ETV Bharat / state

শিক্ষকৰ ক্ষেত্রত চৰকাৰৰ প্ৰণাম আঁচনিৰ বিপৰীত স্থিতি

author img

By ETV Bharat Assamese Team

Published : Dec 17, 2023, 3:55 PM IST

Teacher Transfer Portal Assam
শিক্ষক বদলিকৰণ অসম চৰকাৰ

Teacher Transfer Portal Assam : শিক্ষকৰ ক্ষেত্ৰত অধিক কঠোৰ শিক্ষা বিভাগ । পিতৃ-মাতৃ, স্বামী-পত্নী গুৰুতৰ ৰোগত আক্ৰান্ত হ'লেও নহ'ব বদলি । কেৱল নিজৰ বা সন্তানৰ গুৰুতৰ ৰোগৰ ক্ষেত্ৰতহে পাব বদলিৰ সুবিধা । ‘শিক্ষা সেতু’ৰ লগতে সংলগ্ন কৰি বদলিৰ বাবে দিয়া প'ৰ্টেলত কেৱল নিজৰ আৰু সন্তানৰ ৰোগৰ বাবেহে বদলিৰ আৱেদন জনোৱাৰ ব্যৱস্থা ৰাখিছে শিক্ষা বিভাগে ।

গুৱাহাটী, ১৭ ডিচেম্বৰ: সময়ে সময়ে চৰকাৰে বিভিন্ন নিৰ্দেশনা জাৰি কৰি একপ্ৰকাৰ ব্যতিব্যস্ত কৰি তুলিছে শিক্ষকসকলক । শেহতীয়াকৈ চাকৰি নিয়মীয়াকৰণত চৰ্ত আৰোপ কৰি হতাশাৰ মাজলৈ ঠেলি দিয়া ঠিকাভিত্তিক শিক্ষকসকলৰ মূৰত আৰু এটা মাধমাৰ শোধালে শিক্ষা বিভাগে ।

শিক্ষকৰ পিতৃ-মাতৃ জটিল ৰোগত আক্ৰান্ত হৈ থাকিলেও বদলিৰ ক্ষেত্ৰত কোনোধৰণৰ অনুকম্পা নেদেখুৱায় শিক্ষা বিভাগে । পিতৃ-মাতৃক সেৱা আগবঢ়াবলৈ বিশেষ ছুটীৰ ব্যৱস্থা কৰি ‘প্ৰণাম’ আঁচনি গ্ৰহণ কৰা চৰকাৰখনে শিক্ষকৰ ৰোগাক্ৰান্ত পিতৃ-মাতৃৰ ক্ষেত্ৰত বিপৰীত স্থিতি গ্ৰহণ কৰিছে । গুৰুতৰ ৰোগত আক্ৰান্ত হৈ থাকিলেও পিতৃ-মাতৃক চোৱাচিতা কৰিবলৈ শিক্ষকসকলে গৃহ জিলালৈ বদলি হোৱাৰ সুযোগ নিদিয়াৰ নতুন নীতি গ্ৰহণ কৰিছে শিক্ষা বিভাগে ।

কেৱল পিতৃ-মাতৃয়ে নহয়, শিক্ষকৰ পত্নী নাইবা শিক্ষয়িত্ৰীৰ স্বামী ৰোগাক্ৰান্ত হৈ থাকিলেও বদলিৰ সুবিধা নিদিয়ে শিক্ষা বিভাগে । শিক্ষা বিভাগে গ্ৰহণ কৰা শিক্ষক বদলিকৰণৰ এই নতুন নিয়মে হতাশ কৰিছে শিক্ষক সমাজক । বদলিৰ ক্ষেত্ৰত শিক্ষা বিভাগে গ্ৰহণ কৰা এই নতুন নীতিৰ আওতাত কেৱল ঠিকাভিত্তিক শিক্ষকসকলেই নহয়, নিয়মীয়া শিক্ষকসকলো থাকিব ।

‘শিক্ষা সেতু’ৰ লগত সংলগ্ন কৰি বদলিৰ বাবে দিয়া প'ৰ্টেলত কেৱল নিজৰ আৰু সন্তানৰ ৰোগৰ বাবেহে আৱেদন জনোৱাৰ ব্যৱস্থা ৰাখিছে শিক্ষা বিভাগে । শিক্ষক বা সন্তানৰ কৰ্কট, কিডনীৰ ৰোগ, পেৰালাইচিচ, এইচ আই ভি, অ'পেন হার্ট ছাৰ্জাৰী, লিভাৰ চিৰ'ছিচ আদি ছয়টা ৰোগত আক্ৰান্তসকলৰ বাবেহে বদলিৰ আৱেদন প'ৰ্টেলটোত গ্ৰহণযোগ্য হ’ব ।

উল্লেখ্য যে শিক্ষাবিভাগত প্ৰায় ১৭ হাজাৰ একক বদলিৰ আৱেদন পৰি আছে । পিতৃ-মাতৃ তথা শিক্ষক জটিল ৰোগত আক্ৰান্ত হ'লে বদলিৰ বাবে ২০২২ চনৰ আগষ্ট মাহতে আৱেদন জনাবৰ বাবে ৰাজ্যৰ শিক্ষা বিভাগে সুবিধা দিছিল । ফলত শিক্ষকসকলে পিতৃ-মাতৃৰ ৰোগৰ বিৱৰণসহ একক বদলিৰ বাবে hrmsassam.in প'ৰ্টেলত আৱেদন জনাইছিল ।

শিক্ষা বিভাগে ১০ বছৰৰ অধিক কাল শিক্ষকতা কৰি থকা দূৰৰ কোনো জিলাৰ পৰা নিজ জিলালৈ একক বদলিৰ বাবে প'ৰ্টেলত আৱেদন গ্ৰহণ কৰিছিল । 'শিক্ষা সেতু’ এপ ব্যৱহাৰ কৰাৰ পাছত বদলিৰ আৱেদন গ্ৰহণৰ সময় ২৮ অক্টোবৰত বন্ধ কৰি শিক্ষা বিভাগে যোৱা এক নৱেম্বৰত এখন জাননী জাৰি কৰিছিল ।

উক্ত জাননীৰ ভিত্তিত শেহতীয়াকৈ ৰাজ্যৰ শিক্ষা বিভাগে কেৱল শিক্ষক আৰু তেওঁৰ সন্তানৰ অতি গুৰুতৰ ৰোগত আক্ৰান্ত হোৱা শিক্ষককহে বদলিৰ সুবিধা দিয়াত ৰোগাক্ৰান্ত পিতৃ-মাতৃ বা পত্নী, স্বামীৰ পৰা বছৰ বছৰ ধৰি দূৰত চাকৰি কৰি থকা শিক্ষকসকলৰ মাজত হতাশাৰ সৃষ্টি কৰিছে । লক্ষ্যণীয় বিষয় যে বিভিন্ন সময়ত চৰকাৰ তথা শিক্ষা বিভাগে বিভিন্ন নিৰ্দেশনা জাৰি কৰি শিক্ষকসকলক 'লক্ষ্য' কৰি লোৱা পৰিলক্ষিত হৈছে ।

লগতে পঢ়ক: চৰকাৰে উচ্ছেদ অভিযানৰ নাটকখন বন্ধ কৰিব লাগে : ৰেজাউল কৰিম সৰকাৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.