ETV Bharat / state

মধ্য প্ৰদেশ, ছত্তীশগড়ৰ নিৰ্বাচন আৰু হিমন্ত বিশ্ব শৰ্মা

author img

By ETV Bharat Assamese Team

Published : Dec 5, 2023, 9:59 PM IST

৭৮ খন নিৰ্বাচনী সভাৰে তিনি ৰাজ্যৰ নিৰ্বাচনত দৃষ্টি কাঢ়িলে হিমন্ত বিশ্ব শৰ্মাই । অসমৰ 'অৰুণোদয়'ৰ আৰ্হিৰে মধ্যপ্ৰদেশত 'লাডলী বেহনা', ছত্তীশগড়ত 'মহটাৰী বন্দন' আঁচনিয়ে বিজেপিক দিলে বিশেষ মাইলেজ৷ মধ্যপ্ৰদেশ-ছত্তীশগড়ত বিজেপিৰ সফলতাত অসমৰ অৰুণোদয় আঁচনি আৰ্হিৰ অৰিহণা ৷

cm himanta biswa sarma
ড৹ হিমন্ত বিশ্ব শৰ্মাৰ সংবাদমেল

ড৹ হিমন্ত বিশ্ব শৰ্মাৰ সংবাদমেল

গুৱাহাটী, 5 ডিচেম্বৰ : “ শেহতীয়া ৫ ৰাজ্যৰ বিধানসভা নিৰ্বাচনত ৩ ৰাজ্যৰ বিজয়ৰ সকলো কৃতিত্ব দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ৷ তেখেতৰ নামতেই সকলোৱে ভোট দি এই বৃহৎ জয় কৰাইছে ৷ হিমন্ত বিশ্ব শৰ্মাক চাই কোনেও ভোট নিদিয়ে ৷” তিনি ৰাজ্যত বিজেপিৰ বৃহৎ জয়ক লৈ মঙলবাৰে এই মন্তব্য কৰে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই ।

ৰাষ্ট্ৰীয পৰ্যায়ত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ নাম ব্যাপক ৰূপত চৰ্চিত হৈছে মধ্যপ্ৰদেশ আৰু ছত্তীশগড়ৰ বিজেপিৰ বিশাল জয়ৰ পাচত ৷ সাংবাদিকৰ প্ৰশ্নত মঙলবাৰে গুৱাহাটীৰ বাজপেয়ী ভৱনত মুখ্যমন্ত্ৰীগৰাকীয়ে নিজকে বিজেপিৰ ৰণ কৌশলৰ এজন সৈনিক ৰূপেহে উল্লেখ কৰে ৷ তেনেদৰে উল্লেখ কৰিলেও কিন্তু এই দুই ৰাজ্যৰ নিৰ্বাচনী ফলাফলে ৰাষ্ট্ৰীয় ৰাজনীতিত গুৰুত্ব আৰু প্ৰাসংগিকতা অধিক কৰি তুলিলে হিমন্ত বিশ্ব শৰ্মাৰ ৷

মধ্য প্ৰদেশ, ছত্তীশগড়ৰ নিৰ্বাচন আৰু হিমন্ত বিশ্ব শৰ্মা : শেহতীয়া ৫ ৰাজ্যৰ নিৰ্বাচনী ফলাফলে ৰাষ্ট্ৰীয় প্ৰেক্ষাপটত ৰাজনৈতিক গুৰুত্ব অধিক বৃদ্ধি কৰি তুলিলে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ । লাহে লাহে অসমৰ পৰা নিজৰ ৰাজনৈতিক ক্ষেত্ৰৰ পৰিসৰ বৃদ্ধি কৰি ৰাষ্ট্ৰীয় পৰ্যায়তো এতিয়া এক চৰ্চিত নাম হৈ পৰিছে হিমন্ত বিশ্ব শৰ্মা ৷

মধ্যপ্ৰদেশ, ছত্তীশগড়, ৰাজস্থানত বিজেপিৰ বিপুল বিজয়ৰ আঁৰত আছে ড৹ হিমন্ত বিশ্ব শৰ্মাৰো অৰিহণা৷ উক্ত নিৰ্বাচনত মুঠ ৭৮ খন ৰাজহুৱা নিৰ্বাচনী সভাত অংশগ্ৰহণ কৰিছিল ড৹ শৰ্মাই ৷ তাৰ উপৰিও নিৰ্বাচনী ৰণ কৌশলৰো অংশীদাৰ আছিল হিমন্ত বিশ্ব শৰ্মা ।

