ETV Bharat / state

ৰাজনীতিত যেন সকলো সম্ভৱ : লুৰিণজ্যোতি গগৈ-ভূপেন বৰাৰ যৌথ সংবাদমেল

author img

By

Published : Oct 3, 2021, 10:46 PM IST

ৰাজনীতিত যেন সকলো সম্ভৱ: লুৰিণজ্যোতি গগৈ ভূপেন বৰাৰ যৌথ সংবাদমেল
ৰাজনীতিত যেন সকলো সম্ভৱ: লুৰিণজ্যোতি গগৈ ভূপেন বৰাৰ যৌথ সংবাদমেল

Ajp আৰু প্ৰদেশ কংগ্ৰেছৰ সংবাদমেল ৷ এজেপিৰ সভাপতি লুৰিণজ্যোতি গগৈ আৰু প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাৰ সংবাদমেল সম্বোধনৰ বিষয় উপ-নিৰ্বাচন ৷

গুৱাহাটী, ৩ অক্টোবৰ : উপ-নিৰ্বাচনত ছটা সমষ্টিৰ এটা এটা সমষ্টি অসম জাতীয় পৰিষদস আৰু ৰাইজৰ দলক এৰি দিয়াৰ সিদ্ধান্ত কংগ্ৰেছৰ । মাজুলী অসম জাতীয় পৰিষদক আৰু ভৱানীপুৰ সমষ্টি ৰাইজৰ দলক এৰি দিয়াৰ সিদ্ধান্ত লৈছে বুলি কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই সংবাদমেল সম্বোধন কৰি কয় । তেওঁ লগতে কয় যে, আমি ছয়টা সমষ্টিৰ থাওৰা, মৰিয়নি, গোসাঁই গাঁও,তামোলপুৰ সমষ্টিৰ প্ৰাৰ্থী দিব ।

ৰাজনীতিত যেন সকলো সম্ভৱ: লুৰিণজ্যোতি গগৈ ভূপেন বৰাৰ যৌথ সংবাদমেল

AJP ৰ বাবে মাজুলী আৰু ভৱানীপুৰ সমষ্টি ৰাইজৰ দললৈ দিছিলো ৷ কিন্তু এই মূহুৰ্তলৈকে ৰাইজৰ দলে একো কোৱা নাই ৷ অখিল গগৈয়ে কৈছে মন মিলিছে সমষ্টি মিলা নাই ৷ মাজুলী সমষ্টি অসম জাতীয় পৰিষদ দলক এৰি দিছো ৷ ভৱানীপুৰ সমষ্টিৰ বাবে হাইকামাণ্ডলৈ কোনো প্ৰাৰ্থীৰ নাম পঠিওৱা নাই । মোৰ আশা দুয়োটা দলৰ দুয়োগৰাকী সভাপতিয়ে মানি ল’ব বুলি মন্তব্য কৰে ।

তেওঁ লগতে কয় যে, ‘‘এইটো বিজেপিৰ বিৰোধী মহাশক্তি হ’ব ৷ অখিল গগৈয়ে থাওৰা এৰি নিদিয়াৰ কথাটো আমাক কৈছে ৷ থাওৰাত আমাৰ দলে তিনিবাৰ জয়ী হৈছে ৷ আজিৰ তাৰিখত থাওৰাত আমাৰ স্থিতি সবল ৷ মন মিলিলে বাকী কথা মিলাত সময় নালাগে’’ ৷ থাওৰা সমষ্টি ৰাইজৰ দলক এৰি নিদিয়াৰ পোষকতা কৰিছে তেওঁ । অখিল গগৈ প্ৰতিটো সমষ্টিলৈ যোৱাৰ অধিকাৰ আছে বুলি তেওঁ মন্তব্য কৰে ।

সংবাদমেলত লুৰিণজ্যোতি গগৈয়ে কয় যে, ‘‘আমি উপ নিৰ্বাচনত bjp ক প্ৰতিহত কৰাৰ স্বাৰ্থত এটা সমষ্টিত এজন প্ৰাৰ্থীৰ পোষকতা কৰিছিলো ৷ চৰকাৰে ইচ্ছা কৰিয়েই এনকাউণ্টাৰ আৰম্ভ কৰিছে ৷ এজন দায়িত্বশীল মন্ত্ৰীয়ে কিবা এটা কোৱাৰ পাছত মুখ্যমন্ত্ৰীয়ে সেয়া সম্পূৰ্ণ সলনি কৰি দিয়ে ৷ প্ৰদেশ কংগ্ৰেছে আমাৰ সিদ্ধান্তক সন্মান জনাইছে ৷ এই সিদ্ধান্তক আমি আদৰণি জনাইছো ৷ বিজেপিয়ে ৮৬০ স্বহীদকে অপমান কৰিছে’’ ৷

শ্বেৰমান আলী সন্দৰ্ভত লুৰিণজ্যোতি গগৈয়ে কয় যে, ‘‘কংগ্ৰেছ দলক তেওঁৰ বিৰুদ্ধে বিশেষ ব্যৱস্থা ল’বলৈ আহ্বান জনাইছিলো ৷ বহু দিনৰে পৰা শিলাদিত্য দেৱ আৰু সত্যৰঞ্জন বৰাৰ দৰে লোকে সাম্প্ৰদায়িক পৰিৱেশৰ সৃষ্টি কৰিছে । মৃণাল শইকীয়াৰ বিৰুদ্ধে একো এটা কৰাৰ সাহস নকৰিলে’’ ৷ অসম জাতীয় পৰিষদ কাৰো B দল নহয় আৰু ভৱিষ্যতেও নহওঁ বুলি মন্তব্য কৰে লুৰিণজ্যোতি গগৈয়ে ৷

লগতে পঢ়কঃ মন্ত্ৰী যোগেন মহনৰ গৃহ সমষ্টিত মুগা সূতা উৎপাদন কেন্দ্ৰৰ শ্মশান যাত্ৰা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.