COVID-19 Update: দৈনিক আঢ়ৈ শতাধিককৈ ক'ভিড পজিটিভ

author img

By

Published : Nov 18, 2021, 3:44 PM IST

Increase covid positive figure

ৰাজ্যত বৃদ্ধি পায়েই আছে ক’ভিডৰ সংক্ৰমণ ৷ বিগত তিনিদিনত ৰাজ্যত প্ৰতিদিনে প্ৰায় আঢ়ৈ শতাধিককৈয়ো অধিক লোক আক্ৰান্ত হৈছে কৰ’ণাত । এই তথ্য সদৰি কৰিছে ৰাজ্যৰ স্বাস্থ্য বিভাগে ৷

গুৱাহাটী, ১৮ নৱেম্বৰ: মোটামুটি ভাৱে ৰাজ্যত এতিয়া এক স্বাভাৱিক জীৱন যাত্ৰা আৰম্ভ হৈছে ৷ কিন্তু বৰ্তমানেও শাম কটা নাই ক'ভিডৰ সংক্ৰমণ । ইয়াৰ মাজতে ইতিমধ্যে প্ৰাথমিক স্তৰৰ পৰাই শিক্ষানুষ্ঠানসমূহত পুনৰ পাঠদান আৰম্ভ হৈছে ।

একে সময়তে কিন্তু কেইবাখনো বিদ্যালয়ত ক'ভিড সংক্ৰমণ তীব্ৰ হৈ উঠাৰ বাবে, তেনে বিদ্যালয়সমূহ কন্টেইনমেন্ট জ'ন হিচাপে ঘোষণা কৰি পাঠদান বন্ধ কৰি দিয়া হৈছে । বিগত তিনিটা দিনৰ চৰকাৰী তথ্যই স্পষ্ট কৰিছে যে, বিগত তিনি দিনত ৰাজ্যত আঢ়ৈ শতাধিককৈ ক'ভিড পজিটিভ লোক চিনাক্ত হৈছে । স্বাস্থ্য বিভাগৰ তথ্য অনুসৰি বিগত ১৫ নৱেম্বৰত সমগ্ৰ ৰাজ্যত আক্ৰান্তৰ সংখ্যা আছিল ২৫৩ গৰাকী ।

Increase covid positive figure
ক'ভিড পজিটিভৰ সংখ্যা বৃদ্ধি

ইয়াৰে ৮৭ গৰাকীয়েই আছিল গুৱাহাটী মহানগৰীৰ । ঠিক একেদৰে ১৬ নৱেম্বৰত অসমত আক্ৰান্তৰ সংখ্যা আছিল ২৪৭ গৰাকী । সেই দিনটোত গুৱাহাটীত আক্ৰান্ত হৈছিল ১১৯ গৰাকী ।

Increase covid positive figure
ৰাজ্যত বৃদ্ধি পায়েই আছে ক’ভিডৰ সংক্ৰমণ

আনহাতে, বুধবাৰৰৰ দিনটোত অৰ্থাৎ ১৭ নৱেম্বৰত ৰাজ্যখনত ক'ভিড আক্ৰান্তৰ সংখ্যা আছিল ২৫০ গৰাকী । ইয়াৰে ১০৬ গৰাকী গুৱাহাটীৰ । গতিকে এই তথ্যই স্পষ্ট কৰিছে যে, ৰাজ্যত বিগত তিনিদিনত প্ৰতিদিনে প্ৰায় আঢ়ৈ শতাধিককৈয়ো অধিক লোক আক্ৰান্ত হৈছে কৰ’ণা মহামাৰীত ।

লগতে পঢ়ক: Majuli Raas : ৰাস মহোৎসৱ চাবলৈ মাজুলীলৈ অহা প্ৰতিজন দৰ্শনাৰ্থীৰে কৰা হৈছে Covid test

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.