ETV Bharat / state

Sarbananda Sonowal : উন্নত কৰা হ’ব অসমৰ ২০ খন‌ নদীৰ জল-পৰিবহনৰ আন্তঃগাঁথনি

author img

By

Published : Jan 9, 2023, 8:19 PM IST

১৩ জানুৱাৰীত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে ফ্লেগ অফ্ কৰিব গংগা আৰু ব্ৰহ্মপুত্ৰ সংযোগী নতুন জলপথ আৰু ক্ৰুজ যাত্ৰাৰ । গুৱাহাটীত নিৰ্মাণ কৰিবলগীয়া জল পৰিবহনৰ দক্ষতা বিকাশ কেন্দ্ৰৰো মুকলি কৰিব প্ৰধানমন্ত্ৰীগৰাকীয়ে (Varanasi to Dibrugarh river cruise)৷ কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে সোমবাৰে এই কথা জানিবলৈ দিয়াৰ লগতে কয় যে অসমৰ 20 খন নদীৰ জল-পৰিবহনৰ আন্তঃগাঁথনি উন্নত কৰা হ’ব ৷

Sarbananda Sonowal
সাংবাদিকৰে মত বিনিময় কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ

সাংবাদিকৰে মত বিনিময় কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ

গুৱাহাটী, 9 জানুৱাৰী: কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ সাংবাদিকৰ সৈতে মত বিনিময় অনুষ্ঠান সোমবাৰে গুৱাহাটীৰ তাজ ভিভান্টাত অনুষ্ঠিত হয় । অনুষ্ঠানত কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে বিভিন্ন বিষয় বিশেষকৈ জল পৰিবহন ব্যৱস্থা সম্পৰ্কে সাংবাদিকসকলৰ লগত মত বিনিময় কৰে ৷ তেওঁ কয় যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ নেতৃত্বত ২০১৪ চনৰ পৰা দেশৰ জল পৰিবহন ব্যৱস্থাৰ আমূল পৰিবৰ্তন হৈছে ৷ দেশত জল পৰিবহনৰ আন্তঃগাথঁনিৰ উন্নয়ন হৈছে বুলি মন্তব্য কৰে কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে (Union minister Sarbananda Sonowal)৷

তেওঁ কয়, ‘‘নতুন কাৰ্গো জাহাজ, ক্ৰুজ যাত্ৰা বৃদ্ধি হৈছে ৷ বাংলাদেশৰ লগত ভাৰতৰ জল পৰিবহনৰ নতুন সংযোগ আৰম্ভ হৈছে ৷ জল পৰিবহনৰ জৰিয়তে দেশৰ অৰ্থনীতিৰ উন্নয়ন সম্ভৱ হৈছে ৷ নতুন নতুন জাহাজ ঘাট, জাহাজ নিৰ্মাণ কাৰখানা আৰু জাহাজ মেৰামতি কেন্দ্ৰ আদি গঢ়ি উঠিছে’’ ৷

তেওঁ আৰু কয় যে, অহা ১৩ জানুৱাৰীত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে গংগা আৰু ব্ৰহ্মপুত্ৰক সংযোগ কৰি নতুন জলপথ আৰু ক্ৰুজ যাত্ৰাৰ ফ্লেগ অফ্ কৰিব (Ganga Brahmaputra waterway) । লগতে গুৱাহাটীত নিৰ্মাণ কৰিবলগীয়া জল পৰিবহনৰ দক্ষতা বিকাশ কেন্দ্ৰৰ প্ৰতিষ্ঠান প্ৰধানমন্ত্ৰীয়ে মুকলি কৰিব৷ প্ৰধানমন্ত্ৰীয়ে এইসমূহ ভাৰ্চুৱেলী মুকলি কৰিব বুলি সৰ্বানন্দ সোণোৱালে জানিবলৈ দিয়ে ৷ সৰ্বানন্দ সোণোৱালে কয় যে, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ নেতৃত্বত উত্তৰ পূৰ্বাঞ্চলৰ উন্নয়ন হৈছে ৷