অসমৰ বিজেপি চৰকাৰৰ আঁচনিৰ আধাৰতে নতুন আঁচনিৰ ৰূপায়নৰ ফলত মধ্য প্ৰদেশত যাদুকৰী ফলাফল লাভ কৰে । আনফালে ছট্টিশগড়ত আঁচনি ঘোষণাৰে ঈৰ্ষণীয় জয় লাভ কৰিলে বিজেপিয়ে৷ অসমত অৰুণোদয়ৰ যোগেদি প্ৰতিমাহে এগৰাকী মহিলাৰ বেংক একাউন্টত ১,২৫০ টকাকৈ প্ৰদান কৰিছিল । অসমৰ 'অৰুণোদয়' আৰু মধ্যপ্ৰদেশৰ 'লাডলী বেহনা' আঁচনিৰ আৰ্হিৰেই বিজেপিয়ে এইবাৰ ছত্তীশগড়ৰ নিৰ্বাচনী প্ৰচাৰত 'মহটাৰী বন্দন' আঁচনিৰ প্ৰতিশ্ৰুতি আগবঢ়াইছিল ৷ প্ৰতিগৰাকী বিবাহিত মহিলাক এহেজাৰ টকাকৈ বেংক একাউণ্টত প্ৰদানৰ কথাও ঘোষণা কৰিছিল । উক্ত ঘোষণাই ছত্তীশগড়ত বিজেপিৰ বাবে মেজিকৰ দৰে কাম কৰা বুলি চৰ্চিত হৈছে ।

তেতিয়া ২০২০ বৰ্ষ । হিমন্ত বিশ্ব শৰ্মা মুখ্যমন্ত্ৰী নাছিল ৷ বিত্তমন্ত্ৰী আছিল ড৹ শৰ্মা ৷ মুখ্যমন্ত্ৰী আছিল সৰ্বানন্দ সোণোৱাল ৷ সেই বর্ষৰে ২ অক্টোবৰত বিত্তমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বিশেষ তৎপৰতাত আৰম্ভ হৈছিল 'অৰুণোদয়' আঁচনি ৷ সেই আৰ্হিৰেই বিজেপি শাসিত মধ্য প্ৰদেশত নিৰ্বাচনৰ পূৰ্বেই কাৰ্যকৰী হোৱা 'লাডলী বেহনা’ আৰু ছত্তিশগড়ত 'মহটাৰী বন্দন'ৰ প্ৰতিশ্ৰুতিয়ে এতিয়া দেশবাসীৰ দৃষ্টি কাঢ়িছে ।

স্বাভাৱিকতে এনেবোৰ কাৰণত ৰাষ্ট্ৰীয় পৰ্যায়ত চৰ্চিত হৈছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ৰাজনৈতিক দক্ষতাৰ কথা । যোৱা ৩ ডিচেম্বৰত ঘোষিত মধ্যপ্ৰদেশ, ৰাজস্থান, ছত্তীশগড়ৰ নিৰ্বাচনী ফলাফল ড৹ হিমন্ত বিশ্ব শৰ্মাৰ বাবে হৈ পৰিছে এক টাৰ্নিং পইণ্ট ৷ বিজেপিৰ ৰাষ্ট্ৰীয় ৰাজনীতিত গুৰুত্ব অধিক বৃদ্ধি পালে মুখ্যমন্ত্ৰী ড৹ শৰ্মাৰ ৷

উল্লেখ্য যে, মধ্যপ্ৰদেশ আৰু ছত্তীশগড়ত বিজেপিৰ বিজয় একেবাৰেই সহজ নাছিল ৷ কিন্তু মধ্য ভাৰতৰ দুয়োখন ৰাজ্যতে বিজেপিৰ বিজয়ৰ আঁৰত অন্যতম ভূমিকা ল’লে 'লাডলী বেহনা' আৰু 'মহটাৰী বন্দন' আঁচনিয়ে । মধ্যপ্ৰদেশত শিৱৰাজ সিং চৌহানে এই বছৰৰ ৫ মাৰ্চত নিৰ্বাচনকেন্দ্ৰিক আঁচনি 'লাডলী বেহনা' আৰম্ভ কৰে ৷

