ETV Bharat / bharat

তেলেংগানাৰ মুখ্যমন্ত্ৰী হ’ব ৰেৱন্ত ৰেড্ডী; 7 ডিচেম্বৰত শপত গ্ৰহণ

author img

By ETV Bharat Assamese Team

Published : Dec 5, 2023, 8:14 PM IST

তেলেংগানাৰ পৰৱৰ্তী মুখ্যমন্ত্ৰী হ’ব ৰাজ্যখনৰ কংগ্ৰেছ দলৰ সভাপতি ৰেৱন্ত ৰেড্ডী ৷ অহা 7 ডিচেম্বৰত শপত গ্ৰহণ কৰিব নেতাগৰাকীয়ে ৷

Telangana new CM
Telangana new CM Revanth Reddy

নিউজ ডেস্ক, 5 ডিচেম্বৰ: অশেষ জল্পনা-কল্পনাৰ অন্তত তেলেংগানাত কংগ্ৰেছে ঘোষণা কৰিলে মুখ্যমন্ত্ৰীৰ নাম ৷ তেলেংগানা প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰেৱন্ত ৰেড্ডী হ’ব দক্ষিণৰ ৰাজ্যখনৰ নতুন মুখ্যমন্ত্ৰী ৷ নিখিল ভাৰত কংগ্ৰেছ কমিটীৰ সভাপতিৰ মল্লিকাৰ্জুন খাৰ্গেৰ বাসগৃহত অনুষ্ঠিত দলটোৰ শীৰ্ষ নেতাৰ এক বৈঠকত এই সিদ্ধান্ত গ্ৰহণ কৰা হৈছে ৷

কংগ্ৰেছৰ সাধাৰণ সম্পাদক কে চি বেনুগোপালে দিল্লীত ঘোষণা কৰে যে তেলেংগানাৰ উন্নয়নৰ প্ৰতি লক্ষ্য ৰাখি তথা কংগ্ৰেছ বিধায়িনী দলৰ সদস্যসকলৰ পৰামৰ্শ অনুসৰি এই সিদ্ধান্ত গ্ৰহণ কৰা হৈছে ৷ দল হাইকমাণ্ডে ৰেৱন্ত ৰেড্ডীক কংগ্ৰেছ বিধায়িনী দলৰ মুৰব্বী তথা মুখ্যমন্ত্ৰী হিচাপে বাচনি কৰিছে ৷ বেনুগোপালে লগতে কয় যে অহা 7 ডিচেম্বৰত ৰেৱন্ত ৰেড্ডীয়ে মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰিব ৷

নিৰ্বাচনৰ ফলাফল ঘোষণা হোৱাৰ পিচৰে পৰা এই বিষয়টোৱে ব্যাপক চৰ্চা লাভ কৰিছিল যে ৰেৱন্ত ৰেড্ডী তেলেংগানাৰ পৰৱৰ্তী মুখ্যমন্ত্ৰী হ’ব ৷ কিন্তু এই বিষয়ত মঙলবাৰে দুপৰীয়া পৰ্যন্ত কোনো নিশ্চয়তা নাছিল ৷ কংগ্ৰেছৰ ফালৰ পৰাও ইয়াৰ ইংগিত প্ৰদান কৰা হোৱা নাছিল ৷ গাচিবাউলীৰ এল্লা হোটেলত একত্ৰিত হোৱা কংগ্ৰেছৰ বিধায়কসকলে একক বাক্যৰ প্ৰস্তাৱ গ্ৰহণ কৰে আৰু সেই সিদ্ধান্ত দলটোৰ ৰাষ্ট্ৰীয় সভাপতি মল্লিকাৰ্জুন খাৰ্গেলৈ প্ৰেৰণ কৰে ৷

ভাট্টি বিক্ৰমাৰ্ক, সিতাক্কা আদি কেইবাগৰাকীও বিধায়কে এই সিদ্ধান্তত সন্মতি প্ৰদান কৰে ৷ কংগ্ৰেছ বিধায়িনী দলে প্ৰস্তাৱটো কৰ্ণাটকৰ উপ-মুখ্যমন্ত্ৰী ডি কে শিৱকুমাৰক দাখিল কৰে ৷ শীৰ্ষ নেতাসকলে আলোচনা কৰি ৰেৱন্ত ৰেড্ডীক মুখ্যমন্ত্ৰী হিচাপে বাচনি কৰে ৷ অৱশ্যে কেবিনেটৰ বাকী মন্ত্ৰিত্ব কাক প্ৰদান কৰা হ’ব সেয়া নিশ্চিত হোৱা নাই ৷

উল্লেখ্য যে, যোৱা 30 নৱেম্বৰত নিৰ্বাচন অনুষ্ঠিত হোৱা তেলেংগানাত 3 ডিচেম্বৰত ঘোষণা কৰা হয় ফলাফল ৷ দেশৰ বাকী চাৰি ৰাজ্যৰ নিৰ্বাচনত লজ্জাজনকভাৱে মুখথেকেচা খোৱা কংগ্ৰেছে অৱশ্য়ে দক্ষিণৰ ৰাজ্যখনত বিজয় সাব্যস্ত কৰে ৷ বি আৰ এছৰ মুৰব্বী কে চন্দ্ৰশেখৰ ৰাওৰ দহ বছৰীয়া শাসনক ওফৰাই কংগ্ৰেছে গাদী দখল কৰে ৷

লগতে পঢ়ক: তেলেংগানাত আজি চৰ্চিত কিয় ৰেৱন্ত ৰেড্ডী ?

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.