Protest in Nalbari : নলবাৰী শ্বহীদ মুকুন্দ কাকতি হাস্পতাল মুকলিৰ পূৰ্বে সুৰক্ষা সমিতিৰ গৰ্জন

By ETV Bharat Assamese Team

Published : Nov 16, 2023, 1:24 PM IST

thumbnail

নলবাৰী, ১৬ নৱেম্বৰ : আকৌ প্ৰতিবাদ ৷ এইবাৰ প্ৰতিবাদীকণ্ঠত গুঞ্জৰিল নলবাৰী ৷ বৃহস্পতিবাৰে নলবাৰী চহৰত শ্বহীদ মুকুন্দ কাকতি অসামৰিক চিকিৎসালয় সুৰক্ষা সমিতিয়ে ৰূপায়ণ কৰে গণ অৱস্থান কাৰ্যসূচী ৷ ৫০ খন বিছনাযুক্ত শ্বহীদ মুকুন্দ কাকতি চিকিৎসালয় উদ্বোধনৰ পূৰ্বে ৰাইজৰ সহযোগত সুৰক্ষা সমিতিয়ে সাব্যস্ত কৰে এই প্ৰতিবাদ ।

মাত্ৰ ৫০ খন বিছনাযুক্ত হাস্পতাল মুকলি কৰাৰ নামত নামমাত্ৰ চিকিৎসা পৰিসেৱাৰ ব্যৱস্থা কৰিলে নচলিব বুলি দাবী কৰে প্ৰতিবাদী সুৰক্ষা সমিতিয়ে । লাখ লাখ মানুহৰ ভৰসাৰ থলী আৰু নলবাৰী জিলা সদৰ তথা প্ৰাণকেন্দ্ৰত অৱস্থিত ২৩৫ খন বিছনাযুক্ত শ্বহীদ মুকুন্দ কাকতি অসামৰিক চিকিৎসালয়খনৰ পূৰ্বৰ মৰ্যদা আৰু পৰিসেৱা ঘূৰাই দিয়াৰ দাবীত গণ অৱস্থান প্ৰতিবাদ সাব্যস্ত কৰে ।

তদুপৰি প্ৰতিবাদকাৰীসকলে স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্ত হায় হায়, জয়ন্ত মল্ল বৰুৱা মুৰ্দাবাদ, ২৩৫ খন বিছনাযুক্ত শ্বহীদ মুকুন্দ কাকতি অসামৰিক চিকিৎসালয়ৰ পূৰ্বৰ মৰ্যদাৰ আৰু পৰিসেৱা ঘূৰাই দিয়াক ইত্যাদি শ্ল’গান দি নলবাৰী চহৰৰ পৰিৱেশ উত্তাল কৰি তোলে ।

লগতে পঢ়ক : Worm in paddy fields : নলবাৰীৰ মেৰুৱাট্টাৰীৰ পকা ধাননিত অচিন পোকৰ ত্ৰাস, বিমোৰত চহা কৃষক

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.