ETV Bharat / city

Assamese Muga & Pat Silk: নিউয়ৰ্কত সৌৰভ বিলালে অসমৰ পাট-মুগাই

author img

By

Published : Feb 13, 2022, 4:40 PM IST

sanjukta-dutta-at-new-york-fashion-week
নিউয়ৰ্কত সৌৰভ বিলালে অসমৰ পাট-মুগাই

নিউয়ৰ্ক ফেশ্বন উইকত অসম কন্যা সংযুক্তা দত্তৰ " আলফুল" প্ৰদৰ্শন ৷ আন্তঃৰাষ্ট্ৰীয় স্তৰত সুনাম অৰ্জন কৰা প্ৰসিদ্ধ ডিজাইনৰ সংযুক্তা দত্তই শনিবাৰে খোজ দিলে নিউয়ৰ্ক ফেশ্বন উইকৰ ৰেম্পত (Sanjukta dutta at New York fashion week) । সংযুক্তা দত্তৰ ডিজাইনেৰে নিউয়ৰ্কত সৌৰভ বিলালে অসমৰ পাট-মুগাই (Assamese Muga & Pat Silk) ৷

গুৱাহাটী, 13 ফেব্ৰুৱাৰী : নিউয়ৰ্ক চহৰত আন্তঃৰাষ্ট্ৰীয় স্তৰত জিলিকি উঠিল অসমৰ চহকী ছাঁতে শুকোৱা, মুঠিতে লুকুৱা পাট-মুগাৰ হাতে বোৱা মেখেলা-চাদৰ (Assamese Muga & Pat Silk) ৷ পাট-মুগাৰ তাঁতশালত হাতে বোৱা অনুপম চানেকিৰে ৰাষ্ট্ৰীয় তথা আন্ত:ৰাষ্ট্ৰীয় স্তৰত সুনাম অৰ্জন কৰা প্ৰসিদ্ধ ফেশ্বন ডিজাইনাৰ, অসম কন্যা সংযুক্ত দত্তই শনিবাৰে খোজ দিলে বিশ্বৰ অন্যতম জনপ্ৰিয় নিউয়ৰ্ক ফেশ্বন উইকৰ ৰেম্পত ।

চলিত বৰ্ষৰ বাবে নিউয়ৰ্ক ফেশ্বন উইকৰ তালিকাত আন্তৰ্জাতিক পৰ্যায়ৰ একাংশ বিখ্যাত ফেশ্বন ডিজাইনৰ সৈতে অসম কন্যা সংযুক্তা দত্তৰ নাম অন্তৰ্ভুক্ত হোৱা কাৰ্যই স্বাভাৱিকতে ৰাজ্যখনলৈ আনিছে এক ইতিবাচক বতৰা । সম্ভ্ৰান্ত এই নিউয়ৰ্ক ফেশ্বন উইকত অংশ লোৱাৰ সুযোগ পোৱা সংযুক্তা দত্তই হৈছে প্ৰথমগৰাকী অসমী ৷

নিউয়ৰ্কত সৌৰভ বিলালে অসমৰ পাট-মুগাই

মাৰ্কিন যুক্তৰাষ্টৰ নিউয়ৰ্ক চিটীৰ মানহাটত অনুষ্ঠিত বিশ্বৰ অন্যতম বৃহৎ ফেশ্বন ডিজাইন শ্ব' 'নিউয়ৰ্ক ফেশ্বন উইক-২০২২'ত এইবাৰ সংযুক্তা দত্তৰ ফেশ্বনৰ মূল "থীম" বা বিষয় হৈছে- "আলফুল" শীৰ্ষক ডিজাইন । "আলফুল" নামেৰে সৃষ্টি কৰা সংযুক্তা দত্তৰ এই অপৰূপ ডিজাইনত আছে অসমৰ স্বাভিমানৰ প্ৰতীক পাট-মুগাৰ হাতে বোৱা মেখেলা-চাদৰ (Assamese traditional Mekhela Sador) , বিশেষ শাৰী, ফ্লই- গাউনছ ( Flowy Gowns), দ্ৰেপ- স্কাৰ্ট ( Drape-Skirts) আৰু প্ৰাচ্য-প্ৰাচ্যত্বৰ সংমিশ্ৰণৰ লেহেংগা (Indo-Western Lehengas) ৰ আকৰ্ষণীয় বস্ত্ৰ সম্ভাৰ । অসমৰ থলুৱা চহকী হস্তশিল্পক আধুনিকতাৰ অপূৰ্ব সংমিশ্ৰণেৰে মহিলাৰ ভিন্নমুখী সাজপাৰক বিশ্বৰ অৰঙে-দৰঙে সমাদৃত কৰাই হ’ল সংযুক্তা দত্তৰ " আলফুল" ফেশ্বন ডিজাইনৰ মূল লক্ষ্য ।

