ETV Bharat / state

Latest Covid Situation in Assam : ক'ভিড পৰিস্থিতিক লৈ সংবাদমেলত সৰৱ সাংসদ আব্দুল খালেক

author img

By

Published : Nov 27, 2021, 7:10 PM IST

চৰকাৰৰ পৰা কেইবাটাও প্ৰশ্নৰ উত্তৰ বিচাৰিলে লোকসভা সাংসদ আব্দুল খালেকে (Assam Lok Sabha MP Abdul Khaleque) । অসম আৰোগ্য নিধিত কিমান টকা সংগ্ৰহ হ'ল আৰু সেই পুঁজি ক'ত কিমান খৰছ হ’ল, তাৰ হিচাব অসম চৰকাৰে ৰাইজক দিয়ক । অসমত ক’ভিড পৰিস্থিতিত ৩,২৪৩ গৰাকী লোকে আত্মহননৰ পথ বাছি ল’বলগীয়া হৈছিল । গুজৰাটত ক'ভিডত অতি কমেও ৩ লাখ লোকৰ মৃত্যু ঘটিছিল । চৰকাৰী তথ্য মতে দহ হাজাৰ । ক’ভিডত মৃত্যু হোৱা ব্যক্তিৰ পৰিয়াললৈ ৪ লাখকৈ টকাৰ সাহাৰ্য দিয়াৰ দাবী ৷

covid situation
ক'ভিড পৰিস্থিতিক লৈ সংবাদমেলত সৰৱ সাংসদ আব্দুল খালেক

গুৱাহাটী, ২৭ নৱেম্বৰ : অসমত ক’ভিডত কিমান লোকৰ মৃত্যু হ’ল তাৰ সঠিক তথ্য ৰাজহুৱা কৰক । চৰকাৰলৈ এই দাবী সাংসদ আব্দুল খালেকৰ । শনিবাৰে গুৱাহাটীৰ ৰাজীৱ ভৱনত এখন সংবাদমেল সম্বোধন কৰি সাংসদ খালেকে অসমৰ ক'ভিড পৰিস্থিতিক (Covid Situation in Assam)লৈ কেতবোৰ প্ৰশ্ন উত্থাপন কৰে ।

তেওঁ কয় যে, অসম আৰোগ্য নিধিত (Assam Arogya Nidhi) কিমান টকা সংগ্ৰহ হ'ল আৰু সেই পুঁজি ক'ত কিমান খৰছ হ’ল, তাৰ হিচাব অসম চৰকাৰে ৰাইজক দিয়ক । আনহাতে, ক’ভিডত মৃত্যু হোৱা ব্যক্তিৰ পৰিয়াললৈ ৪ লাখকৈ টকাৰ সাহাৰ্য দিয়াৰ দাবী জনাই তেওঁ কয় যে, ক'ভিড কালত অন্য ৰোগত আক্ৰান্ত বহু ৰোগীয়ে উপযুক্ত চিকিৎসা নাপাই মৃত্যুক আকোৱালি ল'ব লগা হৈছিল । বিগত সময়ত ক'ভিড আক্ৰান্ত লোকে অসমৰ বিভিন্ন ঠাইৰ হাস্পতালসমূহত আই চি ইউ, ভেন্টিলেচনৰ বাবে হাহাকাৰ কৰিবলগীয়া পৰিস্থিতিৰ সৃষ্টি হৈছিল ।

চৰকাৰখনৰ সু-পৰিকল্পিত ব্যৱস্থাৰ অভাৱত বহু লোকে প্ৰাণ হেৰুৱাব লগীয়া হৈছিল । তেওঁ কয় যে, ক'ভিড কেন্দ্ৰীক পৰিস্থিতিৰ বাবে বহু লোকে আত্মহত্যা কৰাৰ অলেখ নজিৰ আছে । অসমত ক’ভিড পৰিস্থিতিত ৩,২৪৩ গৰাকী লোকে আত্মহনৰ পথ বাছি ল’বলগীয়া হৈছিল ।

ক'ভিড পৰিস্থিতিক লৈ সংবাদমেলত সৰৱ সাংসদ আব্দুল খালেক

তথ্য মতে, ২০১৯ বৰ্ষতকৈ ২০২০ বৰ্ষত আত্মহনৰ পথ বাছি লোৱা লোকৰ সংখ্যা ৩৬ শতাংশ বৃদ্ধি পাইছিল । কি পৰিস্থিতিত এই লোকসকলে আত্মহনৰ পথ বাছি ল'বলগীয়া হ'ল তাৰ উত্তৰ অসম চৰকাৰে দিব লাগিব বুলি তেওঁ কয় । অসমত কিমান লোক ক'ভিডত আক্ৰান্ত হ’ল, কিমান লোকে মৃত্যুক সাৱটি ল'বলগীয়া হ'ল, চিকিৎসা প্ৰদান বেলিকা ক’ত ক’ত হাস্পতালসমূহে গাফিলতি কৰিলে তাৰ প্ৰকৃত তথ্য চৰকাৰীভাৱে ৰাইজক আজিলৈকে জনোৱা নহ'ল ।