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ নেতৃত্বত Act east policy কাৰ্যকৰী হৈছে বুলি মন্তব্য কৰি কেন্দ্ৰীয় মন্ত্ৰী সোণোৱালে কয় যে, আগতে এয়া ফাইলতে আছিল ৷ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে অহা ১৩ জানুৱাৰীত ৩২০০ কিলোমিটাৰ দৈৰ্ঘৰ বাৰাণসীৰ পৰা ডিব্ৰুগড়লৈ গংগা আৰু ব্ৰহ্মপুত্ৰক সংযোগ কৰি নতুন জলপথ আৰু এই জলপথৰে ক্ৰুজ যাত্ৰাৰ ফ্লেগ অফ কৰিব (Longest river cruise)৷ যোৱা এপ্ৰিলত মুম্বাইত অনুষ্ঠিত আন্তঃৰাষ্ট্ৰীয় ক্ৰুজ অধিৱেশনত(International Cruise conference Mumbai) এই বিষয়ে সিদ্ধান্ত লোৱা হৈছিল ৷

51 দিনৰ ভিতৰত বাৰাণসীৰ পৰা এই ক্ৰুজ বাংলাদেশক স্পৰ্শ কৰি ডিব্ৰুগড়ত উপস্থিত হ’ব বুলি মন্তব্য কৰি সোণোৱালে কয়, ‘‘কেবাখনো ৰাজ্য পাৰ হৈ এই ক্ৰুজ আহিব ৷ দেশৰ ২৭ খন‌ নদী অতিক্ৰম কৰি এই ক্ৰুজে যাত্ৰা কৰিব ৷ এই ক্ৰুজৰ দৈৰ্ঘ 62 মিটাৰ ৷ চুইজাৰলেণ্ডৰ ৩৬ গৰাকী পৰ্যটকক লৈ এই ক্ৰুজৰ যাত্ৰা আৰম্ভ কৰা হ’ব ৷ প্ৰতিগৰাকী পৰ্যটকে এই যাত্ৰাৰ বাবে ৩০০ ডলাৰকৈ খৰচ নিজাকৈ বহন কৰিব’’ (Varanasi to Dibrugarh river cruise) ৷

তেওঁ জনায়, ‘‘Act East Policy ৰ দ্বাৰা চুবুৰীয়া ৰাষ্ট্ৰসমূহ উপকৃত হ’ব ৷ অসমত ক্ৰুজ উদ্যোগ গঢ়ি তোলা হ'ব (Cruise in Assam)৷ অসমৰ ২০ খন‌ নদীত ৰাজ্য চৰকাৰৰ সহযোগত জল পৰিবহনৰ আন্তঃগাথঁনি উন্নত কৰা হ'ব ৷ অহা ১৩ জানুৱাৰী পৰা পান্ডুত জাহাজ মেৰামতিৰ কাৰখানা Ocean Shipping Limited ৰ জৰিয়তে আৰম্ভ কৰা হ'ব ৷ ৰে’লৱে আৰু ৰাষ্ট্ৰীয় ঘাইপথ আৰু জলপথৰ মাজত যোগাযোগ ব্যৱস্থাৰ কাম অহা ১৩ জানুৱাৰীত মোডীয়ে উদ্বোধন কৰিব । এয়া পাণ্ডুৰ পৰা আৰম্ভ কৰা হ’ব’’৷

Skill Development for North East Institute গুৱাহাটীত আৰম্ভ কৰা হ’ব বুলি উল্লেখ কৰি সৰ্বানন্দ সোণোৱালে কয় যে ইয়াত নিবনুৱা যুৱক-যুৱতীক প্ৰশিক্ষণ দিয়া হ’ব ৷ এওঁলোকে ইয়াৰ জৰিয়তে জল পৰিবহনত কাম পোৱাৰ‌ ব্যৱস্থা কৰা হ’ব ৷ অহা 13 জানুৱাৰীত ইয়াৰ আধাৰশিলা স্থাপন কৰা হ'ব ৷ সৰ্বানন্দ সোণোৱালে কয় যে, Cargo নিৰ্মাণৰ বাবদ প্ৰয়োজনীয় কেঁচামাল বাহিৰৰ পৰা জলপথেৰে ডিব্ৰুগড়লৈ অনাৰ বাবে ব্যৱস্থা কৰা ৷

ব্ৰক্ষ্মপুত্ৰৰ পৰা ধনশিৰি নদীৰে নুমলীগড়লৈ জলপৰিবহন কৰাৰ বাবে অহা মাৰ্চত ধনশিৰী নদীত খনন আৰম্ভ কৰা হ'ব বুলি কেন্দ্ৰীয় সৰ্বানন্দ সোণোৱালে সদৰী কৰে ৷

লগতে পঢ়ক: Youths arrested for misbehaving: বিমানত এয়াৰ হোষ্টেছৰ সৈতে দুৰ্ব্যৱহাৰ কৰাৰ অভিযোগত দুজন যুৱকক গ্ৰেপ্তাৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.