অভি-নীল হত্যাকাণ্ডৰ সাক্ষ্যগ্ৰহণ সম্পূৰ্ণ
Published: Nov 21, 2023, 6:55 PM

অভি-নীল হত্যাকাণ্ডৰ সাক্ষ্যগ্ৰহণ সম্পূৰ্ণ
Published: Nov 21, 2023, 6:55 PM
চূড়ান্ত ৰায়ৰ দিশে নীল-অভি হত্যাকাণ্ডৰ গোচৰৰ বিচাৰ প্ৰক্ৰিয়া । নগাঁও আদালতত সম্পূৰ্ণ নীল-অভি হত্যাকাণ্ডৰ গোচৰৰ সাক্ষ্যগ্ৰহণ । পৰৱৰ্তী সময়ত বিপক্ষৰ অধিবক্তাই দৰ্শাব পাৰে আপত্তি (Horrific Abhi Neel incident) ।
নগাঁও, ২১ নৱেম্বৰ : অৱশেষত চূড়ান্ত হোৱাৰ দিশে আগবাঢ়িছে অভি-নীল হত্যাকাণ্ডৰ গোচৰৰ বিচাৰ প্ৰক্ৰিয়া । ২০১৮ চনতে সংঘটিত হৈছিল সমগ্ৰ ৰাজ্য কঁপাই যোৱা ডকমকাৰ নীল-অভি হত্যাকাণ্ড । পাহাৰীয়া কাৰ্বিভূমিৰ প্ৰাকৃতিক সৌন্দৰ্য উপভোগ কৰিবলৈ গৈ এদল পাষণ্ডৰ হাতত প্ৰাণ হেৰুৱাইছিল গুৱাহাটীৰ দুই চফল ডেকা নিলোৎপল দাস আৰু অভিজিৎ নাথে । যি হত্যাকাণ্ডক লৈ সমগ্ৰ ৰাজ্যজুৰি সৃষ্টি হৈছিল প্ৰতিক্ৰিয়া আৰু প্ৰতিবাদ ।
ঘটনা সংঘটিত হোৱাৰ পিচতেই ২৭ জনকৈ অভিযুক্তক গ্ৰেপ্তাৰ কৰি কম সময়ৰ ভিতৰতে অভিযোগনামা দাখিল কৰিবলৈ সক্ষম হৈছিল ডিফু আৰক্ষী । ৰাজ্য কঁপাই যোৱা নীল অভি হত্যাকাণ্ডৰ গোচৰৰ বিচাৰ প্ৰক্ৰিয়া প্ৰথমাৱস্থাত ডিফু আদালতত আৰম্ভ হৈছিল ৷
কিন্তু পৰৱৰ্তী সময়ত নীল অভিৰ পৰিয়ালৰ আপত্তি মৰ্মে ডিফু আদালতৰ বিপৰীতে নগাঁও জিলা আৰু সত্ৰ ন্যায়াধীশ আদালতত বিচাৰ প্ৰক্ৰিয়া চলাবলৈ নিৰ্দেশ দিয়ে গুৱাহাটী উচ্চ ন্যায়ালয়ে । গুৱাহাটী উচ্চ ন্যায়ালয়ৰ নিৰ্দেশ মতেই নগাঁও আদালতত চলি থকা নীল-অভি হত্যাকাণ্ডৰ গোচৰৰ মুঠ ৭১ গৰাকী সাক্ষীৰ সাক্ষ্য গ্ৰহণ মঙলবাৰে সম্পূৰ্ণ হয় নগাঁও জিলা আৰু সত্ৰ ন্যায়াধীশ আদালতত ।
গোচৰটোৰ তদন্তকাৰী আৰক্ষী বিষয়াসহ মুঠ ৭১ গৰাকীকৈ সাক্ষীৰ সাক্ষ্যগ্ৰহণ প্ৰক্ৰিয়া সম্পূৰ্ণ হোৱাত পৰৱৰ্তী সময়ত অভিযুক্তৰ পক্ষৰ অধিবক্তাই আপত্তি দৰ্শোৱাৰ সম্ভাৱনা আছে । বিপক্ষৰ অধিবক্তাৰ আপত্তিৰ পিচত চৰকাৰী পক্ষৰ অধিবক্তাই যুক্তি দৰ্শোৱাৰ পিচতেই চূড়ান্ত হ'ব গোচৰটোৰ ৰায়দান ।
সকলোৰে জ্ঞাত যে, প্ৰায় পাঁচ বছৰ পূৰ্বেই পাহাৰীয়া কাৰ্বিভূমিৰ প্ৰাকৃতিক সৌন্দৰ্য উপভোগ কৰিবলৈ গৈ গুৱাহাটীৰ দুই যুৱক নিলোৎপল দাস আৰু অভিজিৎ নাথে এদল দুস্কৃতিকাৰীৰ হাতত প্ৰাণ হেৰুৱাইছিল (Dokmoka mob lynching)।
পৰৱৰ্তী পৰ্যায়ত এই ঘটনাত জড়িত ৪৭ জনকৈ অভিযুক্তক গ্ৰেপ্তাৰ কৰি প্ৰেৰণ কৰা হৈছিল জেল হাজোতলৈ । বৰ্তমানো কাৰাবন্দী আটাইকেইজন অভিযুক্ত ।
