ETV Bharat / state

Assam electricity crisis: সঘন লোডশ্বেডিং; দৈনিক চাহিদাৰ ২৫০০ মেগাৱাট বিদ্যুতৰ বিপৰীতে ৰাজ্যৰ নিজা উৎপাদন ২৫০-৩০০ মেগাৱাট

author img

By ETV Bharat Assamese Team

Published : Sep 19, 2023, 4:06 PM IST

Updated : Sep 19, 2023, 4:44 PM IST

বিদ্যুতৰ ক্ষেত্রত ৰাজ্যখনক সক্ষমশীল কৰি তোলাৰ ক্ষেত্রত ব্যৰ্থ ৰাজ্য চৰকাৰ । বিদ্যুতৰ ক্ষেত্ৰত আনৰ ওপৰত নিৰ্ভৰশীল হোৱাৰ বাবেই সংকটজনক পৰিস্থিতিৰ সন্মুখীন হৈছে ৰাজ্যবাসী । নিজাকৈ বিদ্যুৎ উৎপাদনৰ ক্ষেত্ৰত কোনো ধৰণৰ গুৰুত্ব নিদিয়া চৰকাৰখনে মুকলি বজাৰৰ পৰা বিদ্যুৎ ক্ৰয় কৰাৰ ফলত প্ৰয়োজন হোৱা অতিৰিক্ত ধনৰ বাবে পুনৰ বিদ্যুতৰ মাচুল বৃদ্ধি কৰাৰ চিন্তা-চৰ্চা কৰিছে । প্ৰতিদিনে ৰাজ্যত প্রায় ৭০০ পৰা ৮০০ মেগাৱাট শক্তিৰ নাটনি ।

Assam electricity crisis
Assam electricity crisis

গুৱাহাটী,১৯ ছেপ্টেম্বৰ: অসহনীয় গৰম আৰু সঘন লোডশ্বেডিং । বিগত সময়ত এই প্ৰসংগই ৰাজ্য উত্তাল কৰি ৰাখিছিল । আনকি ঠায়ে ঠায়ে প্ৰতিবাদো হৈছিল । ৰাজনৈতিক মহলতো বিশেষভাৱে প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছিল । বৰ্তমান সময়ত বিষয়টোৰ চৰ্চা কমিছে যদিও সমস্যাৰ সমাধান হোৱা নাই । অব্যাহত আছে লোডশ্বেডিং আৰু গৰমৰ প্ৰকোপো কম হোৱা নাই ।

লক্ষণীয় বিষয় যে ৰাজ্যৰ শক্তি খণ্ডৰ সংস্কাৰৰ বাবে কোটি কোটি টকা ব্যয় কৰাৰ পাছতো এতিয়াও শক্তিহীন হৈ আছে ৰাজ্যৰ শক্তি বিভাগ । ২৪ ঘণ্টাই ৰাজ্যবাসীক বিদ্যুৎ যোগানৰ প্ৰতিশ্ৰুতি দিয়া মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন ৰাজ্য চৰকাৰখনৰ দিনত এতিয়া ৰাইজে বিদ্যুতৰ বাবে হাহাকাৰ কৰিব লগীয়া হৈছে ।

বিদ্যুতৰ ক্ষেত্রত ৰাজ্যখনক সক্ষমশীল কৰি তোলাৰ ক্ষেত্রত ব্যৰ্থ হোৱা ৰাজ্য চৰকাৰখনে বিদ্যুতৰ ক্ষেত্ৰত আনৰ ওপৰত নিৰ্ভৰশীল হোৱাৰ বাবেই আজিৰ এই সংকটজনক পৰিস্থিতিৰ সৃষ্টি হৈছে । নিজাকৈ বিদ্যুৎ উৎপাদনৰ ক্ষেত্ৰত কোনো ধৰণৰ গুৰুত্ব নিদিয়া চৰকাৰখনে এতিয়া মুকলি বজাৰৰ পৰা বিদ্যুৎ ক্ৰয় কৰাৰ ফলত প্ৰয়োজন হোৱা অতিৰিক্ত ধনৰ বাবে পুনৰ বিদ্যুতৰ মাচুল বৃদ্ধি কৰাৰ চিন্তা-চৰ্চা কৰিছে ।

বিদ্যুৎ যোগানৰ ক্ষেত্রত ক’বলৈ গ'লে একপ্ৰকাৰ হাত দাঙি দিছে ৰাজ্য চৰকাৰখনে । উল্লেখ্য যে আজিৰ তাৰিখত ৰাজ্যখনক দৈনিক ২৫০০ মেগাৱাট বিদ্যুতৰ প্ৰয়োজন হোৱাৰ বিপৰীতে ৰাজ্যখনত নিজাকৈ উৎপাদন হয় মাত্র ২৫০-৩০০ মেগাৱাট বিদ্যুৎ ।

