ETV Bharat / state

Covid protocol withdraw: 15 ফেব্ৰুৱাৰীৰ পৰা নাথাকিব ক'ভিড বিধি

author img

By

Published : Feb 14, 2022, 3:39 PM IST

Covid protocol withdraw
15 ফেব্ৰুৱাৰীৰ পৰা নাথাকিব ক'ভিড বিধি

ৰাজ্যত হ্ৰাস পালে ক’ভিডৰ সংক্ৰমণ ৷ সেয়েহে 15 ফেব্ৰুৱাৰীৰ পৰা নাথাকিব কোনোধৰণৰ ক’ভিড বিধি অথবা নিষেধাজ্ঞা ৷ স্বাস্থ্য বিভাগে ঘোষণা কৰিছে এই কথা (Assam govt to withdraw all COVID 19 restrictions from February 15) ।

গুৱাহাটী, ১৪ ফেব্ৰুৱাৰী: 15 ফেব্ৰুৱাৰীৰ পৰা ৰাজ্যত অতদিনৰে পৰা চলি অহা কোনোধৰনৰ ক'ভিড বিধি, নিষেধাজ্ঞা নাথাকিব । ৰাজ্যৰ স্বাস্থ্য বিভাগে জাৰি কৰিছে এই নতুন নিৰ্দেশনা (Assam govt to withdraw all COVID 19 restrictions from February 15) ।

দীৰ্ঘদিন ধৰি যিকোনো ৰোগত আক্ৰান্ত ৰোগী হাস্পতাললৈ চিকিৎসা গ্ৰহণৰ বাবে গ’লে অথবা হাস্পতালত ভৰ্তি হ’বলগীয়া হ'লে ৰোগীজনৰ ক'ভিড পৰীক্ষা বাধ্যতামূলক আছিল যদিও মঙলবাৰৰ পৰা সেই নিয়ম নাথাকিব (Mandatory Covid-19 examination will also be lifted) । চৰকাৰে সেই ব্যৱস্থা প্ৰত্যাহাৰ কৰিছে ৷

Covid protocol withdraw
15 ফেব্ৰুৱাৰীৰ পৰা নাথাকিব ক'ভিড বিধি

একেদৰে বিমান বন্দৰ, ৰে’লৱে ষ্টেচন অথবা সীমামূৰীয়া অঞ্চলত যাত্ৰীসকলৰ ক'ভিড পৰীক্ষা কৰাটোও আছিল বাধ্যতামূলক ৷ কিন্তু কাইলৈৰ পৰা প্ৰত্যাহাৰ হ’ব সেই ব্যৱস্থাও‌ । ৰাজ্য চৰকাৰৰ স্বাস্থ্য বিভাগৰ প্ৰধান সচিব অনুৰাগ গোয়েলে আজি জাৰি কৰা উক্ত নিৰ্দেশটোত কোৱা হয় যে, ইতিমধ্যে যিহেতু সমগ্ৰ দেশৰ লগতে অসমতো ক'ভিড সংক্ৰমণৰ সংখ্যা হ্ৰাস পাইছে সেয়েহে ৰাইজৰ সুবিধাৰ প্ৰতি লক্ষ্য ৰাখি ক’ভিধ সম্বন্ধীয় বিধিসমূহ শিথিল কৰাৰ বাবে চৰকাৰে সিদ্ধান্ত লৈছে ।

আনহাতে, মুখ্যমন্ত্ৰী ড৹ হিমন্তবিশ্ব শৰ্মাই ইতিমধ্যে ঘোষণা কৰিছে যে ১৫ ফেব্ৰুৱাৰীৰ পৰা ৰাজ্যত আৰু কোনোধৰণৰ ক'ভিড বিধি অথবা ক’ভিডৰ বাবে নিষেধাজ্ঞা নাথাকিব । বিদ্যালয়ৰ সকলো শ্ৰেণীৰ পাঠদানো ১৫ ফেব্ৰুৱাৰীৰ পৰা নিয়মীয়াকৈ আৰম্ভ হ’ব । নাথাকিব কোনো ধৰণৰ সান্ধ্য আইনো । কেৱল ৰাজহুৱা স্থানত সকলোৱে মাস্ক পৰিধান কৰাটোহে বাধ্যতামূলক হৈ থাকিব (Masks are mandatory)।

লগতে পঢ়ক: বিহুক পাঠ্যক্ৰমৰ পৰা আঁতৰোৱাৰ বিষয়ক লৈ ৰাজ্যজুৰি প্ৰতিক্ৰিয়া; শিক্ষামন্ত্ৰীৰ স্পষ্টিকৰণ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.