ETV Bharat / state

Constituency Delimitation: সমষ্টি পুনৰ নিৰ্ধাৰণ তীব্ৰ বিৰোধিতা BDFৰ

author img

By

Published : Jul 9, 2023, 7:19 PM IST

BDF against Constituency Delimitation
সমষ্টি পুনৰ নিৰ্ধাৰণ বিৰোধিতা BDF ৰ

সমষ্টি পুনৰ নিৰ্ধাৰণৰ খচৰা চূড়ান্ত কৰাৰ সিদ্ধান্ত ল’লে বৰাক উপত্যকাক বাদ দিয়াৰ প্ৰস্তাৱ দিয়ক চৰকাৰে । নহ'লে অসমৰ পৰা পৃথক হ'ব বৰাক । এই হুংকাৰ বৰাক ডেম'ক্ৰেটিক ফ্ৰণ্টৰ ।

শিলচৰ,৯ জুলাই: সমষ্টি পুনৰ নিৰ্ধাৰণৰ খচৰাক লৈ সমগ্ৰ ৰাজ্যৰ লগতে দিল্লীকো প্ৰতিবাদৰ ঢৌৱে স্পৰ্শ কৰিছে ৷ ব্যাপক প্ৰতিবাদৰ পাচতো এতিয়ালৈকে চৰকাৰৰ কোনো সঁহাৰি পোৱা নাই খচৰাৰ বিৰোধিতাসকলে । যদিহে খচৰা চূড়ান্ত কৰাৰ সিদ্ধান্ত লোৱা হয় তেন্তে বৰাক উপত্যকাক ইয়াৰ আওতাৰ পৰা বাদ দিব লাগে বুলি দাবী বৰাক ডেম'ক্ৰেটিক ফ্ৰণ্টৰ ।

এক প্ৰেছ বিজ্ঞপ্তিযোগে বিডিএফৰ মুখ্য আহ্বায়ক প্ৰদীপ দত্তৰয়ে দেওবাৰে কয় যে, বৰাকবাসীয়ে কোনো কাৰণতে এই সমষ্টি পুনৰ নিৰ্ধাৰণৰ প্ৰস্তাৱ গ্ৰহণ নকৰে । কাৰণ এই খচৰা কাৰ্যকৰী হ’লে আগন্তুক ৩০ বছৰলৈ বৰাক উপত্যকাই ৰাজনৈতিক অধিকাৰ হেৰুৱাব । এই খচৰাত বৰাকৰ দুখন বিধানসভাৰ আসন কৰ্তন কৰাৰ লগতে সীমা নিৰ্ধাৰণৰ সকলো নিয়মক আওকাণ কৰি এটা সমষ্টিৰ অন্তৰ্গত অঞ্চলক আন এটা সমষ্টিত যিদৰে সংযোজন কৰা হৈছে ৷

এই খচৰা কাৰ্যকৰী হ'লে বৰাকৰ অস্তিত্বই সংকটত পৰিব । সেয়ে বৰাকৰ ৪৫ লাখ লোকে কোনো কাৰণতে এই খচৰা গ্ৰহণ নকৰে বুলি মন্তব্য কৰে প্ৰদীপ দত্ত ৰয়ে ৷ প্ৰদীপ দত্ত ৰয়ে লগতে কয় যে, চৰকাৰে এফালে কৈছে যে এই খচৰা নিৰ্বাচন আয়োগে প্ৰস্তুত কৰিছে, ইয়াত তেওঁলোকৰ কোনো হাত নাই । আনহাতে, সেই একেখন চৰকাৰৰ মুখ্যমন্ত্রীয়ে কৈছে যে এই খচৰাৰ জৰিয়তে ৰাজ্যৰ খিলঞ্জীয়াসকলৰ অধিকাৰ সুৰক্ষিত হ'ব ৷

ইয়াৰ দ্বাৰা আগন্তুক ৩০ বছৰলৈ ১০২ খন বিধানসভা আসনত খিলঞ্জীয়াৰ আধিপত্য অটুট থাকিব । কিন্তু কেৱল তেওঁ খিলঞ্জীয়াৰ নহয়, ৰাজ্যৰ সকলো অসমীয়া ভাষী, বাংলাভাষী, বড়ো, ডিমাছা, কোঁচ, মণিপুৰী, চাহ জনগোষ্ঠী সকলোৰে মুখ্যমন্ত্ৰী । সেয়ে মুখ্যমন্ত্রীৰ এনে বক্তব্য সম্পূর্ণ অসাংবিধানিক আখ্যা বিডিএফৰ ৷ লগতে দত্ত ৰয়ে কয় যে যদি চৰকাৰে খচৰা চূড়ান্ত কৰাৰ সিদ্ধান্ত লয় তেন্তে বৰাক উপত্যকাক এই প্ৰক্ৰিয়াৰ পৰা বাদ দিব লাগে ।

নহ'লে এই উপত্যকা অসমৰ লগত নাথাকিব, ইয়াৰ জনসাধাৰণে বিচ্ছিন্নতাৰ পথত খোজ দিবলৈ বাধ্য হ'ব ৷ যদিহে বৰ্তমানৰ খচৰাখনকে গ্ৰহণ কৰে তেন্তে এই ক্ষেত্ৰত মানসিকভাৱে পৃথক বৰাকৰ বাবে প্ৰস্তুত হওক । বিডিএফ মিডিয়া চেলৰ মুখ্য আহ্বায়ক জয়দীপ ভট্টাচাৰ্যই দাবী কৰে যে এই খচৰাক লৈ সমগ্ৰ উপত্যকাতে মানুহৰ স্বতঃস্ফূৰ্ত ক্ষোভ প্ৰকাশ পাইছে ।

আৰক্ষী আৰু প্ৰশাসন যথেষ্ট সক্ৰিয় হৈ আছে যদিও এই ক্ষোভ দমন কৰাত ব্যৰ্থ হৈছে । বিডিএফ মিডিয়া চেলৰ আন এজন আহ্বায়ক হৃষিকেশ ডি এডিনে কয় যে এই খচৰা আৰু পৰিকল্পনা সম্পূৰ্ণ চৰকাৰৰ মানস সন্তান আৰু নিৰ্বাচন আয়োগে কেৱল সন্মতিহে দিছে বুলি সন্দেহ কৰা হৈছে । গতিকে এই খচৰা কাৰ্যকৰী কৰাৰ সিদ্ধান্ত লোৱা হ'লে বৰাক উপত্যকা অসমৰ পৰা বিচ্ছিন্ন হ'বলৈ বাধ্য হ'ব বুলিও তেঁও দাবী কৰে ৷

লগতে পঢ়ক: Library Modernization: ৰাজ্যৰ পুথিভঁৰালসমূহ আধুনিকীকৰণৰ ঘোষণা শিক্ষামন্ত্ৰীৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.