ETV Bharat / state

অসম-মেঘালয় সীমান্তৰ বিবাদমান এলেকাত দুই ৰাজ্যৰ মন্ত্ৰী গোটৰ প্ৰতিনিধি দল

author img

By

Published : Oct 9, 2021, 1:48 PM IST

minister visited disputes area minister visited disputes area
অসম মেঘালয় সীমান্তৰ বিবাদমান পৰিদৰ্শন

শনিবাৰে কইনাধৰা, পাটৰকুছি, পিলিংকাটা অঞ্চল ভ্ৰমণ কৰি পৰিস্থিতিৰ বুজ লয় দুই ৰাজ্যৰ প্ৰতিনিধি দলে । এই জন শুনানিত উপস্থিত আছিল মেঘালয়ৰ উপ-মুখ্যমন্ত্ৰী প্ৰিষ্টন টিচং, অসমৰ মন্ত্ৰী পীয়ুষ হাজৰিকা, বিধায়ক অতুল বৰা আৰু কামৰূপ মহানগৰ জিলাৰ উপায়ুক্ত বিশ্বজিৎ পেগু ।

গুৱাহাটী, ৯ অক্টোবৰ : অসম-মেঘালয় সীমা সমস্যা সমাধানৰ বাবে বিশেষ পদক্ষেপ গ্ৰহণ কৰিছে দুয়োখন ৰাজ্যৰ চৰকাৰে । দুয়োখন ৰাজ্যৰ চৰকাৰী পৰ্যায়ত ইতিমধ্যে কেইবালানি আলোচনা হোৱাৰ পাচত বিবাদমান অঞ্চল পৰিদৰ্শন কৰি পৰিস্থিতিৰ বুজ লোৱাৰ বাবে মন্ত্ৰী পৰ্যায়ত কমিটী গঠন কৰি দিয়া হৈছিল । সেই অনুসৰি দুই ৰাজ্যৰ মন্ত্ৰীৰ দলৰ সীমান্তৰ বিবদমান এলেকা পৰ্যবেক্ষণ কাৰ্য অব্যাহত আছে ।

দুই ৰাজ্যৰ প্ৰতিনিধিৰ উপস্থিতিত চলিছে জন শুনানি । বিবাদমান এলেকাত থকা ৰাইজে কোন ৰাজ্যৰ লগত থাকিব বিচাৰে তাৰ শুনানি লোৱা হৈছে । শনিবাৰে কইনাধৰা, পাটৰকুছি, পিলিংকাটা অঞ্চল ভ্ৰমণ কৰি পৰিস্থিতিৰ বুজ লয় দুই ৰাজ্যৰ প্ৰতিনিধিৰ দলে । এই জন শুনানিত উপস্থিত আছিল মেঘালয়ৰ উপ-মুখ্যমন্ত্ৰী প্ৰিষ্টন টিচং, অসমৰ মন্ত্ৰী পীয়ুষ হাজৰিকা, বিধায়ক অতুল বৰা আৰু কামৰূপ মহানগৰ জিলাৰ উপায়ুক্ত বিশ্বজিৎ পেগু ।

অসম-মেঘালয়ৰ সীমান্তৰ উক্ত অঞ্চলৰ লোকৰ লগত আলোচনা কৰে দুয়োখন ৰাজ্যৰ প্ৰতিনিধিৰ দলে । সংবাদ মাধ্যমৰ আগত প্ৰতিনিধিৰ দলটোৱে কয়- 'আমি কাজিয়াৰে নহয়, মিলাপ্ৰীতিৰে সমস্যাৰ সমাধান হোৱাটো বিচাৰো । আজি আমি সীমান্তৰ লোক সকলৰ লগত কথা পাতিব হে আহিছো । অতি কম দিনৰ ভিতৰতে দুয়োখন ৰাজ্যৰ মুখ্যমন্ত্ৰীয়ে সীমা সমস্যা সমাধানৰ ক্ষেত্ৰত বাস্তৱসন্মত পদক্ষেপ গ্ৰহণ কৰিব ।'

লগতে পঢ়ক : ৰাজকন্যাৰ ঘটনাত নিজৰ নাম সাঙোৰ খোৱা সন্দৰ্ভত কি স্পষ্টীকৰণ দিলে ডিজিপিয়ে ?

মেঘালয়ৰ উপ-মুখ্যমন্ত্ৰী প্ৰিষ্টন টিচঙে কয় - 'আজি আমি পৰিস্থিতিৰ বুজ ল’বলৈ ইয়ালৈ আহিছো । দুয়োখন ৰাজ্যৰ প্ৰতিনিধি আছে । আমি কোনো সিদ্ধান্তত উপনীত নহওঁ । সিদ্ধান্ত গ্ৰহণ কৰিব দুয়োখন ৰাজ্যৰ মুখ্যমন্ত্ৰীয়ে । আমি অঞ্চলসমূহৰ সমস্যা সম্পৰ্কে অৱগত হ'বলৈ আহিছো । আমি আমাৰ ক্ষেত্ৰভিত্তিক পৰ্যালোচনাৰ প্ৰতিবেদন চৰকাৰক জমা দিম ।'

আনহাতে, মন্ত্ৰী পীয়ুষ হাজৰিকাই কয় যে, 'বহুত ডাঙৰ এলেকাক লৈ বিবাদ নাই । বিবাদমান এলেকা আজি পৰিদৰ্শন কৰিছো । আমি আজি ইয়াত কোনো সিদ্ধান্ত ল’বলৈ অহা নাই । আমি স্থানীয় মানুহৰ লগত কথা পাতিছো আৰু তেওঁলোকৰ সমস্যাৰ বুজ লৈছো ।

অসম-মেঘালয়ৰ বাসিন্দা আমি সকলো ভাই-ককাই । আমি কেতিয়াও সংঘাটত যাব নোখোজো । কোনে, ক'ত থাকিব খোজে সেই কথাৰ আমি বুজ লৈছো । বৰ বেছি সমস্যা নাই । দুয়োখন চৰকাৰে লগ লাগি এই সমস্যাৰ সমাধান কৰিব । সীমান্তৰ ৰাইজে দুয়োখন ৰাজ্যৰ সুবিধা ল'ব বিচাৰিলে কিছু অসুবিধা হয় ।'

লগতে পঢ়ক : দিল্লীত চলি থকা কৃষক আন্দোলনত চামিল বোকাখাতৰ জীপাল কৃষক শ্ৰমিক সংঘ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.