ETV Bharat / state

স্বাভিমানী জাতি এটাই আজমলৰ দৰে ব্যক্তিক গামোচা পিন্ধাব নালাগে: মুখ্যমন্ত্ৰী

author img

By ETV Bharat Assamese Team

Published : Nov 16, 2023, 2:03 PM IST

Updated : Nov 16, 2023, 5:30 PM IST

সাংসদ বদৰুদ্দিন আজমলকে আদি কৰি সাংসদ আব্দুল খালেক আৰু AIUDF দলক কঠোৰ সমালোচনা কৰে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই ৷ লগতে অসমীয়াৰ স্বাভিমান বা সম্পদেৰে তেওঁক কোনেও সন্মান জনাব নালাগে বুলি মন্তব্য কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে ৷

CM Himanta on Ajmal and Khalek
বদৰুদ্দিন আজমল, আব্দুল খালেকক সমালোচনা মুখ্যমন্ত্ৰীৰ

বদৰুদ্দিন আজমল, আব্দুল খালেকক সমালোচনা মুখ্যমন্ত্ৰীৰ

গুৱাহাটী, ১৬ নৱেম্বৰ : “আজমল এটা প্ৰতীক ৷ হিমন্ত বিশ্ব শৰ্মা মৰি গ’লেও অসমীয়াই আৰু ১০০ বছৰলৈ আজমলহঁতৰ সৈতে যুজিব লাগিব ৷ যুঁজি যোৱাৰ বাদে বেলেগ বিকল্প নাই অসমীয়াৰ ৷’’ বুধবাৰে সংবাদ মাধ্যমৰ আগত এই মন্তব্য কৰে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই ৷

উল্লেখ্য যে, বুধবাৰে গুৱাহাটীৰ আমিনগাঁৱত আয়োজন কৰা হয় এক অনুষ্ঠান ৷ এই অনুষ্ঠানত অংশগ্ৰহণ কৰে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই ৷ এই অনুষ্ঠানত অংশ লৈ সংবাদ মাধ্যমৰ আগত মুখ্যমন্ত্ৰী ড৹ শৰ্মাই শেহতীয়াকৈ অসমীয়াৰ স্বাভিমানৰ অন্যতম প্ৰতীক চেলেং চাদৰক অপমান কৰা আজমল প্ৰসংগত কেতবোৰ মন্তব্য আগবঢ়ায় ।

মুখ্যমন্ত্ৰীৰ মতে আজমলে কি কৰে, কি নকৰে, সেইবোৰৰ বেছি খা-খবৰ লৈ থাকিব নালাগে ৷ এই প্ৰসংগত ক্ষোভ প্ৰকাশ কৰি তেওঁ কয়, “আজমলক গামোচা পিন্ধালে কোনে ? অসমীয়া মানুহে একেবাৰতে সিদ্ধান্ত লৈ পেলাব লাগে যে বদৰুদ্দিন আজমল আৰু AIUDF ৰ বিধায়কসকলক আমি গামোছা, চেলেং চাদৰ, জাপি আদি আমি নিপিন্ধাও ৷ আমিয়েই গৈ পিন্ধাই দিও ৷ তেওঁতো সন্মান নকৰেই ৷ গতিকে আমি সকলোৱে গামোচা, চেলেং চাদৰ, জাপি আদি নিপিন্ধাও বুলি সিদ্ধান্ত লোৱা উচিত’’ ৷

আনহাতে, আজমলে যিবিলাক কাম কৰিছে, সেই বিলাকৰ কোনো IPC SECTION নাই বুলিও মন্তব্য কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই । “মই ভাবো, স্বাভিমানী জাতি এটাই নিজৰ সম্পদক আদৰ কৰিব পৰা নজনা লোকক গামোচা পিন্ধাব নাপায় ৷ কিন্তু আমাৰ মানুহে মাতি নিয়ে ৷ গামোচা পিন্ধায় ৷ জাতীয় সংগঠনে এটা সিদ্ধান্ত লৈ পেলাব লাগে যে আজমলক এইবোৰ পিন্ধাব নালাগে ৷’’ জাতীয় সংগঠনসমূহক উদ্দেশ্যি এই মন্তব্য কৰে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই ৷

কেৱল AIUDF প্ৰধান সাংসদ বদৰুদ্দিন আজমলকে নহয় সাংসদ আব্দুল খালেককো কঠোৰ সমালোচনা কৰে মুখ্যমন্ত্ৰী ড৹ শৰ্মাই ৷ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ এলানি কঠোৰ সমালোচনাই অৱশ্যে সকলোৰে দৃষ্টি আকৰ্ষণ কৰিছে ।

লগতে পঢ়ক : Protest in Nalbari : নলবাৰী শ্বহীদ মুকুন্দ কাকতি হাস্পতাল মুকলিৰ পূৰ্বে সুৰক্ষা সমিতিৰ গৰ্জন

Last Updated :Nov 16, 2023, 5:30 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.