ETV Bharat / state

২০ ৰ পৰা ২৫ জানুৱাৰীলৈ মুছলমানসকলক ৰে’লত ভ্ৰমণ নকৰিবলৈ আহ্বান আজমলৰ

author img

By ETV Bharat Assamese Team

Published : Jan 6, 2024, 7:00 PM IST

Badruddin Ajmal: নিৰ্বাচনৰ সময়ত স্বভাৱসুলভ বিতৰ্কৰ সৃষ্টিৰ ধাৰা অব্যাহত ৰাখিছে বদৰুদ্দিন আজমলে ৷ এইবাৰ ৰাম মন্দিৰ প্ৰসংগত বিতৰ্কিত মন্তব্য ধুবুৰীৰ সাংসদ আজমলৰ ৷ মুছলমান লোকসকলক চলিত মাহৰ ২০ জানুৱাৰীৰ পৰা ২৫ জানুৱাৰীলৈ ৰেলগাড়ীত ভ্ৰমণ নকৰিবলৈ আহ্বান জনাইছে সাংসদগৰাকীয়ে ।

Ajmal controversy
বদৰুদ্দিন আজমলৰ নতুন বিতৰ্ক

বদৰুদ্দিন আজমলৰ নতুন বিতৰ্ক

গুৱাহাটী, ৬ ডিচেম্বৰ : আকৌ বিতৰ্কিত মন্তব্য এআইইউডিএফৰ সাংসদ বদৰুদ্দিন আজমলৰ ৷ ৰাম মন্দিৰ প্ৰসংগত এইবাৰ বিতৰ্কিত মন্তব্য ধুবুৰীৰ সাংসদ আজমলৰ ৷ বাঘমাৰা চৰত শেহতীয়াকৈ আজমলে কৰা এক মন্তব্যই ৰাজ্যজুৰি প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে ৷

ৰাম মন্দিৰ সন্দৰ্ভত AIUDF প্ৰধান বদৰুদ্দিন আজমলে মুছলমানসকলক আহ্বান জনোৱা এক মন্তব্যক লৈ প্ৰতিক্ৰিয়া সৃষ্টি হৈছে ৷ সৃষ্টি হৈছে বিতৰ্কৰ । লোকসভা নিৰ্বাচন কেন্দ্ৰিক ধুবুৰী সমষ্টিৰ অন্তৰ্গত বিভিন্ন ঠাইত এইকেইদিন জনসভাত ব্যস্ত আজমল । তাৰ মাজতে তেঁওৰ লোকসভা সমষ্টিৰ অন্তৰ্গত বাঘমাৰা চৰত এক জনসভাত অহা ২০ৰ পৰা ২৫ জানুৱাৰীলৈ মুছলমান লোকসকলক ৰে’লত ভ্ৰমণ নকৰিবলৈ আহ্বান জনাইছে আজমলে৷

আজমলে কয় যে অহা ২২ জানুৱাৰীত অযোধ্যাত ৰামৰ প্ৰতিষ্ঠা হ’ব ৷ সেয়ে এইকেইদিন লাখ লাখ লোকৰ ৰে’ল আদিত সমাৱেশ হ’ব ৷ শান্তি বজাই ৰখাৰ স্বাৰ্থতে অযোধ্যাত ৰামক প্ৰতিষ্ঠা কৰাৰ বাবেই ভ্ৰমণ নকৰিবলৈ মন্তব্য আজমলৰ৷ আজমলৰ এই মন্তব্য উচতনিমূলক মন্তব্য বুলি ব্যাপক ৰূপত এতিয়া সমালোচিত হৈছে ৷

