ETV Bharat / state

ড৹ হিমন্ত বিশ্ব শৰ্মাক কলৱাৰ ৰত্ন সন্মান প্ৰদান

author img

By ETV Bharat Assamese Team

Published : Jan 7, 2024, 7:55 PM IST

Himanta Biswa Sarma: মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাক অসম কলৱাৰ সমাজৰ দ্বাৰা ‘কলৱাৰ ৰত্ন’ সন্মান প্ৰদান কৰা হয় । দেওবাৰে ঢেকীয়াজুলিত অনুষ্ঠিত অসম কলৱাৰ সমাজৰ চতুৰ্থ কেন্দ্ৰীয় মহাসভাত উক্ত সন্মান যঁচা হয় মুখ্যমন্ত্ৰীগৰাকীক ৷

kalwar samaj Assam
কলৱাৰ ৰত্ন

ড৹ হিমন্ত বিশ্ব শৰ্মাক কলৱাৰ ৰত্ন সন্মান প্ৰদান

তেজপুৰ, ৭ জানুৱাৰী : মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাক দেওবাৰে ঢেকীয়াজুলিৰ চিৰাজুলিত অখিল অসম কলৱাৰ সমাজৰ চতুৰ্থ কেন্দ্ৰীয় মহাসভাত বলভদ্ৰ ভগৱানৰ বিগ্ৰহ অৰ্পণ কৰি ‘কলৱাৰ ৰত্ন’ সন্মান প্ৰদান কৰা হয় । উক্ত অনুষ্ঠানত অংশগ্ৰহণ কৰি মুখ্যমন্ত্ৰী ডঃ শৰ্মাই কয়, ‘‘ঢেকিয়াজুলি শ্বহীদৰ ভূমি ৷ এই ভূমিত উপস্থিত থাকিবলৈ পাই গৌৰৱ অনুভৱ কৰিছোঁ ৷ ঢেকিয়াজুলিত ভাৰতৰ স্বাধীনতা আন্দোলনত শ্বহীদ মনবৰ নাথ, কুমলী দেৱী, খহুলী দেৱী, সৰুনাথ চুতীয়া, মংগল কুৰ্কুকে আদি কৰি ১৩ গৰাকীকৈ বীৰ শ্বহীদে আত্মবলিদান দি গৌৰৱ গাঁথা সৃষ্টি কৰি গৈছে ৷’’

অযোধ্যাৰ ৰাম মন্দিৰ নিৰ্মাণ সম্পৰ্কত তেওঁ কয়, ‘‘২০১৪ চনৰ আগৰ ২০১৩ বা ২০১২ চনত কোনোবাই চিন্তা কৰিছিল নেকি ভাৰতবৰ্ষত ৰাম মন্দিৰ প্ৰতিষ্ঠা হ’ব ? ৫০০ বছৰীয়া বাবৰৰ গোলামী শেষ কৰি ৰাম মন্দিৰ প্ৰতিষ্ঠা হ’ব, গতিকে সকলো ভাৰতবাসীয়ে উত্তৰ প্ৰদেশলৈ গৈ ৰাম মন্দিৰ দৰ্শন কৰক ৷’’

মোদীক অহা নিৰ্বাচনত ৪০০ ৰো অধিক আসনত জয়যুক্ত কৰি পুনৰ প্ৰধানমন্ত্ৰীৰ পদত অধিষ্ঠিত কৰিব লাগিব বুলি মুখ্যমন্ত্ৰীগৰাকীয়ে একপ্ৰকাৰে নিৰ্বাচনী প্ৰচাৰো আৰম্ভ কৰে ৷ তেওঁ কয়, ‘‘প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক পুনৰ ১০ বছৰ শাসনৰ দায়িত্ব দিলে আগন্তুক সময়ত আমি আমেৰিকা আৰু চীনকো পিছ পেলাবলৈ সক্ষম হ’ম ৷’’

শেহতীয়াকৈ আলফাৰ লগত শান্তি চুক্তি স্বাক্ষৰ প্ৰসংগত মুখ্যমন্ত্ৰীগৰাকীয়ে কয়, ‘‘উজনি অসমত ১৯৮৯, ১৯৯১, ১৯৯২ চনৰ যি পৰিৱেশ সেয়া এক সন্ত্ৰাসৰ সময় আছিল । কিন্তু বৰ্তমান অসমত শান্তি বিৰাজ কৰিছে । কোনে ভাবিছিল আলফা আহি শান্তি চুক্তি কৰিব ! কিন্ত বৰ্তমান আলফাৰে হোৱা শান্তি চুক্তিয়ে অসমৰ ভৱিষ্যৎ সলনি কৰিছে ।’’

অসম এতিয়া কিমান আগবাঢ়ি গৈছে বাহিৰৰ মানুহে ভাবিবও নোৱাৰে বুলি মন্তব্য কৰি মুখ্যমন্ত্ৰীগৰাকীয়ে কয়, ‘‘এই পৰ্যন্ত অসমত মুঠ ৬৮ হাজাৰ হেক্টৰ কৃষিভূমি আমি বেদখলমুক্ত কৰিবলৈ সক্ষম হৈছোঁ ৷ দুবছৰতে অপৰাধৰ সংখ্যা ৫০ শতাংশ কমিছে ৷’’ তদুপৰি কলৱাৰ সমাজক অসমৰ হকে কাম কৰিবলৈ আহ্বান জনায় মুখ্যমন্ত্ৰী ড৹ শৰ্মাই ৷

লগতে পঢ়ক: প্ৰধানমন্ত্ৰী মোদীক জোকাই ল’লে মালদ্বীপৰ ৰাজনীতিবিদে: আৰম্ভ বয়কট মালদ্বীপৰ ধাৰা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.