নিৰ্বাচনকেন্দ্ৰিক আঁচনিখন আৰম্ভ কৰাৰ পূৰ্বে মুখ্যমন্ত্ৰী হিমন্তবিশ্ব শৰ্মা তিনিবাৰকৈ মধ্যপ্ৰদেশত শিৱৰাজ সিং চৌহানৰ সৈতে আলোচনাত মিলিত হৈছিল । পৰৱৰ্তী সময়ত অৰুণোদয় আঁচনিৰ লগত জড়িত অসম চৰকাৰৰ বিষয়া দুবাৰকৈ মধ্যপ্ৰদেশলৈ গৈ ৰাজ্যখনৰ চৰকাৰী বিষয়াক অসমৰ 'অৰুণোদয়' আঁচনিৰ বিষয়ে বুজাবলৈ আলোচনাত মিলিত হৈছিল ।

আনহাতে মিজোৰামৰ ৰাজনীতিত মনোনিৱেশ কৰা নাছিল বিজেপিয়ে ৷ সেয়ে হিমন্ত বিশ্ব শৰ্মা প্ৰায় আঁতৰি আছিল মিজোৰামৰ ৰাজনীতিৰ পৰা৷ নিৰ্বাচন অনুষ্ঠিত হোৱা ছত্তীশগড়, মধ্যপ্ৰদেশ, ৰাজস্থান আৰু তেলেংগানা- এই চাৰি ৰাজ্যত অক্টোবৰৰ শেষভাগৰ পৰা ২৭ নৱেম্বৰলৈ মুখ্যমন্ত্ৰী শর্মাই সৰ্বমুঠ ৭৮ খন নিৰ্বাচনী সভাত অংশগ্ৰহণ কৰি সকলোৰে দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হয় ৷

ইয়াৰ উপৰি ভালেসংখ্যক ৰোড শ্ব’ আৰু সংবাদমেল সম্বোধনেৰে ৰাষ্ট্ৰীয় ৰাজনীতিত পূৰ্বতকৈও অধিক শক্তিশালী ৰূপত দেখা গ’ল অসমৰ মুখ্যমন্ত্ৰীগৰাকীক ।

ছত্তীশগড়: ছত্তীশগড়ত মুঠ ৩৩ খন নিৰ্বাচনী সভা, দুটা ৰোড শ্ব' আৰু এখন সংবাদমেল সম্বোধন কৰিছিল ড৹ শৰ্মাই ৷

মধ্যপ্ৰদেশ : ১৬ ছেপ্টেম্বৰৰ পৰা ১১ নৱেম্বৰলৈ মধ্যপ্ৰদেশত মুখ্যমন্ত্ৰীয়ে ২০ খন নিৰ্বাচনী সভাত অংশগ্ৰহণ কৰে । দুখনকৈ সংবাদমেল সম্বোধন কৰিছিল হিমন্ত বিশ্ব শৰ্মাই ।

ৰাজস্থান : যোৱা ২০ ছেপ্টেম্বৰৰ পৰা ২৩ নৱেম্বৰলৈ ৰাজস্থানত মুখ্যমন্ত্ৰী শর্মাই অংশগ্ৰহণ কৰিছিল ১৭ খন নিৰ্বাচনী গণসভাত ।

তেলেংগানা : জয়ৰ আশা নাথাকিলেও তেলেংগানাৰ নিৰ্বিচনী ৰণতো পিছুৱাই নৰ’ল হিমন্ত বিশ্ব শৰ্মা । যোৱা ২২ নৱেম্বৰৰ পৰা ২৭ নৱেম্বৰৰ ভিতৰত তেলেংগানাত ৮ খন নিৰ্বাচনী সভাত ভাগ ল’লে অসমৰ মুখ্যমন্ত্ৰীগৰাকীয়ে ৷

এক কথাত বিজেপিৰ ছুপাৰ ষ্টাৰ কেম্পেইনাৰৰূপে হিমন্ত বিশ্ব শৰ্মাই নৱেম্বৰৰ বিধানসভা নিৰ্বাচনত ভূমিকা পালন কৰিছিল৷ ইয়াৰোপৰি অংশীদাৰ হৈছিল মধ্যপ্ৰদেশ আৰু ছত্তীশগড়ৰ দৰে গুৰুত্বপূৰ্ণ দুখন ৰাজ্যৰ বিজেপিৰ ৰণনীতিৰ ৷ অৱশ্যে এই গোটেই নিৰ্বাচনী প্ৰচাৰসূচীত অসমৰ মুখ্যমন্ত্ৰীগৰাকীয়ে বিভিন্ন বিতৰ্কিত মন্তব্য কৰি সোমাই পৰিছিল বিতৰ্কৰ শিৰোনামতো ৷

লগতে পঢ়ক : তেলেংগানাৰ মুখ্যমন্ত্ৰী হ’ব ৰেৱন্ত ৰেড্ডী; 7 ডিচেম্বৰত শপত গ্ৰহণ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.