সকলো সন্দিহান আচলতে এয়া আজমলৰ শান্তি ৰক্ষাৰ আহ্বান নে উচতনিমূলক মন্তব্য ৷ মৌলনা বদৰুদ্দিন আজমলে জনসভাত মুছলমান লোকসকললৈ চলিত মাহৰ ২০ জানুৱাৰীৰ পৰা ২৫ জানুৱাৰী লৈ ৰেলগাড়ীত ভ্ৰমণ নকৰিবলৈ আহ্বান জনাইছে । আজমলে কয়, ‘‘ গোটেই ভাৰতবৰ্ষত ৰাম জনমভূমিত ৰাম মূৰ্তিৰ প্ৰাণ প্ৰতিষ্ঠা কৰা হ’ব । সেয়ে সিদিনাখন গোটেই পৃথিৱীয়ে ভাৰতবৰ্ষৰ প্ৰতি চকু ৰাখিব । গোটেই ভাৰত বৰ্ষৰ লাখ লাখ মানুহ বাছ, ট্ৰেইন, উৰাজাহাজত ভ্ৰমণ কৰিব, সেইকাৰণে মুছলমান লোকসকলে সেই কেইটাদিনত ৰে'লগাড়ীত ভ্ৰমণ নকৰিব বুলি আহ্বান আজমলৰ ৷

ধুবুৰীৰ সাংসদ বদৰুদ্দিন আজমলে লগতে কয় যে বিজেপি হৈছে মুছলমানৰ শত্ৰু, তালাকৰ শত্ৰু, ইমানৰ শত্ৰু, বিজেপি হৈছে মুছলমানসকলৰ আটাইতকৈ ডাঙৰ শত্ৰু । গতিকে মুছলমান সকলক ৰাম মন্দিৰৰ উদ্বোধনীৰ দিনকেইটাত নিজৰ ঘৰৰ ভিতৰত থাকি আল্লাৰ ওচৰত দোৱা প্ৰাৰ্থনা কৰিবলৈ আহ্বান জনায় আজমলে ৷

কেৱল ৰাম মন্দিৰক লৈয়েই নহয় ৷ ৰাহুল গান্ধীৰ ভাৰত ন্যায় জুড়ো যাত্ৰাৰ ৮ দিনীয়া অসম ভ্ৰমণক লৈয়ো বদৰুদ্দিন আজমলৰ কটাক্ষ ৷ আজমলৰ মন্তব্য যে ৰাহুল গান্ধী নেহৰু পৰিয়ালৰ ল’ৰা ৷ মানুহ গোট খাব ৷ ভিৰ হ’ব, চমক হ’ব ৷ হিৰোৰ নিচিনাকৈ চাবলৈহে মানুহ আহিব, এবাৰ চাই লও বুলি ৷ কিন্তু ভোট নিদিয়ে ৷

আনহাতে এইবাৰ নগাঁও লোকসভা সমষ্টিত নিৰ্বাচন খেলিলে কংগ্ৰেছৰ সাংসদ গৌৰৱ গগৈ এআইইউডিএফৰ হাতত নাপাত্তা হ’ব বুলিও দাবী কৰে আজমলে ৷ আজমলৰ মন্তব্য, “গৌৰৱ গগৈয়ে ,খেলিব ওলাইছে খেলক, হাৰিলেহে পাব আচল মজাটো ৷’’

যিকোনো নিৰ্বাচনৰ সময়ত যেন বিতৰ্কিত মন্তব্য কৰাটো আজমলৰ এক অন্যতম কৰ্ম হৈ পৰে ৷ ব্যতিক্ৰম হোৱা নাই এইবাৰ ২০২৪ৰ লোকসভা নিৰ্বাচনৰ প্ৰাকক্ষণতো । এতিয়া ৰাম মন্দিৰ আৰু ৰাহুল গান্ধীক লৈ কৰা মন্তব্যই ৰাজ্যজুৰি যে কেইবাদিনলৈ বিতৰ্ক অব্যাহত ৰাখিব সেয়া নিশ্চিত ।

লগতে পঢ়ক: কংগ্ৰেছে এইবাৰ উত্তৰ পূৰ্বাঞ্চলত ন্যায় প্ৰতিষ্ঠাৰ হকে যুঁজিব : মহিমা সিং

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.