বৰ্তমান সময়ত নামৰূপ তাপবিদ্যুৎ কেন্দ্ৰ, লাকুৱা তাপবিদ্যুৎ কেন্দ্র, কাৰ্বি লাংপি জলবিদ্যুৎ প্রকল্প আৰু ম্যানত্ৰিয়াং জলবিদ্যুৎ প্ৰকল্পৰ পৰা ৰাজ্যৰ প্ৰয়োজনীয় বিদ্যুতৰ জোৰা মৰা সম্ভৱ নহয় । এই প্রকল্পকেইটাই মুঠ ৪০৩ মেগাৱাট বিদ্যুৎ উৎপাদন কৰিব লাগে যদিও শেহতীয়াকৈ ক্ষমতা অনুসৰি শক্তি উৎপাদন কৰিব পৰা নাই ।

উল্লেখ্য যে ৬ ছেপ্টেম্বৰৰ দিনা যোগান ধৰিবলগীয়া ৪০৩ মেগাৱাট শক্তিৰ বিপৰীতে অব পিক আৱাৰ্ছত (Off-peak hours) ২৫২ মেগাৱাট আৰু পিক আৱাৰ্ছত ৩১৪ মেগাৱাট শক্তিহে যোগান ধৰিছে । লক্ষণীয় বিষয় যে ৰাজ্যৰ শক্তি বিভাগে দৈনিক নীপকো, এন এইচ পি চিৰ পৰা প্ৰায় ১৬০০ মেগাৱাট বিদ্যুৎ ক্রয় কৰে ।

এনে ক্ষেত্ৰত প্ৰতিদিনে ৰাজ্যত প্রায় ৭০০ পৰা ৮০০ মেগাৱাট শক্তিৰ নাটনি ঘটে । এই নাটনি পূৰাবলৈ পাৱাৰ একচেঞ্জৰ পৰা বিদ্যুৎ অধিক মূল্যত ক্ৰয় কৰিবলগা হয় । প্রতিদিনে মুকলি বজাৰৰ পৰা অতিৰিক্ত এই বিদ্যুৎ ক্ৰয় কৰিবলৈ শক্তি বিভাগে ৬ কোটি টকা পৰিশোধ কৰিব লাগে ।

সকলোতকৈ ডাঙৰ কথা যে ৰাজ্যখনত কেইবাটাও বিদ্যুৎ প্ৰকল্পৰ কাম আধৰুৱা হৈ আছে । কোনো এখন চৰকাৰেই এই প্রকল্পসমূহৰ কাম সম্পূৰ্ণ কৰাত গুৰুত্ব দিয়া নাই । ৩০ মেগাৱাটৰ শিলচৰৰ পাৱাৰ প্রজেক্ট, ৬৬০ মেগাৱাটৰ মাৰ্ঘেৰিটা থার্মেল প্রকল্প, বৰাপানীৰ ওচৰৰ ১৪ মেগাৱাটৰ প্রকল্পকে ধৰি প্ৰস্তাৱিত প্রকল্পসমূহ ৰূপায়ণ কৰা হোৱা নাই ।

ইয়াৰ বিপৰীতে চৰকাৰখনে এই প্রকল্পসমূহ ৰূপায়ণতকৈ আন ৰাজ্যৰ পৰা বিদ্যুৎ ক্ৰয় কৰাতহে গুৰুত্ব দি আহিছে । যাৰ ফলত এতিয়া প্ৰতিদিনে প্রায় ৬ কোটি টকা দি মুকলি বজাৰৰ পৰা বিদ্যুৎ ক্রয় কৰিবলৈ বাধ্য হৈ পৰিছে ৰাজ্য চৰকাৰখন । আনকি সমস্যা সমাধানত ব্যর্থ হোৱা মুখ্যমন্ত্ৰীয়ে ৰাজহুৱাকৈয়ে বিদ্যুতৰ এই সমস্যাৰ সৈতে ৰাইজক সহাৱস্থান কৰিবলৈ একপ্ৰকাৰ আহ্বান জনাইছে ।

এনে পৰিস্থিতিত ৰাইজে প্ৰতিবাদ কৰিও কোনো লাভ নাই । আনহাতে বিভিন্ন দল-সংগঠনেও এইক্ষেত্রত বৰ্তমান সক্ৰিয় হোৱা পৰিলক্ষিত হোৱা নাই ।

লগতে পঢ়ক: Akhil Gogoi: 23 বছৰ চৰকাৰত থাকি কেৱল নিজৰ সম্পত্তি গঢ়িলে হিমন্ত বিশ্ব শৰ্মাই; অখিল গগৈ

Last Updated :Sep 19, 2023, 4:44 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.