দিল্লীত চলি থকা কৃষক আন্দোলনত চামিল বোকাখাতৰ জীপাল কৃষক শ্ৰমিক সংঘ

author img

By

Published : Oct 9, 2021, 11:36 AM IST

jipal-kisan-shramik-sangh-joined-in-the-ongoing-farmers-movement-in-delhi

তিনিখন কৃষক বিৰোধী আইন বিৰোধীতাৰে দিল্লীত 11 মাহ ধৰি অব্যাহত থকা কৃষক আন্দোলনত চামিল হৈছে বোকাখাত তথা অসমৰ জীপাল কৃষক শ্ৰমিক সংঘ ৷ কৃষক বিৰোধী আইন বাতিল নকৰা পৰ্যন্ত চলিবলগীয়া আপোচবিহীন সংগ্ৰামী ৰাইজৰ লগত মাত মাতি যোৱাৰ সংকল্প লৈছে জীপাল সংঘই ৷

গোলাঘাট, 9 অক্টোবৰ : দিল্লীত চলি থকা কৃষক আন্দোলনত চামিল হ'ল বোকাখাত তথা অসমৰ জীপাল কৃষক শ্ৰমিক সংঘ ৷ তিনিখন কৃষক বিৰোধী আইন বিৰোধীতাৰে দিল্লীত 11 মাহ ধৰি অব্যাহত থকা কৃষক আন্দোলনত নিজৰ স্থিতি স্পষ্ট কৰি কৃষি আইনৰ বিৰোধিতাৰে বুধবাৰে গাজিপুৰ সীমান্তত অৱস্থিত আন্দোলনকাৰী কৃষক সকলৰ অস্থায়ী চাউনীত চামিল হয় অসমৰ জীপাল কৃষক শ্ৰমিক সংঘৰ সঁজাতি দল ৷ ঢোল, মাদলৰ চেও আৰু ঐনিতমৰ সুৰেৰে কৃষকক ঐক্যবদ্ধ কৰাৰ প্ৰচেষ্টা কৰিলে জীপালে ৷

দিল্লীত চলি থকা কৃষক আন্দোলনত চামিল বোকাখাতৰ জীপাল কৃষক শ্ৰমিক সংঘ

উল্লেখ্য যে, ৰাজ্যখনৰ কৃষক আৰু শ্ৰমিক বিৰোধী নীতিৰ ক্ষেত্ৰত মাত মাতি অহা জীপাল কৃষক শ্ৰমিক সংঘৰ এটা আঠজনীয়া দলে বুধবাৰে গাজীপুৰৰ কৃষক চাউনীত সংযুক্ত হয় ৷ ইয়াৰ পাছতে কৃষক বিৰোধী আইন বাতিল নকৰাপৰ্যন্ত চলিবলগীয়া আপোচবিহীন সংগ্ৰামী ৰাইজৰ লগত মাত মাতি যোৱাৰ সংকল্প কৰে জীপাল কৃষক শ্ৰমিক সংঘৰ আহ্বায়ক পুতুল নৰহ আৰু দেৱ পেগুৱে ৷

ইফালে বুধবাৰে গাজিপুৰ সীমান্তত অৱস্থিত আন্দোলনকাৰী কৃষকসকলৰ অস্থায়ী চাউনীত চামিল হোৱা জীপাল কৃষক শ্ৰমিক সংঘৰ সঁজাতি দলটোৱে অসমৰ ঢোলত গোঁসানী চাপৰ মাৰি প্ৰতিবাদী কৃষকৰ মনোবল বৃদ্ধি কৰাৰ লগতে ঝুমুৰ আৰু ঐনিতমৰ সুৰেৰে একতাৰ ভাৱ জগাই তোলে ৷

যি সময়ত একাংশ প্ৰতিক্ৰিয়াশীল প্ৰাতিষ্ঠানিক চক্ৰ তথা একাংশ সংবাদমাধ্যমে কৃষক সংগ্ৰামটো স্থিমিত হোৱা বুলি অপপ্ৰচাৰ চলাই আছে সেই সময়তে অসমৰ পৰা জীপাল কৃষক শ্ৰমিক সংঘৰ এক সক্ৰিয় সঁজাতি দলে দিল্লীৰ গাজিপুৰৰ কৃষক চাউনীত অংশ লৈ কৃষক বিৰোধী আইন বাতিল নকৰাপৰ্যন্ত চলা আপোচবিহীন সংগ্ৰামী ৰাইজৰ লগত মাত মাতি যোৱাৰ সংকল্পই বিশেষ তাৎপৰ্য বহন কৰিছে ৷

লগতে পঢ়কঃ অসম-নাগালেণ্ড সীমান্তত আঢ়ৈ কোটি টকাৰ মূল্যৰ নিষিদ্ধ ড্ৰাগছ জব্দ

TAGGED:

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.