ETV Bharat / state

হাতে-লোটে ধৰা পৰিল দৰমহাৰ টকাৰে পেট নভৰা সচিবালয়ৰ বাইদেউ

author img

By

Published : Jan 4, 2022, 5:00 PM IST

Updated : Jan 5, 2022, 1:39 PM IST

মুখ্যমন্ত্ৰীৰ ৰঙা চকুলৈকো কেৰেপ নকৰি অৰ্থলোভী চৰিত্ৰ বৰ্তাই ৰাখি দুৰ্নীতি অব্যাহত ৰাখিছে ৰাজ্যৰ এচাম ঘোচখোৰ কৰ্মচাৰীয়ে ৷ মঙলবাৰে ঘোচ ল’বলৈ গৈ হাতে-লোটে ধৰা পৰিল সচিবালয়ৰ কৰ্মচাৰী এগৰাকী বাইদেউ (Assam secretariat official arrested of Corruption allegation) ৷ জানো আহক ঘটনাৰ সবিশেষ ৷

assam-secretariat-official-arrested-of-corruption-allegation
হাতে-লোটে ধৰা পৰিল দৰমহাৰ টকাৰে পেট নভৰা সচিবালয়ৰ বাইদেউ

গুৱাহাটী, ৪ জানুৱাৰী : দিছপুৰৰ অসম সচিবালয়ত দুৰ্নীতিগ্ৰস্ত মহিলা কৰ্মচাৰীক গ্ৰেপ্তাৰ (Assam secretariat official arrested of Corruption allegation ) । মঙলবাৰে ঘোচ লৈ থকা সময়তে দুৰ্নীতি-নিবাৰক শাখাই হাতে-লোটে গ্ৰেপ্তাৰ কৰে এগৰাকী মহিলা কৰ্মচাৰীক । ৪ হাজাৰ টকা উৎকোচ লোৱাৰ সময়তে গ্ৰেপ্তাৰ হ’ল ভৈয়াম জনজাতি আৰু অন্যান্য পিছপৰা শ্ৰেণী কল্যান বিভাগৰ কৰ্মচাৰী গৰাকী । ধৃত কৰ্মচাৰী গৰাকীৰ বেগৰ পৰা ৯৯ হাজাৰ টকা জব্দ কৰে দুৰ্নীতি নিবাৰক শাখাই (Illegal money seized from Assam secretariat official) ।

এক বিশেষ সূত্ৰৰ খবৰৰ ভিত্তিত উৎকোচ লৈ থকা সময়তে দুৰ্নীতি নিবাৰক শাখাই হাতে লোটে ধৰা পেলাই ধৃত কৰ্মচাৰী গৰাকীক । উল্লেখ্য যে, অসম চৰকাৰৰ হৃদপৃণ্ড দিছপুৰৰ অসম সচিবালয় । ৰাজ্যৰ প্ৰশাসনিক বিভিন্ন কাম-কাজ নিয়ন্ত্ৰিত হয় এই সচিবালয়ৰ পৰাই । কিন্তু, মঙলবাৰৰ দিনটোত এই সচিবালয়ৰ পৰাই ঘোচখোৰ কৰ্মচাৰীক গ্ৰেপ্তাৰ কৰা ঘটনাই ৰাজ্যৰ প্ৰশাসনিক ব্যৱস্থাত বৰ্তমানেও একাংশই মুক্তমনে দুৰ্নীতি চলাই থকাৰ দিশটো উদঙাই দিছে ।

উল্লেখযোগ্য যে, দিছপুৰৰ মছনদত অধিস্থিত হোৱাৰে পৰা মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই প্ৰতিনিয়ত বিভাগ সমূহ দুৰ্নীতিমুক্ত কৰাৰ প্ৰচেষ্টা হাতত লৈ থকাৰ কথা অৱগত কৰি আহিছে ৷ বিভিন্ন সময়ত বিভিন্ন বিভাগত তেওঁ দুৰ্নীতি মুক্ত কৰাৰ বাবে চমক দি অহাও পৰিলক্ষিত হৈছে ৷ কিন্তু, এনে সময়তে খোদ ৰাজ্যৰ সচিবালয়তে ঘোচ ল’বলৈ সাহস কৰা কৰ্মচাৰী গ্ৰেপ্তাৰ হোৱাৰ বাতৰিয়ে এতিয়া ৰাজ্য চৰকাৰৰ এচাম ঘোচখোৰ কৰ্মচাৰীৰ অৰ্থলোভী চৰিত্ৰৰ দিশতো উদঙাই দিছে ( Corruption in government departments of Assam) ৷ মুখ্যমন্ত্ৰীৰ ৰঙা চকুলৈকো কেৰেপ নকৰি অৰ্থলোভী চৰিত্ৰ বৰ্তাই ৰখা এই ধৰণৰ কৰ্মচাৰীয়ে এতিয়া লজ্জিত কৰিছে সততা নিষ্ঠাৰে কাম কৰি অহা সকলো কৰ্মচাৰীক ৷

লগতে পঢ়ক : Encounter by Garchuk Police : গড়চুক আৰক্ষীৰ গুলিত আঘাতপ্ৰাপ্ত ড্ৰাগছ মাফিয়া তাচেৰ আলী

Last Updated :Jan 5, 2022, 1:39 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.