COVID-19 Delta variant : নিউজিলেণ্ডত নতুনকৈ ১৭৩ জন আক্ৰান্ত

author img

By

Published : Nov 15, 2021, 11:48 AM IST

New Zealand reports 173 new community cases of COVID

নিউজিলেণ্ড(New Zealand)ত ক্ৰমান্বয়ে বৃদ্ধি পাইছে ক'ভিড-১৯(COVID-19)ৰ ডেল্টা প্ৰকাৰ(Delta variant)ৰ দ্বাৰা হোৱা সংক্ৰমণ । সোমবাৰে স্বাস্থ্য মন্ত্ৰালয়ে জনোৱা অনুসৰি, দেশখনত নতুনকৈ ১৭৩ জনৰ দেহত ধৰা পৰিছে ভাইৰাছৰ ডেল্টা প্ৰকাৰৰ অৱস্থিতি ।

ইণ্টাৰনেশ্যনেল ডেস্ক, ১৫ নৱেম্বৰ : বৰ্তমানেও সমগ্ৰ বিশ্বত অব্যাহত আছে ক'ভিড-১৯(COVID-19)ৰ সংক্ৰমণ । ডেল্টা প্ৰকাৰ(Delta variant)ৰ দ্বাৰা সংক্ৰমিত হৈছে বহু লোক । নিউজিলেণ্ড(New Zealand)ত নতুনকৈ ১৭৩ জন লোক ডেল্টা প্ৰকাৰ(Delta variant)ৰ দ্বাৰা সংক্ৰমিত হৈছে । এতিয়ালৈকে দেশখনত ৫,৭৫১ গৰাকী লোক ডেল্টা প্ৰকাৰ(Delta variant)ৰ কবলত পৰিছে ।

স্বাস্থ্য মন্ত্ৰালয়ে জনোৱা মতে, নতুনকৈ হোৱা আক্ৰান্তৰ ভিতৰত ১৬৩ জন অকলেণ্ডৰ, ৭ জন ৱাইকাটোৰ, দুজন নৰ্থলেণ্ডৰ আৰু এজন ব্যক্তি লেক জিলা স্বাস্থ্য পৰিষদ এলেকাৰ । বৰ্তমান মুঠ ৯০ গৰাকী ৰোগীৰ চিকিৎসা চলি আছে চিকিৎসালয়ত । ইয়াৰে ৭ গৰাকী আই চি ইউ(Intensive care units)ত ভৰ্তি হৈ আছে । নিউজিলেণ্ডত মুঠ ক'ভিড আক্ৰান্তৰ সংখ্যা বৰ্তমান ৮,৫০৪ গৰাকী ।

দেওবাৰে ১৪,৬৩৮ জন লোকক ক'ভিড-১৯(COVID-19)ৰ প্ৰতিষেধক(Vaccine)ৰ প্ৰথম আৰু দ্বিতীয় পালি প্ৰদান কৰা হৈছে । মন্ত্ৰালয়ৰ এক বিবৃতিত উল্লেখ কৰা হৈছে যে, এই পৰ্যন্ত নিউজিলেণ্ডৰ ৯০ শতাংশ লোকে ক'ভিডৰ প্ৰতিষেধকৰ প্ৰথম পালি গ্ৰহণ কৰিছে । আনহাতে, দেশখনৰ ৮১ শতাংশ লোকৰ সম্পূৰ্ণ টীকাকৰণ কৰা হৈছে ।

লগতে পঢ়ক:দিল্লীত পুনৰ 17 নৱেম্বৰলৈ লকডাউন ঘোষণা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.