ETV Bharat / state

অংগনবাড়ী কৰ্মী আৰু সহায়িকাক গ্ৰেচুইটি প্ৰদান কৰাৰ দাবী

author img

By

Published : May 13, 2022, 9:03 PM IST

Gratuity for Anganwadi Workers
অংগনবাড়ী কৰ্মী আৰু সহায়িকাক গ্ৰেচুইটি প্ৰদান কৰাৰ দাবী

উচ্চতম ন্যায়ালয়ে ৰায়যোগে অংগনৱাড়ী কৰ্মী-সহায়িকাসকলক গ্ৰেচুইটি দিয়াৰ নিৰ্দেশনা প্ৰদান কৰিছে (Gratuity for Anganwadi Workers)। এই ক্ষেত্ৰত অসম চৰকাৰৰ সমাজ কল্যাণ বিভাগে কোনো ধৰণৰ পদক্ষেপ লোৱা পৰিলক্ষিত হোৱা নাই । ১৪ মে'ৰ ভিতৰত লিখিত জাননী জাৰি কৰাৰ দাবী অসম ৰাজ্যিক অংগনৱাড়ী কৰ্মী আৰু সহায়িকা সন্থাৰ ৷

গুৱাহাটী, 13 মে’: সমাজ কল্যাণ বিভাগৰ তৃণমূল স্তৰত কাম কৰা অংগনৱাড়ী কৰ্মী-সহায়িকাসকলৰ সামাজিক সুৰক্ষা বিচাৰি অসম ৰাজ্যিক অংগনৱাড়ী কৰ্মী আৰু সহায়িকা সন্থাৰ(Assam State Anganwadi Workers and Helpers Association) নেত্ৰীবৃন্দই শুকুৰবাৰে গুৱাহটী প্ৰেছ ক্লাৱত এক সংবাদ মেল সম্বোধন কৰে । সংবাদ মেল সম্বোধন কৰি সন্থাৰ ৰাজ্যিক সভানেত্ৰী জয়মতী দাস আৰু সাধাৰণ সম্পাদিকা ইন্দিৰা নেৱাৰে কয় যে সমাজ কল্যাণ বিভাগৰ তৃণমূল স্তৰত কাম কৰা অংগনৱাড়ী কৰ্মী-সহায়িকাসকলৰ সামাজিক সুৰক্ষা বিচাৰি অসম ৰাজ্যিক অংগনৱাড়ী কৰ্মী আৰু সহায়িকা সন্থাই আন্দোলনক কৰি আহিছে (Anganwadi Workers protest)।

কিন্তু আন্দোলনক কোনো ভ্ৰূক্ষেপ নকৰি বিজেপি চৰকাৰৰ সমাজ কল্যাণ বিভাগে কৰ্মী-সহায়িকাসকলৰ বাবে আইনগত চিকিৎসাৰ ব্যৱস্থা, গ্ৰেচুইটি, পেন্সন আদি কোনো ধৰণৰ আইনী সুবিধা প্ৰদান কৰা নাই । শেহতীয়াভাৱে যোৱা ২০১১ চনৰ ২৪ ডিচেম্বৰত অসম চৰকাৰে অংগনৱাড়ী কৰ্মী-সহায়িকাসকলক অৱসৰৰ সময়ত এককালীন সাহায্য দিয়াৰ কথা ঘোষণা কৰিছিল । কিন্তু বৰ্তমানলৈ চৰকাৰে ঘোষণা কৰা অৱসৰকালীন সাহায্যৰ কোনো লিখিত জাননী জাৰি নকৰাত কৰ্মী-সহায়িকাসকলে আশ্বৰ্য প্ৰকাশ কৰিছে ।

আনহাতে, উচ্চতম ন্যায়ালয়ে ৰায়যোগে অংগনৱাড়ী কৰ্মী-সহায়িকাসকলক গ্ৰেচুইটি দিয়াৰ নিৰ্দেশনা প্ৰদান কৰিছে (Gratuity for Anganwadi Workers)। এই ক্ষেত্ৰত অসমৰ বিজেপি চৰকাৰৰ সমাজ কল্যাণ বিভাগে কোনো ধৰণৰ পদক্ষেপ লোৱা পৰিলক্ষিত হোৱা নাই । ইয়াৰ বিপৰীতে সমাজ কল্যাণ বিভাগে ৬০ বছৰৰ উৰ্দ্ধৰ অংগনৱাড়ী কৰ্মী-সহায়িকাসকলক কামৰ পৰা অৱসৰ লোৱাৰ জাননী জাৰি কৰিছে আৰু প্ৰকল্পত কমী-সহায়িকাসকলৰ ওপৰত জোৰ-জুলুম আৰম্ভ কৰিছে ।

যোৱা ১১ মে’ত অংগনৱাড়ী কৰ্মী-সহায়িকাৰ প্ৰতিনিধিয়ে সমাজ কল্যাণ বিভাগৰ সঞ্চালকক মহামান্য আদালতৰ গ্ৰেচুইটি প্ৰদান কৰাৰ নিৰ্দেশনা সম্পৰ্কত এখন স্মাৰক পত্ৰ প্ৰদান কৰে । লগতে গ্ৰেচুইটি সম্পৰ্কত আদালতৰ নিৰ্দেশনাৰ কপিও লগত গাঁঠি দিয়া হয় ।

সন্থাই এই সম্পৰ্কত সমাজ কল্যাণ বিভাগক জনায় যে গ্ৰেচুইটিসহ অৱসৰৰ সময়ত দিয়া প্ৰতিশ্ৰুতিত এককালীন সাহায্যৰ বিষয়টো অহা ১৪ মে'ৰ ভিতৰত লিখিত জাননী জাৰি কৰিব লাগে অন্যথা অসমৰ কৰ্মী-সহায়িকাসকলে অহা ১৮ মে'ত সমূহীয়াভাৱে উজান বজাৰস্থিত সমাজ কল্যাণ বিভাগৰ কাৰ্যালয়লৈ গৈ ন্যায় বিচাৰিব ৷

লগতে পঢ়ক: Gunotsav Assam 2022 : কলিয়াবৰৰ দুখনকৈ বিদ্যালয় পৰিদৰ্শন মন্ত্ৰী অতুল বৰাৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.