ETV Bharat / state

Assam Police drive against drugs: 24 ঘন্টাত ড্ৰাগছসহ আটক বহুকেইজন ড্ৰাগছ সৰবৰাহকাৰী

author img

By

Published : May 27, 2022, 6:22 PM IST

ড্ৰাগছৰ বিৰুদ্ধে কঠোৰ স্থিতি অসম আৰক্ষীৰ
ৰাজ্যত কাঠফুলাৰ দৰে বাঢ়িছে ড্ৰাগছৰ ঘাটি

ৰাজ্যত বৰ্তমানেও অব্যাহত আছে ড্ৰাগছৰ ব্যৱসায় ৷ অসম আৰক্ষীয়েও ৰাজ্যৰ পৰা ড্ৰাগছৰ দৰে বৰবিহ সম্পূৰ্ণৰূপে নিৰ্মূল কৰাৰ স্বাৰ্থত অহ্যাহত ৰাখিছে অভিযান (Assam police drive against drugs) ৷ যোৱা 24 ঘন্টাত ৰাজ্যৰ ভিন্ন প্ৰান্তত জব্দ হৈছে লক্ষাধিক টকাৰ ড্ৰাগছ ৷ লগতে আটক কেইবাজনো ড্ৰাগছ সৰবৰাহকাৰী (Drugs paddler arrested) ৷

নিউজ ডেস্ক, 27 মে’ : ৰাজ্যত অব্যাহত আছে ড্ৰাগছ বিৰোধী অভিযান (Assam police drive against drugs)৷ যোৱা 24 ঘন্টাৰ ভিতৰত ৰাজ্যৰ তিনিঠাইত বুজন পৰিমানৰ ড্ৰাগছসহ সৰবৰাহকাৰীক কৰা হৈছে আটক ৷ তথ্য অনুসৰি, বৃহস্পতিবাৰে অসম নাগালেণ্ডৰ সীমান্তৱৰ্তী নিমনাগড় চিংফাঙত চৰাইদেউ জিলাৰ আৰক্ষী বিষয়া অমিতাভ বসুমতাৰী, অনিতা কোঁৱৰ আৰু মথুৰাপুৰ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া ধমেন্দ্ৰ বড়াৰ নেতৃত্বত চলোৱা এক যৌথ অভিযান ৷

এই অভিযানত চিংফাঙত বুজন পৰিমাণৰ নিষিদ্ধ ড্ৰাগছসহ এগৰাকী মহিলাক আটক কৰিবলৈ সক্ষম হয় অভিযানকাৰী দলটোৱে (Drugs paddler arrested in Charaidew)৷ সুৰেখা সেন নামৰ মহিলা সৰবৰাহকাৰীগৰাকীৰ পৰা আৰক্ষীয়ে নগদ বহু লক্ষাধিক টকাৰ লগতে ব্ৰাউন চুগাৰ উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে ৷

Assam police drive against drugs
ড্ৰাগছ সৰবৰাহকাৰী আটক

সমান্তৰালকৈ শুকুৰবাৰে পুৱা মহানগৰীৰ গড়চুকত 62.34 গ্ৰাম হেৰইনৰ জব্দ কৰিছে আৰক্ষীয়ে ৷ গড়চুক আৰক্ষীয়ে গোপন সূত্ৰৰ খবৰৰ ভিত্তিত অভিযান চলাই মহানগৰীৰ ISBT ত ৫ টা চাবোনৰ বাকচত বৃহৎ পৰিমানৰ নিষিদ্ধ ড্ৰাগছসহ সৰবৰাহকাৰী ৱাহিদুৰ ৰহমানক গ্ৰেপ্তাৰ কৰিবলা সক্ষম হয় । জানিব পৰা মতে, ৱাহিদুৰে ডিমাপুৰৰ পৰা প্ৰথমে গোলাঘাট আৰু তাৰ পিছত গুৱাহাটীলৈ ড্ৰাগছখিনি সৰবৰাহ কৰি লৈ আহিছিল ৷

Assam police drive against drugs
ৰাজ্যত কাঠফুলাৰ দৰে বাঢ়িছে ড্ৰাগছৰ ঘাটি

লগতে পঢ়ক : Fake Gold Business : নকল সোণসহ বৰঘূলীৰ পৰা আটক চাৰি প্ৰৱঞ্চক

জব্দ কৰা ড্ৰাগছখিনিৰ বজাৰ মূল্য কেইবা লাখ টকা হ’ব বুলি জানিবলৈ দিয়ে আৰক্ষীয়ে ৷ মহানগৰীৰ বিভিন্ন স্থানত বিভিন্নজন ড্ৰাগছ সৰবৰাহকাৰীক দিয়াৰ কথা আছিল ড্ৰাগছখিনি। সম্প্ৰতি ৱাহিদুৰক গ্ৰেপ্তাৰ কৰাৰ লগতে অধিক তথ্যৰ বাবে জেৰা অব্যাহত ৰাখিছে গড়চুক আৰক্ষীয়ে (Drugs paddler arrested in Guwahati) ।

Assam police drive against drugs
ড্ৰাগছ সৰবৰাহকাৰী আটক

আনহাতে অসম আৰক্ষীয়েই নহয়, ড্ৰাগছ বিৰোধী অভিযানত অধিক সষ্টম হৈছে সশস্ত্ৰ সীমা বল । ৰঙিয়াস্থিত সসস্ত্ৰ সীমা বল(SSB) এটা দলে বাইহাটা চাৰিআলি আৰক্ষী থানাৰ সহযোগত চলাই ড্ৰাগছ বিৰোধী অভিযান (Drugs paddler arrested at Baihata) ।

এই অভিযানত ৰাজু কলিতা আৰু দীপজ্যোতি দাস নামৰ দুজন যুৱকক আটক কৰাৰ লগতে 5 টা ড্ৰাগছভৰ্তি কণ্টেইনাৰ জব্দ কৰে । লগতে ড্ৰাগছ সৰবৰাহৰ ব্যৱহৃত এ এছ 01 বি চি 5110 আৰু এ এছ 01 বি ডি 6984 নম্বৰৰ দুখন মটৰ চাইকেলো জব্দ কৰে আৰক্ষীয়ে ।

লগতে পঢ়ক : Drugs paddler arrested : ড্ৰাগছৰ বিৰুদ্ধে অসম আৰক্ষীৰ অভিযান

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.