ETV Bharat / state

জয়ন্ত হাজৰিকা উদ্যানত মদৰ আদ্দা

author img

By

Published : Aug 29, 2019, 3:18 AM IST

জয়ন্ত হাজৰিকাৰ সোঁৱৰণত মহানগৰীৰ চান্দমাৰীত থকা উদ্যানখনৰ শোচনীয় ৰূপ ৷ গুৱাহাটী মহানগৰ উন্নয়ন প্ৰাধিকৰণৰ দায়িত্বত থকা উদ্যান খন এতিয়া জহি খহি যোৱাৰ পথত ৷ নিশাৰ অন্ধকাৰত উদ্যানখনত চলে মদৰ আড্ডা ৷ অকাল মৃত্যুক সাৱতা দৰদী শিল্পী ৰাণা দাৰ কালজয়ী সৃষ্টিক জীয়াই ৰখাৰ উদ্দেশ্যে সোঁৱৰণি উদ্যানখন নিৰ্মাণ কৰা হৈছিল ৷ তেখেতৰ স্মৃতিত চান্দমাৰীত থকা উদ্যানখনৰ শোচনীয় অৱস্থালৈ কেতিয়া চকু পৰিব GMDA ৰ তাকে লৈ ক্ষুব্ধ ৰাণা দাৰ গুণমুগ্ধ সকল ৷

জয়ন্ত হাজৰিকা উদ্যানত মদৰ আদ্দা

গুৱাহাটী, 29 আগষ্টঃ জয়ন্ত হাজৰিকাৰ সোঁৱৰণত মহানগৰীৰ চান্দমাৰীত থকা উদ্যানখনৰ শোচনীয় ৰূপ ৷ গুৱাহাটী মহানগৰ উন্নয়ন প্ৰাধিকৰণৰ দায়িত্বত থকা উদ্যান খন এতিয়া জহি খহি যোৱাৰ পথত ৷ উদ্যানখনত নজ্বলে এটাও লাইট, নিশাৰ অন্ধকাৰত উদ্যানখনত চলে মদৰ আড্ডা ৷ হাবি-বন তথা বিভিন্ন বেনাৰ পোষ্টাৰেৰে আৱৰি ধৰিছে উদ্যানখন ৷ অসমৰ সাংস্কৃতিক জগতৰ এজন অন্যতম উজ্বল নক্ষত্ৰ জয়ন্ত হাজৰিকা ৷ ৰাণা দা নামেৰে সদা পৰিচিত জয়ন্ত হাজৰিকাই পশ্চিমীয়া সংগীতক অসমীয়া সংগীতেৰে সজোৱা প্ৰথমজন অসমীয়া ৷ অসমৰ জনগণৰ বাবে একালৰ হিয়াৰ আমঠু হোৱা ৰাণা দাৰ সোঁৱৰণী উদ্যান খনৰ আজি এই অৱস্থা কিয় ? অকাল মৃত্যুক সাৱতি লোৱা দৰদী শিল্পী ৰাণা দাৰ কালজয়ী সৃষ্টিক জীয়াই ৰখাৰ উদ্দেশ্যে সোঁৱৰণি উদ্যানখন নিৰ্মাণ কৰা হৈছিল ৷ তেখেতৰ স্মৃতিত চান্দমাৰীত থকা উদ্যানখনৰ শোচনীয় অৱস্থালৈ কেতিয়া চকু পৰিব GMDA ৰ তাকে লৈ ক্ষুব্ধ ৰাণা দাৰ গুণমুগ্ধ সকল ৷

জয়ন্ত হাজৰিকা উদ্যানত মদৰ আদ্দা
Intro:কালজয়ী অসমীয়া গীতৰ স্ৰষ্টা, অসমৰ সাংস্কৃতিক জগতৰ উজ্বল নক্ষত্ৰৰ ভিতৰৰ অন্যতম জয়ন্ত হাজৰিকা। জীৱনৰ আদি বেলাতেই যেন হেৰাই গৈছিল তেখেত আমাৰ মাজৰ পৰা । ৰানা দা নামেৰে সকলোৰে মাজত পৰিচিত জয়ন্ত হাজৰিকাই বহু সোনকালেই বিদায় মাগিছিল এই সংসাৰৰ পৰা আৰু সকলোকে কন্দুৱাই এৰি গৈছিল নিজৰ পৰিয়ালৰ লগতে অসমৰ সাংস্কৃতিক প্ৰেমী জনগণক। ৱেষ্টাৰ্ণ মিউজিকক অসমৰ সাংস্কৃতিক জগতলৈ অনাৰ চেষ্টা কৰা তেঁৱে প্ৰথমজন অসমীয়া।


Body:তেখেতৰ মৃত্যুৰ পাছত অসমৰ সাংস্কৃতিক জগতৰ বহু ক্ষতি সাধন হল। ৰানা দাৰ সৃষ্টিৰাজিৰ বিষয়ৰ লগতে তেখেতৰ গান মানুহৰ মুখে মুখে প্ৰচাৰিত হোৱাৰ লগতে অসমৰ জনগণই জয়ন্ত হাজৰিকাক অনুপস্থিত অনুভৱ কৰিবলৈ ধৰিলে। জয়ন্ত হাজৰিকাৰ কালজয়ী সৃষ্টি ৰাজী আৰু তেখেতৰ জনপ্ৰিয়তা লৈ চাই জয়ন্ত হাজৰিকাৰ সোঁৱৰণত এখনি উদ্যান নিৰ্মান কৰা হল মহানগৰীৰ চান্দমাৰীত। কিন্তু দুৰ্ভাগ্যজনক যে জয়ন্ত হাজৰিকা উদ্যান খনৰ অৱস্থা একেবাৰে শোচনীয়। গুৱাহাটী মহানগৰ উন্নয়ন প্ৰাধিকৰণ দায়িত্বত থকা উদ্যান খন যেন এতিয়া জহি খহি যোৱাৰ পথত। জাৱৰ হাবি বনেৰে আৱৰি থকা উদ্যান খনত ৰাতিৰ সুযোগ লৈ মদৰ আড্ডা বহা বহু ব্যক্তিৰ দৃষ্টি গোচৰ হৈছে ।
Bite:- সীমান্ত ঠাকুৰীয়া ( আছু কেন্দ্ৰীয় কাৰ্যবাহী)


Conclusion:অসমৰ জনগণৰ বাবে একালৰ হিয়াৰ আমঠু হোৱা ৰানা দাৰ সোঁৱৰণী উদ্যান খনৰ আজি কিয় এই অৱস্থা। চাৰিও ফালে থকা বিজ্ঞাপনৰ পোষ্টাৰ আঁৰত যেন লুকাব ধৰিছে ৰানা দাৰ সোঁৱৰণী উদ্যান খন। ৰাতি হলে এটাও লাইট নজ্বলা লাইটৰ খুঁটান কেইটাই কেনেকৈ পোহৰ বিলাব অন্ধকাৰত। জয়ন্ত হাজৰিকাৰ একালৰ জনপ্ৰিয়তা ম্লান পাইছে নে মানুহৰ মাজৰ পৰা হেৰাই যাব ধৰিছে তেওঁ। তেখেতৰ স্মৃতিত চান্দমাৰীত থকা উদ্যান খনলৈ কেতিয়া চকু যাব GMDA ৰ।
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.