এই প্ৰসংগত ডিজাইনাৰ সংযুক্তা দত্তই কয় যে, "আমাৰ বহু আকাংক্ষিত এক সপোন পূৰণ হ'ল । আমাৰ নিজৰ লগতে আমাৰ শিপিনীৰ বাবেও আজি এক অতি গৌৰৱৰ দিন যে অসমৰ থলুৱা ঐতিহ্যমণ্ডিত হস্তশিল্প বিশ্বপ্ৰসিদ্ধ নিউয়ৰ্ক ফেশ্বন উইকত প্ৰদৰ্শিত হৈছে । এনে সুখানুভুতি প্ৰকাশ কৰিবলৈ সঁচাকৈ আমাৰ ভাষা নাই ।” উক্ত অনুস্থানত নিউয়ৰ্কৰ ভাৰতীয় দূতাবাসৰ Mr. Randhir Jaiswal ( Consul General of India ), Dr. Varun Jeph ( Deputy Consul General of India ), Mr. Senthur Kumaran ( Director, India Tourism Office ), Ms. Prem Lata - VP State Bank of India আৰু নিউয়ৰ্ক নিবাসী বহু গণ্য-মান্য ব্যক্তি উপস্থিত থাকি সংযুক্তাৰ ডিজাইনৰ ভূয়সী প্ৰশংসা কৰে ।

উল্লেখ্য যে, অভিযন্তাৰ চৰকাৰী চাকৰি স্বেচ্ছাই ত্যাগ কৰি ফেশ্বন ডিজাইনৰ অত্যন্ত প্ৰত্যাহ্বানমূলক জগতখনত খোজ দিয়া সংযুক্তা দত্তই নিজৰ অনন্য প্ৰতিভা-কল্পদৃষ্টি আৰু সৃজনীশীলতাৰে নাতিদীৰ্ঘ সময়ৰ পৰিক্ৰমাত নিজৰ লগতে ৰাজ্যখনকো উজলাই তুলিবলৈ সক্ষম হৈছে । ইয়াৰ সমান্তৰালভাবে ডিজাইনাৰ সংযুক্তা দত্তই মুকলি কৰিছে অসমৰ থলুৱা শিপিনীৰ আত্মনিৰ্ভৰশীলতাৰ আন এক নতুন পথ । বলিউডৰ প্ৰখ্যাত অভিনেত্ৰী হেমা মালিনী, বিপাশা বসু, প্ৰীতি জিণ্টা, কৰিশ্মা কাপুৰ, জেৰিন খান আদিয়ে দেশৰ অন্যতম জনপ্ৰিয় ফেশ্বন শ্ব' লেকমে ফেশ্বন শ্ব' উইক, এফ ডি চি আইসহ একাধিক প্ৰসিদ্ধ ফেশ্বন শ্ব'ৰ ৰেম্পত সংযুক্তা দত্তই প্ৰস্তুত কৰা থলুৱা পাট-মুগাৰ ডিজাইনৰ বস্ত্ৰৰে বিশ্বৰ কোটি কোটি লোকৰ দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হৈছে ।

তদুপৰি 2015 চনত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানলৈ অহা ইংলেণ্ডৰ ৰাজবোৱাৰী কেট মিডলটনে পৰিধান কৰা আটকধুনীয়া সাজযোৰো প্ৰস্তত তথা ডিজাইন কৰিছিল অসম কন্যা ডিজাইনাৰ সংযুক্তা দত্তই । একক- অনন্য- অগতানুগতিক নিপুণ কলাশৈলীৰ বাবে আন্তৰ্জাতিক পৰ্যায়ৰ মাত্ৰ এমুঠিমান ডিজাইনাৰক নিউয়ৰ্ক ফেশ্বন উইকে নিজস্ব বাচনিৰে প্ৰতিবছৰে নিৰ্বাচন কৰে ।

লগতে পঢ়ক : Nagaon Police: আনন্দ মিশ্রবিহীন নগাঁৱত অব্যাহত আছে অপৰাধীৰ বিৰুদ্ধে অভিযান

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.