ETV Bharat / bharat

Youths arrested for misbehaving: বিমানত এয়াৰ হোষ্টেছৰ সৈতে দুৰ্ব্যৱহাৰ কৰাৰ অভিযোগত দুজন যুৱকক গ্ৰেপ্তাৰ

author img

By

Published : Jan 9, 2023, 2:26 PM IST

শেষ হোৱা নাই ইণ্ডিগ’ বিমানসেৱাৰ বিতৰ্ক ৷ এইবাৰ ইণ্ডিগ’ বিমানত সুৰামত্ত যাত্ৰীয়ে এয়াৰ হোষ্টেছৰ সৈতে দুৰ্ব্যৱহাৰ কৰাৰ লগতে কেপ্টেইনক মাৰ ধৰ কৰিবলৈ যোৱাৰ অভিযোগত দুই যুৱকক গ্ৰেপ্তাৰ কৰা হৈছে (Drunken Ruckus in Indigo flight)৷

youths arrested for misbehaving with air hostess in Indigo flight at Patna Airport
দুৰ্ব্যৱহাৰ কৰাৰ অভিযোগত যুৱকৰ দল গ্ৰেপ্তাৰ

নেশ্যনেল ডেস্ক, 9 জানুৱাৰী: কালিকা লাগিছে ইণ্ডিগ’ বিমানত (Indigo flight incident)৷ ইটোৰ পিছত সিটো বিতৰ্কই লগ নেৰা হৈছে ইণ্ডিগ’ বিমানক ৷ এইবাৰ দেওবাৰে বিমানত এয়াৰ হোষ্টেছৰ সৈতে দুৰ্ব্যৱহাৰ কৰাৰ অভিযোগত দুই যুৱকক গ্ৰেপ্তাৰ কৰা হৈছে (Drunken Ruckus in Indigo flight)৷

দিল্লীৰ পৰা পাটনালৈ (Delhi to Patna flight)যোৱা ইণ্ডিগ’ ফ্লাইট ৬ই ৬৩৮৩ নম্বৰ (Indigo Flight 6E 6383)বিমানত সুৰাপান কৰি তিনিজন যুৱক উঠিছিল ৷ সুৰামত্ত যুৱককেইজন ইমানেই নিচাত আছিল যে তেওঁলোকে বিমানখনত হুলস্থুল কৰাৰ লগতে কেপ্টেইনগৰাকীকো আক্ৰমণ কৰিবলৈ উদ্যত হৈছিল (Assaulting Air hostess and Captain) ৷ যুৱকৰ দলটোক এনে কাম কৰিবলৈ বাধা প্ৰদান কৰিবলৈ অহা এয়াৰ হোষ্টেছৰ লগতে দুৰ্বৱ্যহাৰ কৰিছিল যুৱকৰ দলটোৱে (Drunkards Beat Up Air Hostess and Captain)৷

জানিব পৰামতে যুৱকৰ দলটোৱে বিমানত উঠাৰ পৰাই আট্টহাস্য কৰি হুলস্থুল কৰিবলৈ আৰম্ভ কৰিছিল ৷ বিমানৰ কৰ্মচাৰীসকলে তেওঁলোকক বুজাবলৈ চেষ্টা কৰিছিল, কিন্তু তেওঁলোকৰ অতপালি বন্ধ হোৱা নাছিল ৷

বিমানখনত নিশা প্ৰায় 10 বজাত পাটনাত অৱতৰণ (Patna Airport) কৰাৰ পিছতে যুৱকৰ দলটোক গ্ৰেপ্তাৰ কৰা হয় ৷ বিমানখনত হুলস্থূলৰ সৃষ্টি কৰা পিন্টু নামৰ এজন যাত্ৰী পলাই যায়, আনহাতে দুজন যাত্ৰীক নিতিন কুমাৰ আৰু ৰোহিত কুমাৰ বুলি চিনাক্ত কৰা হৈছে ৷ ইতিমধ্যে চি আই এছ এফে নিতিন আৰু ৰোহিতক গ্ৰেপ্তাৰ কৰিছে (Youths arrested for misbehaving with air hostess)৷

গ্ৰেপ্তাৰ কৰা দুয়োজন যাত্ৰীয়ে প্ৰথমে ৰাজনীতিবিদসকলক ভাবুকি দি আছিল আৰু কোনোবা সময়ত নিজকে সাংবাদিক হিচাপে প্ৰমাণ কৰিবলৈ চেষ্টা কৰিছিল ৷ চি আই এছ এফে দুয়োজন যাত্ৰীক বিমানবন্দৰ আৰক্ষী থানাক গতাই দিছে (Youths Arrested from Patna Airport for Assaulting) ৷

যেতিয়া বিমানবন্দৰ আৰক্ষী থানাৰ বিষয়াই তেওঁলোকৰ উশাহৰ পৰীক্ষা কৰিছিল তেতিয়াই তেওঁলোকে সুৰাপান কৰি অহা বুলি ধৰা পৰিছিল ৷ বাতৰি লিখাৰ সময়লৈকে দুয়োজন যাত্ৰীক বিমানবন্দৰ আৰক্ষী থানাত ৰখা হৈছে ৷ বৰ্তমান, স্থানীয় আৰক্ষীয়ে বিমানবন্দৰৰ পৰা পলাতক পিন্টু কুমাৰক গ্ৰেপ্তাৰ কৰিবলৈ চেষ্টা কৰি আছে ৷ একে সময়তে পিণ্টুৰ নাম ঠিকনাবিমানসেৱা বাহিনীয়ে আৰক্ষীক প্ৰদান কৰিছে।

উল্লেখ্য যে ইণ্ডিগ’ বিমানসেৱাত এনে ধৰণৰ ঘটনা সম্প্ৰতি বৃদ্ধি হৈছে ৷ শেহতীয়াকৈ আমেৰিকা-দিল্লী এয়াৰ ইণ্ডিয়াৰ বিমানৰ (Air India flight) বিজনেছ ক্লাছত (business class) এজন ব্যক্তিয়ে এগৰাকী মহিলা যাত্ৰীৰ গাত প্ৰস্ৰাৱ কৰাৰ অভিযোগ উত্থাপিত হৈছিল (man allegedly urinated on woman passenger)। এগৰাকী ৭০ বছৰীয়া এগৰাকী মহিলা যাত্ৰীৰ গাত প্ৰস্ৰাৱ কৰিছিল এজন সুৰামত্ত যাত্ৰীয়ে (Flight Passenger urinates on a woman)। এই ঘটনাই বিশ্বজুৰি চৰ্চা লাভ কৰিছিল ।শুকুৰবাৰে দিল্লী আৰক্ষীয়ে বেংগালুৰুৰ পৰা গ্ৰেপ্তাৰ কৰিছিল শংকৰ মিশ্ৰক ।

লগতে পঢ়ক: AIR India passenger urinating case : অভিযুক্ত শংকৰ মিশ্ৰক বেংগালুৰুৰ পৰা গ্ৰেপ্তাৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.