ETV Bharat / city

বিহুক পাঠ্যক্ৰমৰ পৰা আঁতৰোৱাৰ বিষয়ক লৈ ৰাজ্যজুৰি প্ৰতিক্ৰিয়া; শিক্ষামন্ত্ৰীৰ স্পষ্টিকৰণ

author img

By

Published : Feb 13, 2022, 7:18 PM IST

Updated : Feb 13, 2022, 7:45 PM IST

দেওবাৰে বিহু সন্দৰ্ভত মুখ খুলিলে শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুৱে (Ranoj Pegu on Bihu Removal) । কি ক’লে জানিবলৈ পঢ়ক সবিশেষ...

as-svr-13th-feb-802-ranuj-pegu-as10042
বিহুক লৈ ৰণোজ পেগুৰ স্পষ্টিকৰণ

শিৱসাগৰ, 13 ফেব্ৰুৱাৰী : বিহু আৰু স্বদেশ অধ্যয়ন বিষয় শিক্ষা সংসদে কৰ্তন কৰিবলৈ লোৱাকলৈ ৰাজ্যজুৰি তীব্ৰ প্ৰতিক্ৰিয়া অব্যাহত থকাৰ সময়তে দেওবাৰে শিৱসাগৰ আবৰ্ত ভৱনত এই সন্দৰ্ভত মুখ খুলিলে শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুৱে (Ranoj Pegu on Bihu Removal) । বিহু বিষয়টো এতিয়ালৈকে বাদ দিয়া হোৱা নাই বা এই বিষয়ে কোনো নিৰ্দেশনা ওলোৱা নাই বুলি সদৰি কৰিলে শিক্ষামন্ত্ৰী গৰাকীয়ে ।

"শিক্ষা সংসদত সম্প্ৰতি বিহুক কেন্দ্ৰক কৰি আলোচনা হৈছে । কাৰণ বিহু বিষয়টো ঐচ্ছিক বিষয় হিচাপে লোৱাত ছাত্ৰ ছাত্ৰী সকলৰ বিশেষ আগ্ৰহ দেখা নাই । সেয়ে এই বিষয়টো ন-ৰূপত সজাব পাৰি নেকি তাকলৈ এটা প্ৰস্তাৱ অসম চৰকাৰলৈ প্ৰেৰণহে কৰিছে ৷ পিছে এই পৰ্যন্ত কোনো ধৰণৰ সিদ্ধান্ত লোৱা নাই ৷" এইদৰে মন্তব্য কৰে শিক্ষামন্ত্ৰীগৰাকীয়ে । যি সিদ্ধান্তৰ দ্বাৰা ছাত্ৰ ছাত্ৰী সকলক আমাৰ জাতি, সংস্কৃতি, বুৰঞ্জী, ভূগোলৰ সম্যক জ্ঞান দিব পৰা হ'ব, তেনে সিদ্ধান্ত অচিৰেই লোৱা হ'ব বুলি উল্লেখ কৰে শিক্ষামন্ত্ৰী গৰাকীয়ে ।

বিহুক লৈ ৰণোজ পেগুৰ স্পষ্টিকৰণ

লগতে যিবিলাক বিষয় অধ্যয়ন কৰিলে ছাত্ৰ ছাত্ৰী লাভ হয়, নিয়োগৰ সম্ভাৱনা বাঢ়ে সেইবিলাক বিষয় নতুন ৰূপত সজাব পাৰি নেকি তাকলৈ চৰ্চা কৰি থকা হোৱা বুলিও জানিবলৈ দিয়ে শিক্ষামন্ত্ৰীগৰাকীয়ে ৷ একাদশ- দ্বাদশ শ্ৰেণীৰ বিজ্ঞানৰ ছাত্ৰ ছাত্ৰী সকলে চতুৰ্থ বিষয় হিচাপে 84 টা বিষয়ৰ পৰা এটা বাচনি কৰি ল'ব পাৰে । তাৰ ভিতৰতে বিহু বিষয়টোও আছে বুলি জানিব পৰা গৈছে । বুৰঞ্জী আৰু ভূগোল বিষয়টো অন্তৰ্ভুক্ত কৰিব পাৰি নেকি সেয়াও চৰ্চা হৈ আছে । খুউব সোনকালে এই সম্পৰ্কত সিদ্ধান্ত লোৱা হ’ব বুলি জানিব পৰা গৈছে ৷

ইয়াৰোপৰি, বিহু অন্তৰ্ভুক্ত হোৱাৰ লগে লগে বড়ো সংস্কৃতি, ঐনিতমৰ এটা বিষয় হ'ব লাগে বুলিও দাবী আহি আছে বুলি কয় শিক্ষামন্ত্ৰীগৰাকীয়ে । পিছে দ্বাদশ শ্ৰেণীৰ পিছত কলেজত ছাত্ৰ-ছাত্ৰী সকলে সেই ধাৰাবাহিকতা কেনেকৈ ৰক্ষা কৰিব, বিহু বুলিটো কলেজ পৰ্যায়ত বিষয় নাই । কিন্তু পৰিৱেশ্য কলা হিচাপে যদি আমি একাদশ শ্ৰেণীৰ পৰাই এই বিষয় বিলাক সজাই নিও তেতিয়া সুবিধা হ'ব । কাৰণ পৰিৱেশ্য কলা বা Performing arts ৰ স্নাতক , স্নাতকোত্তৰ ডিগ্ৰীলৈকে পঢ়াৰ ব্যৱস্থা আছে । অথবা অসমৰ লোক কলা সংস্কৃতি বুলি বিষয় কৰিব পাৰি নেকি সেই বিষয়ে চৰ্চা কৰা হৈছে । কিন্তু সিদ্ধান্ত একো হোৱা নাই " বুলি সদৰি কৰে মন্ত্ৰী ডাঃ ৰণোজ পেগুৱে ৷

লগতে পঢ়ক : Assamese Muga & Pat Silk: নিউয়ৰ্কত সৌৰভ বিলালে অসমৰ পাট-মুগাই

Last Updated : Feb 13, 2022, 7:45 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.