ETV Bharat / state

ইটিভি ভাৰত অসমৰ সাংবাদিকলৈ যুৱ সাংবাদিকতা বঁটা - Special award to ETV Bharat Assam journalist

author img

By ETV Bharat Assamese Team

Published : Jun 9, 2024, 5:32 PM IST

Special award to ETV Bharat Assam journalist: সাংবাদিকতা তথা সমাজলৈ বিশেষ অবদান আগবঢ়োৱা ব্যক্তিসকললৈ বিশেষ সন্মান অখিল ভাৰতীয় ভোজপুৰী ছাত্ৰ সন্থাৰ গোলাঘাট জিলা সমিতিৰ । সংগঠনটোৱে কেইবাগৰাকীও ব্যক্তিলৈ আগবঢ়াইছে বিশেষ বঁটা । ইটিভি ভাৰত অসমৰ, কাজিৰঙাৰ সাংবাদিক ধ্ৰুৱজ্যোতি সাহালৈও আগবঢ়াই যুৱ সাংবাদিকতা বঁটা ।

Special award to ETV Bharat Assam journalist in Bokakhat
ধ্ৰুৱজ্যোতি সাহালৈ যুৱ সাংবাদিকতা বঁটা (ETV Bharat Assam)

গোলাঘাট,৯ জুন: সাংবাদিক তথা যুৱ সাংবাদিকক প্ৰেৰণা যোগোৱাৰ উদ্দেশ্যেৰে অখিল ভাৰতীয় ভোজপুৰী ছাত্ৰ সন্থাৰ গোলাঘাট জিলা সমিতিৰ বিশেষ পদক্ষেপ । জিলা সমিতিখনে কেইবাগৰাকীও সাংবাদিক তথা বিশেষ ব্যক্তিলৈ আবঢ়াইছে বঁটা । ইটিভি ভাৰত অসমৰ কাজিৰঙাৰ সাংবাদিক ধ্ৰুৱজ্যোতি সাহালৈ আগবঢ়াই যুৱ সাংবাদিকতা বঁটা ৷ সংগঠনটোৰ সভাপতি মণ্টু চাহু আৰু সম্পাদক বিজয় কানুৱে এক প্ৰেছ বিবৃতিযোগে সদৰী কৰে এই কথা ৷

সাংবাদিক ধ্ৰুৱজ্যোতি সাহাৰ লগতে জ্যেষ্ঠ সাংবাদিক ভবানন্দ কলিতালৈ জ্যেষ্ঠ সাংবাদিকতা বঁটা আৰু ধৰ্মেশ্বৰ হাজৰিকালৈ যুৱ সাংবাদিকতা বঁটা ঘোষণা কৰে ৷

ভবানন্দ কলিতালৈ জ্যেষ্ঠ সাংবাদিকতা বঁটা (ETV Bharat Assam)

ধৰ্মেশ্বৰ হাজৰিকালৈ যুৱ সাংবাদিকতা বঁটা (ETV Bharat Assam)

তদুপৰি, সংগঠনটোৱে সঞ্জীৱ (মুনমুন) শইকীয়া আৰু প্ৰাঞ্জল গগৈলৈ আগবঢ়াইছে ক্ৰীড়া সংগঠকৰ বঁটা ৷ অখিল ভাৰতীয় ভোজপুৰী ছাত্ৰ সন্থা, গোলাঘাট জিলা সমিতিৰ তৰফৰ পৰা জানিবলৈ দিয়া অনুসৰি, সংগঠনটোৰ উদ্যোগত অহা ১৬ জুন, ২০২৪ তাৰিখ, দেওবাৰে পুৱতি সাহিত্য সভা ভৱন, বোকাখাতত প্ৰদান কৰিব এই বঁটাসমূহ ৷

সঞ্জীৱ শইকীয়ালৈ ক্ৰীড়া সংগঠকৰ বঁটা (ETV Bharat Assam)

প্ৰাঞ্জল গগৈলৈ ক্ৰীড়া সংগঠকৰ বঁটা (ETV Bharat Assam)

কেৱল বঁটা প্ৰদানেই নহয় উক্ত দিনটোত শেহতীয়া হাইস্কুল শিক্ষান্ত পৰীক্ষা আৰু উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত উত্তীর্ণ ছাত্র-ছাত্রীসকলক জ্ঞাপন কৰা হ'ব সম্বর্ধনা ৷ ইতিমধ্যে প্ৰস্তুতি প্ৰায় সম্পূৰ্ণ হৈছে বুলি সদৰী কৰাৰ লগতে উদ্যোক্তাসকলে সকলো শুভাকাংক্ষীকে উপস্থিত হ’বলৈ অনুৰোধ জনাইছে ৷

উল্লেখ্য যে বিগত ১৭ টা বছৰে সাংবাদিকতাৰ স’তে জড়িত হৈ থকা ধ্ৰুৱজ্যোতি সাহাই পৰিৱেশ সুৰক্ষা আৰু পৰ্যটনৰ উত্তৰণৰ ক্ষেত্ৰত লোৱা আদৰণীয় পদক্ষেপৰ বাবে ইতিমধ্যেই পৰ্যটন সাংবাদিকতা বঁটা আৰু পৰিৱেশ সাংবাদিকতা লাভ কৰিবলৈ সক্ষম হৈছে ৷ তদুপৰি, সাংবাদিকতাৰ যোগেদি সমাজলৈ আগবঢ়োৱা সেৱাৰ বাবে ধ্ৰুৱজ্যোতি সাহাক বোকাখাত মহকুমা প্ৰশাসনে শেহতীয়াকৈ ৰাজহুৱাভাৱে সম্বৰ্ধনা জনায় ৷

লগতে পঢ়ক:গণশিল্পী সূৰ্য দাসলৈ অসম সাহিত্য সভাৰ বিষ্ণু ৰাভা শিল্পী সন্মান - Assam Sahitya Sabha

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.