ETV Bharat / state

Library Modernization: ৰাজ্যৰ পুথিভঁৰালসমূহ আধুনিকীকৰণৰ ঘোষণা শিক্ষামন্ত্ৰীৰ

author img

By

Published : Jul 9, 2023, 5:55 PM IST

আধুনিকীকৰণ কৰা হ'ব ৰাজ্যৰ পুথিভঁৰালসমূহ । দেওবাৰে সংবাদমেলযোগে এই কথা সদৰী কৰে শিক্ষামন্ত্ৰী ৰণোজ পেগুৱে । পুৰণি ধাৰণা আঁতৰাই নতুন পৰিকল্পনাৰে নিৰ্মাণ কৰা হ'ব ৰাজ্যৰ পুথিভঁৰালসমূহ । কিতাপৰ উপৰিও ডিজিটেল সা-সুবিধাও উপলব্ধ হ'ব নতুন পুথিভঁৰালসমূহত ।

Announcement of modernization of libraries in Assam
ৰাজ্যৰ পুথিভঁৰালসমূহ আধুনিকীকৰণৰ ঘোষণা

ৰাজ্যৰ পুথিভঁৰালসমূহ আধুনিকীকৰণৰ ঘোষণা

গুৱাহাটী,৯ জুলাই: ৰাজ্যৰ সমগ্ৰ পুথিভঁৰাল ব্যৱস্থাটোৰ আধুনিকীকৰণৰ বাবে চৰকাৰে বিশেষ উদ্যোগ গ্ৰহণ কৰিছে । আনহাতে যিসমূহ জিলাত পুথিভঁৰাল হোৱা নাই তাৰ বাবেও ব্যৱস্থা গ্ৰহণ কৰা হৈছে । দেওবাৰে এই কথা সদৰী কৰে শিক্ষামন্ত্রী ডাঃ ৰণোজ পেগুৱে । গুৱাহাটীত সাংবাদিকৰ প্ৰশ্নৰ উত্তৰত শিক্ষামন্ত্রীগৰাকীয়ে কয় যে বৰ্তমান সময়ত প্ৰযুক্তিগতভাৱে পুথিভঁৰালসমূহক আগুৱাই লৈ যাব লাগিব । পুৰণি কনচেপ্টত থাকিলে নহ'ব । আধুনিকীকৰণৰ প্ৰয়োজন আছে ।

ডিজিটেল মাধ্যম আৰু ‘ডিভাইছ’ প্ৰত্যেকটো পুথিভঁৰালত উপলব্ধ হ'ব লাগিব বুলি উল্লেখ কৰি তেওঁ কয় যে কেৱল কিতাপ থাকিলেই নহ'ব । কম্পিউটাৰ আৰু ইণ্টাৰনেটৰ ব্যৱস্থা কৰিব লাগিব । পুথিভঁৰালসমূহক নতুন ৰূপ দিয়াৰ বাবে চৰকাৰে পৰিকল্পনা যুগুত কৰিছে আৰু শীঘ্ৰে ইয়াক কাৰ্যকৰী কৰা হ'ব বুলি তেওঁ উল্লেখ কৰে ।

আনহাতে নতুনকৈ মেৰামতি কৰা গুৱাহাটীৰ জিলা পুথিভঁৰাল ভাঙি নতুনকৈ নিৰ্মাণ কৰাৰ চৰকাৰী পৰিকল্পনা সন্দৰ্ভত তেওঁ কয় যে পৰিকল্পনা কৰা হৈছে যদিও এতিয়াই খৰখেদাকৈ কৰা নহয় । পুথিভঁৰালটো এটা ডাঙৰ পৰিসৰত কৰাৰ পৰিকল্পনা আছে আৰু এই কথা মুখ্যমন্ত্রীয়ে ইতিমধ্যে সদৰী কৰিছে । বৰ্তমান থকা বিল্ডিঙটো ৪০ বছৰ পুৰণি বুলি তেওঁ সংবাদ মাধ্যমৰ আগত মত প্ৰকাশ কৰে ।

লগতে পঢ়ক: Maha Jansampark Abhiyan: ‘তিনি গগৈ’ক পুনৰ কটাক্ষ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ

তেওঁ লগতে কয় যে, বৰ্তমানৰ চৰকাৰৰ দিনত বহুতো নতুন পৰিকল্পনা লোৱা হৈছে আৰু সেইধৰণে কামসমূহ কৰি থকা হৈছে । আনহাতে মিউজিয়ামৰ প্ৰসংগত তেওঁ কয় যে মিউজিয়ামটো সম্প্ৰসাৰণ কৰাৰ প্ৰয়োজনীয়তা আহি পৰিছে । কিন্তু তাৰ বাবে বৰ্তমানৰ স্থান যথোপযোক্ত নহয় । ইয়াত ঠাইৰ অভাৱ আছে । যাৰ বাবে মিউজিয়াৰ বাবে নতুন ঠাইত মাটি বিচাৰি থকা হৈছে বুলি তেওঁ জানিবলৈ দিয়ে ।

লগতে পঢ়ক: CM Himanta Slams Rahul Gandhi : ৰিল অবিহনে বাস্তৱ অৰ্জন কৰক; ৰাহুল গান্ধীক তীব্ৰ সমালোচনা মুখ্যমন্ত্ৰীৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.