ETV Bharat / state

১২ দিনীয়া কাৰ্যসূচীৰে আৰম্ভ হ'ল অসম গ্রন্থমেলা

author img

By ETV Bharat Assamese Team

Published : Dec 29, 2023, 9:07 PM IST

Assam Book Fair : 29 ডিচেম্বৰৰ পৰা 9 জানুৱাৰী 2024 লৈ অনুষ্ঠিত হ'ব অসম গ্ৰন্থমেলা ৷ 135 খন গ্ৰন্থ বিপণিৰ অংশগ্ৰহণ ৷

Assam Book Fair
চানমাৰিস্থিত অসম অভিযান্ত্ৰিক প্ৰতিষ্ঠান খেলপথাৰত অসম গ্ৰন্থমেলা

আৰম্ভ হ’ল অসম গ্রন্থমেলা

গুৱাহাটী, 29 ডিচেম্বৰ : আজিৰে পৰা আৰম্ভ হৈছে অসম গ্ৰন্থমেলা ৷ আজিৰে পৰা 12 দিনীয়া কাৰ্যসূচীৰে গুৱাহাটীৰ চানমাৰিস্থিত অসম অভিযান্ত্ৰিক প্ৰতিষ্ঠান খেলপথাৰত অনুষ্ঠিত হৈছে অসম গ্ৰন্থমেলা ৷ 29 ডিচেম্বৰৰ পৰা 9 জানুৱাৰী 2024 লৈ অনুষ্ঠিত হ'ব অসম গ্ৰন্থমেলা ৷ এইবাৰ 135 খন গ্ৰন্থ বিপণি থাকিব অসম গ্ৰন্থমেলাত ৷

অসম প্ৰকাশন পৰিষদ আৰু সদৌ অসম পুথি প্ৰকাশক আৰু বিক্ৰেতা সংস্থাই যৌথভাৱে তৃতীয় বর্ষৰ বাবে আয়োজন কৰা অসম গ্ৰন্থমেলা অনুষ্ঠিত হ'ব 9 জানুৱাৰীলৈ ৷ গ্ৰন্থমেলাৰ আজিৰ উদ্বোধনী অনুষ্ঠানত উপস্থিত থাকে বৰ্ষীয়ান সাহিত্যিক তথা সাংবাদিক কনকসেন ডেকা, সাহিত্য অকাডেমিৰ সচিব কে শ্ৰীনিবাস ৰাও, বিশিষ্ট আইনজ্ঞ, লেখক জে সাই দীপক, শিক্ষা বিভাগৰ উপদেষ্টা ননীগোপাল মহন্তকে ধৰি বহু বিশিষ্ট ব্যক্তি ৷

আজিৰ উদ্বোধনী অনুষ্ঠানতে প্ৰদান কৰা হয় 2023 বৰ্ষৰ অসম প্ৰকাশন পৰিষদ সাহিত্য বঁটা ৷ বঁটা প্ৰদান কৰা হয় বিশিষ্ট সাহিত্যিক ধ্ৰুৱজ্যোতি বৰাক ৷ উল্লেখ্য যে এইবাৰ 135 খন গ্ৰন্থ বিপণি থাকিব অসম গ্ৰন্থমেলাত ৷ 12 দিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হোৱা এই অসম গ্ৰন্থমেলাত দৈনিক ভাষা-সাহিত্য-সংস্কৃতিক আদি বিভিন্ন বিষয়ত আলোচনাচক্ৰ তথা মতবিমিময় অনুষ্ঠান অনুষ্ঠিত হ'ব ৷ যত অংশগ্ৰহণ কৰিব নৱ প্ৰজন্মৰ বহু কেইগৰাকী লেখক-লেখিকাই ৷

উল্লেখ্য যে, গুৱাহাটীৰ বাহিৰেও এইবাৰ অসম গ্ৰন্থমেলা শিৱসাগৰ, হাফলং আৰু শিলচৰতো অনুষ্ঠিত হয় ৷ ১ অক্টোবৰৰ পৰা ৭ অক্টোবৰলৈকে সাতদিনীয়া কাৰ্যসূচীৰে হাফলঙত অনুষ্ঠিত হয় অসম গ্ৰন্থমেলা ৷ লগতে 18 ৰ পৰা 27 নৱেম্বৰলৈ শিৱসাগৰত, 1 ৰ পৰা 10 ডিচেম্বৰলৈ শিলচৰত অনুষ্ঠিত হয় অসম গ্ৰন্থমেলা ৷

লগতে পঢ়ক : সুনিৰ্দিষ্ট সময়ৰ ভিতৰত কাৰ্যকৰী হ’ব শান্তিচুক্তি: অমিত শ্বাহ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.