ETV Bharat / state

Assam Govt new liquor policy: চৰকাৰৰ ইচ্ছাত গাঁৱে-নগৰে উভৈনদী হ’ব ৰঙীণ পানীটুপি

author img

By

Published : Nov 4, 2022, 7:36 PM IST

Assam Govt new liquor policy
Assam Govt new liquor policy

সুৰাৰ বন্যাত উটিব অসম ৷ অসমৰ অৰ্থনীতিৰ ভেঁটিত পৰিণত সুৰা বিপণি ৷ অসমৰ গ্ৰাম্যাঞ্চলৰ ৯০% বাৰ হ’ব সুৰা বিপণি ৷ গুৱাহাটীৰ শ্বপিংমলৰ পৰা সৰু চহৰলৈ ভৰিব সুৰা বিপণিৰে (New liquor policy of Assam Govt) ৷

গুৱাহাটী, 4 নৱেম্বৰ: অৰ্থনৈতিক সংকট মোচনৰ বাবেই অসম চৰকাৰে ৰাজ্যত বোৱাব সুৰাৰ বন্যা ৷ ৰাজ্য চৰকাৰৰ শেহতীয়া সুৰা নীতিয়ে যেন তাকেই মুকলিকৈ প্ৰকাশ কৰিছে (New liquor policy of Assam Govt) ৷ বাৰবোৰ হ’ব সুৰা বিপণি ৷ গুৱাহাটীৰ শ্বপিং মলৰ পৰা চহৰে চহৰে, গাঁৱে-ভূঞে হ’ব সুৰাৰ বিপণি ৷ যোৱা ৫ আগষ্টৰ আৱকাৰী আয়ুক্তৰ এখন পত্ৰই জোকাৰণি তুলিছে অসমজুৰি ৷ এই পত্ৰ অনুসৰি ৰাজ্যত জিলাই জিলাই নতুন সুৰাৰ বিপণি স্থাপনৰ বাবে ঠাই বিচৰা হৈছে (Assam Govt planned to open new wine shops) ।

সুৰাৰ বন্যাত উটিব অসম

কেৱল নলবাৰীতে নতুনকৈ হ’ব ১৭ খন সুৰাৰ বিপণি ৷ কামৰূপ গ্ৰাম্য জিলাত হ’ব ৩৭ খন নতুন বিপণি ৷ গুৱাহাটীত শ্বপিং মলতো সুৰা বিক্ৰীৰ পৰিকল্পনা (Liquor in Assam shopping mall) ৷ এক কথাত সুৰাৰ ওপৰতে বিশেষভাৱে নিৰ্ভৰশীল হৈ পৰিছে অসমৰ অৰ্থনীতি (Revenue collection from liquor) ৷ ৰাজ্যৰ আৱকাৰী মন্ত্ৰী পৰিমল শুক্লবৈদ্যৰ মন্তব্যতে প্ৰকাশ পাইছে এই তথ্য ৷

পিছে নতুন নীতিৰ ফলত সুৰাপায়ী বৃদ্ধি নাপায় বুলি দাবী মন্ত্ৰীজনৰ ৷ চুলাই জাতীয় সস্তীয়া সুৰা আৰু অৰুণাচলী সুৰাৰ অবাধ প্ৰচলন ৰোধৰ বাবেহে বঢ়াব খোজা হৈছে সুৰাৰ দোকানৰ সংখ্যা ৷ উন্নত কৰিব বিচৰা হৈছে আৱকাৰী ৰাজহ সংগ্ৰহ ব্যৱস্থা (Excise revenue in Assam) ৷

মন্ত্ৰীয়ে স্বীকাৰ নকৰিলেও তথ্যই কয়, ৰাজ্যৰ ভগ্ন অৰ্থনীতিৰ মূল ভেটি হৈ পৰিছে সুৰাৰ পৰা অহা টকা৷ ২০২১-২২বৰ্ষত ১৯৩০ কোটি টকা আবকাৰী ৰাজহ সংগ্ৰহ ৷ ২০২০-২১তকৈ ২০% বেছি ৷ ২২-২৩ত ৩০০০ কোটি টকা সংগ্ৰহৰ লক্ষ্য অসম চৰকাৰৰ ৷ সেয়ে ৰাজ্যজুৰি চৰকাৰৰ নতুন সুৰা নীতিক লৈ সমালোচনা আৰম্ভ হৈছে ৷ যাক লৈ চৰকাৰ আৰু বিজেপি দলটো অস্বস্তিত পৰিছে ৷ কিন্তু ভগ্ন অৰ্থনীতিৰ জোৰা মৰাৰ বাবে চৰকাৰৰ হাতত নাই কোনো আন বিকল্প ৷

লগতে পঢ়ক: Wine Shop Controversy: অবৈধ সুৰাৰ প্ৰচলন ৰোধৰ বাবেহে নতুন সুৰাৰ বিপণী: শুক্লবৈদ্য

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.