ETV Bharat / state

Wine Shop Controversy: অবৈধ সুৰাৰ প্ৰচলন ৰোধৰ বাবেহে নতুন সুৰাৰ বিপণী: শুক্লবৈদ্য

author img

By

Published : Nov 2, 2022, 8:25 PM IST

ৰাজ্য চৰকাৰৰ ৰাজ্যজুৰি নতুনকৈ শ শ বিলাতী সুৰাৰ দোকানৰ অনুজ্ঞা-পত্ৰ দিয়াৰ পৰিকল্পনা (Assam Govt plan to more wine shop licenses) । ইয়াৰ দ্বাৰা বছৰি আবকাৰী ৰাজহৰ পৰিমাণ ৩ হাজাৰ কোটি টকালৈ বৃদ্ধি কৰাৰ লক্ষ্য নিৰ্ধাৰণ ।

wine
wine

গুৱাহাটী, ২ নৱেম্বৰ : ৰাজহ সংগ্ৰহৰ লক্ষ্যৰে ৰাজ্য চৰকাৰে ৰাজ্যজুৰি নতুনকৈ শ শ বিলাতী সুৰাৰ দোকানৰ অনুজ্ঞা-পত্ৰ দিয়াৰ পৰিকল্পনা কৰিছে (Assam Govt plan to more wine shop licenses) । ইয়াৰ দ্বাৰা বছৰি আবকাৰী ৰাজহৰ পৰিমাণ তিনি হাজাৰ কোটি টকালৈ বৃদ্ধি কৰাৰ লক্ষ্য নিৰ্ধাৰণ কৰা হৈছে (plan to increase excise revenue) ।

Wine Shop Controversy : অবৈধ সুৰাৰ প্ৰচলন ৰোধৰ বাবেহে নতুন সুৰাৰ বিপণী : পৰিমল শুক্লবৈদ্য

নতুনকৈ সুৰাৰ বিপণী খোলাৰ বাবে চৰকাৰে লোৱা সিদ্ধান্তক লৈ ৰাজ্যজুৰি ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে (reaction about new wine shop license) । সমাজত নেতিবাচক প্ৰভাৱ পৰিব বুলি ইয়াৰ বিৰোধিতা কৰিছে বিভিন্ন দল-সংগঠনে । নতুনকৈ সুৰাৰ বিপণী খোলাৰ প্ৰসংগত বুধবাৰে সংবাদ মাধ্যমৰ আগত মুখ খুলিলে আবকাৰী মন্ত্রী পৰিমল শুক্লবৈদ্যই (Excise Minister Parimal Suklabaidya) ।

তেওঁ কয়, ৰাজ্যত শীঘ্ৰেই বৃদ্ধি হ’ব সুৰাৰ বিপণী । সুৰাৰ নতুন বিপণীৰ অনুজ্ঞা-পত্ৰৰ ক্ষেত্ৰত সমীক্ষা চলি আছে বুলি মন্ত্রীগৰাকীয়ে কয় । তেওঁ লগতে কয় যে ৰাজহ সংগ্ৰহৰ বাবে নহয়, অৰুণাচলৰ তথা অবৈধ সুৰাৰ প্ৰচলন ৰোধ কৰাৰ বাবেহে নতুন সুৰাৰ বিপণীৰ অনুজ্ঞা-পত্ৰ দিয়া হ'ব । লগতে ৰাইজক চুলাই মদৰ সলনি ভাল সুৰা সেৱন কৰিবলৈও আহ্বান আবকাৰী মন্ত্ৰী শুক্লবৈদ্যৰ । আনহাতে, সকলো বাৰৰ অনুজ্ঞা-পত্ৰ সুৰাৰ বিপণীলৈ পৰিৱৰ্তন হোৱাৰ কথাও সদৰী কৰে মন্ত্ৰীগৰাকীয়ে ।

তেওঁ লগতে কয় যে বিজেপি চৰকাৰৰ দিনত মাত্ৰ ২০ খন সুৰাৰ বিপণীৰ বাবেহে বিজ্ঞাপন দিয়া হৈছে । ইয়াৰে ১০খন মানৰহে অনুজ্ঞা-পত্ৰ এতিয়ালৈ দিয়া হৈছে । ইয়াৰ ফলত চলিত বিত্তীয় বৰ্ষত আবকাৰী ৰাজহ বৃদ্ধি হ’ব বুলিও তেওঁ প্ৰকাশ কৰে । বিগত বিত্তীয় বৰ্ষত ৩০০০ কোটি টকা ৰাজহ সংগ্ৰহ হোৱা বুলিও তেওঁ উল্লেখ কৰে ।

তেওঁ লগতে কয় যে যিবোৰ অঞ্চলত সুৰাৰ বিপণী নাই তাত মানুহে চুলাই বা অৰুণাচলৰ সুৰা পান কৰে । যাৰ বাবে চৰকাৰৰ ৰাজহ লোকচান হয় । সেয়ে ক’ত ক'ত সুৰা বিপণীৰ প্ৰয়োজন আছে তাৰ সমীক্ষা চলোৱা হৈছে আৰু সমীক্ষাৰ পাছত অনুজ্ঞা-পত্র দিয়া হ'ব বুলি তেওঁ প্ৰকাশ কৰে । তেওঁ লগতে কয়, "আমি কাকো সুৰাপান কৰিবলৈ দিয়া নাই, কিন্তু অবৈধ প্ৰক্ৰিয়াটো বন্ধ কৰিব খুজিছোঁ । ৰাজহ সংগ্ৰহৰ বাবে তেনে কৰিব খোজা নাই । কোনো লোকে যদি সুৰা পান কৰে তেন্তে ভাল সুৰা পান কৰক । স্থানীয় চুলাই পান কৰি বহু লোকৰ মৃত্যু হৈছে । মানুহে যাতে ভাল সুৰা পান কৰি জীয়াই থাকে তাৰ চিন্তা কৰা হৈছে ।"

তেওঁ লগতে কয় যে জনগোষ্ঠীয় পানীয়ও যাতে ভালদৰে বিক্ৰী কৰিব পাৰে তাৰবাবেও আইন অনাৰ কথা চিন্তা কৰা হৈছে । লগতে তেওঁৰ সংযোজন, সুৰা বিক্ৰী বা ব্যৱহাৰ বেছি হোৱা নাই, আমি মূল্যও বৃদ্ধি কৰা নাই । মাথোঁ ৰাজহ সংগ্ৰহ কৰাৰ ব্যৱস্থাটোহে উন্নত কৰা বুলি মন্ত্ৰীগৰাকীয়ে কয় ।

লগতে পঢ়ক :Cuentos De La Abuela: স্পেনিছ ভাষাতো প্ৰকাশ পালে ৰসৰাজৰ বুঢ়ী আইৰ সাধু

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.