লগতে পঢ়ক : COVID-19 Update: দৈনিক আঢ়ৈ শতাধিককৈ ক'ভিড পজিটিভ

তেতিয়াৰ স্বাস্থ্যমন্ত্ৰী আৰু আজিৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শর্মাই ‘অসম আৰোগ্য নিধি’ৰ ধনেৰে ৰাজ্যত ক'ভিড ৰোগীৰ বাবে ৫ খন উন্নত মানৰ চিকিৎসালয় স্থাপন কৰাৰ কথা কৈছিল বুলি উল্লেখ কৰি তেওঁ কয় যে, ক’ত ক’ত সেই হাস্পতাল স্থাপন কৰা হ'ল সেই কথা ৰাজহুৱা কৰক । আনহাতে, ক'ভিড প্ৰতিৰোধৰ বাবে পি পি ই কিট, বিভিন্ন ঔষধ, বেজী, চেলাইন, ৰোগীৰ বিচনা-পত্ৰ, অস্থায়ী ক’ভিড চিকিৎসা শিবিৰৰ কাম কোন কোন ব্যৱসায়ীক দিয়া হৈছিল, নিবিদা আহ্বান কৰি দিয়া হৈছিল নে নাই আদি তথ্য ৰাজহুৱা কৰাৰ বাবে তেওঁ চৰকাৰৰ প্ৰতি দাবী জনায় ।

সেইদৰে ক’ভিডত মৃত্যু হোৱা দেশৰ আৰু অসমৰ প্ৰতিগৰাকী ব্যক্তিৰ পৰিয়াললৈ তাৎক্ষণিকভাৱে ৪ লাখকৈ টকাৰ সাহাৰ্য দিয়াৰো তেওঁ দাবী জনায় । তেওঁ কয় যে, বিজেপি নেতৃত্বাধীন কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰখনে ক'ভিডত মৃত্যু হোৱা লোকৰ মুঠ সংখ্যা এতিয়াও কিয় লুকুৱাবলৈ বিচাৰিছে । ক'ভিডক লৈ কেন্দ্ৰ আৰু ৰাজ্য উভয়তে ব্যাপক দুর্নীতি হোৱা বুলি অভিযোগ কৰি তেওঁ কয় যে, ক'ভিড পৰিস্থিতিৰ সময়ত গুজৰাট মডেল (Gujarat model)ৰ কথা গোটেই দেশতে চর্চা হৈছিল ।

কিন্তু প্ৰকৃত ছবিখন সম্পূর্ণ ওলোটা । গুজৰাট চৰকাৰৰ তথ্য অনুসৰি, ৰাজ্যখনত ক'ভিডত ১০ হাজাৰ লোকৰ মৃত্যু হৈছে । কিন্তু কংগ্ৰেছ দলৰ কংগ্ৰেছ নেতা কর্মীয়ে ঘৰে ঘৰে গৈ লোৱা তথ্য অনুসৰি গুজৰাটত ক'ভিডত অতি কমেও ৩ লাখ লোকৰ মৃত্যু ঘটিছিল ।

প্ৰধানমন্ত্ৰীৰ গৃহ ৰাজ্যখনতে ক'ভিডত মৃত্যু হোৱা লোকৰ পৰিয়ালক মাত্ৰ ৫০ হাজাৰ টকাৰ এককালীন সাহাৰ্য দিয়া হৈছে । বাকী ২ লাখ ৫০ হাজাৰ লোকক এই পর্যন্ত এটকাও দিয়া নাই । তেওঁ ক'ভিডত মৃত্যু হোৱা লোকৰ পৰিয়ালক কমেও ৪ লাখ টকাৰ আৰ্থিক সাহাৰ্য দিয়াৰ দাবী জনায় । সংবাদমেলত বিধায়িকা নন্দিতা দাস উপস্থিত আছিল ।

লগতে পঢ়ক : Covids new variant detected : দক্ষিণ আফ্ৰিকাত ধৰা পৰিছে অমিক্ৰণ ভেৰিয়েণ্টৰ সংক্ৰমণ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.