ETV Bharat / state

15 দিনৰ ভিতৰত দাবী পূৰণ নকৰিলে আন্দোলনৰ হুংকাৰ অসম কলেজ শিক্ষক সংস্থাৰ

author img

By ETV Bharat Assamese Team

Published : Nov 21, 2023, 8:10 PM IST

Assam College Teachers Association
আন্দোলনৰ হুংকাৰ অসম কলেজ শিক্ষক সংস্থাৰ

গুৱাহাটী প্ৰেছ ক্লাৱত অসম কলেজ শিক্ষক সংস্থাৰ সংবাদমেল ৷ 15 দিনৰ ভিতৰত শিক্ষক সংস্থাৰ দাবী পূৰণ নকৰিলে আন্দোলনৰ হুংকাৰ দিয়ে সংস্থাৰ সাধাৰণ সম্পাদক ড৹ জয়ন্ত বৰুৱাই (Assam College Teachers Association)৷

আন্দোলনৰ হুংকাৰ অসম কলেজ শিক্ষক সংস্থাৰ

গুৱাহাটী, 21 নৱেম্বৰ : ‘‘বাৰম্বাবাৰ মুখ্যমন্ত্ৰী,শিক্ষামন্ত্ৰী, শিক্ষা উপদেষ্টাক লগ কৰি আহিছো । তেওঁলোকে আমাৰ সমস্যা সমাধানৰ বাবে আশ্বাস দি আহিছে ৷ কিন্তু আজিলৈ সমাধান নহ’ল । সেয়ে আমাৰ দাবী, সমস্যা সমাধান কৰি ন্যায় প্ৰদান কৰক ৷’’ এই ভাষ্য অসম কলেজ শিক্ষক সংস্থাৰ সাধাৰণ সম্পাদক ড৹ জয়ন্ত বৰুৱাৰ ৷

উল্লেখ্য যে, মঙলবাৰে গুৱাহাটী প্ৰেছ ক্লাৱত অসম কলেজ শিক্ষক সংস্থাই সম্বোধন কৰে এক সংবাদমেল ৷ শিক্ষক সংস্থাৰ দাবী- অসম কলেজ শিক্ষকৰ দীৰ্ঘদিনীয়া দাবীসমূহ চৰকাৰে শীঘ্ৰেই সমাধান কৰি দিয়ক ৷ চৰকাৰে যদিহে তেওঁলোকৰ সমস্যা শীঘ্ৰেই সমাধান নকৰে তেন্তে আগন্তুক সময়ত তীব্ৰ প্ৰতিবাদী কাৰ্যসূচী গঢ়ি তোলাৰো হুংকাৰ প্ৰদান কৰে অসম কলেজ শিক্ষক সংস্থাই ।

এই সংবাদমেলতে অসম কলেজ শিক্ষক সংস্থাৰ সাধাৰণ সম্পাদক ড৹ জয়ন্ত বৰুৱাই আৰু কয়, ‘‘চৰকাৰ তথা শিক্ষা বিভাগে সহযোগী অধ্যাপকলৈ পদোন্নতিৰ তালিকা প্ৰকাশ কৰাৰ লগতে সহকাৰী অধ্যাপকৰ প্ৰস্তুত কৰি ৰখা পদোন্নতি তালিকাখনো প্ৰকাশ কৰিব লাগে ৷

পি এইচ ডি, এম ফিলৰ জলপানীৰ পৰিমাণ বৃদ্ধি কৰা, ফেব্ৰুৱাৰী আৰু জুন মাহৰ ভিতৰত যোগদান কৰা শিক্ষকে পাবলগীয়া অতিৰিক্ত দৰমহা বৃদ্ধিৰ ব্যৱস্থা প্ৰৱৰ্তন কৰা, NPS ৰ পৰিৱৰ্তে OPS প্ৰৱৰ্তন কৰা, বকেয়া ধন আদায় দিয়া, ন-প্ৰাদেশীকৃত মহাবিদ্যালয়ৰ সমস্যা সমাধান কৰা, অৱসৰৰ সময়সীমা ৬৫ বছৰলৈ বৃদ্ধিকে ধৰি মুঠ ১২ টা দাবী উত্থাপন কৰে অসম কলেজ শিক্ষক সংস্থাই ।

মুখ্যমন্ত্ৰী আৰু শিক্ষামন্ত্ৰীৰ প্ৰতিশ্ৰুতিত আশ্বস্ত হ'ব পৰা নাই শিক্ষকসকল । 15 দিনৰ ভিতৰত এই দাবীসমূহ পূৰণ নকৰিলে পুনৰ আন্দোলনৰ কাৰ্যসূচী ৰূপায়ণৰ হুংকাৰ দিয়ে শিক্ষক সংস্থাই ৷

লগতে পঢ়ক : অভি-নীল হত্যাকাণ্ডৰ সাক্ষ্যগ্ৰহণ সম্পূৰ্ণ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.