ৰ শিক্ষা প্ৰতিষ্ঠান, সাংস্কৃতিক, সামাজিক আৰু অর্থনৈতিক বৰঙণি’ শীর্ষক প্ৰথমখন আলোচনা সভা অনুষ্ঠিত হ'ব । উক্ত আলোচনা সভাত ৰাজ্য চৰকাৰৰ সাংস্কৃতিক বিভাগৰ প্ৰধান সচিব ড৹ বি কল্যাণ চক্ৰৱর্তী, জ্যেষ্ঠ সাংবাদিক প্ৰশান্ত জ্যোতি বৰুৱা, ছাউণ্ড মিক্সিং হাজনিয়াম দেৱজিৎ চাংমাই উপস্থিত থাকিব ।

ইয়াৰোপৰি ১১ জানুৱাৰীত ‘চলচ্চিত্ৰ মাধ্যমত মোৰ জীৱন: সপোন আৰু অনিশ্চয়তাৰ দিক্‌দর্শক’ শীর্ষক দ্বিতীয়খন আলোচনাচক্ৰ অনুষ্ঠিত হ'ব । উক্ত আলোচনা সভাত উপস্থিত থাকিব চলচ্চিত্ৰ নির্মাতা অৰূপ মান্না, ছাউণ্ড ডিজাইনাৰ অমৃত প্ৰীতম দত্ত, চলচ্চিত্ৰ পৰিচালক জয়চেং জয় দহোতীয়া ।

উল্লেখযোগ্য যে বিভিন্ন পাঠ্যক্ৰমেৰে বিগত ২৫ বছৰত এই প্ৰতিষ্ঠানখনে প্ৰায় 15 শতাধিক শিক্ষাৰ্থীক পাঠদান আগবঢ়াই আহিছে । ইয়াৰে বহুসংখ্যকে ইতিমধ্যে ৰাষ্ট্ৰীয়-আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত নিজৰ কৰ্মৰে উজ্বলিবলৈ সক্ষম হৈছে ।

লগতে পঢ়ক: ড৹ হিমন্ত বিশ্ব শৰ্মাক কলৱাৰ ৰত্ন সন্মান প্ৰদান

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.