ETV Bharat / state

সুনিৰ্দিষ্ট সময়ৰ ভিতৰত কাৰ্যকৰী হ’ব শান্তিচুক্তি: অমিত শ্বাহ

author img

By ETV Bharat Assamese Team

Published : Dec 29, 2023, 5:57 PM IST

ULFA Peace Deal: স্বাক্ষৰিত হ’ল আলফা-চৰকাৰৰ মাজৰ শান্তিচুক্তি ৷ কেন্দ্ৰীয় গৃহ মন্ত্ৰণালয়ৰ নৰ্থ ব্লকৰ কাৰ্যালয়ত গৃহমন্ত্ৰী অমিত শ্বাহ আৰু মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ উপস্থিতিত 13 বছৰজোৰা আলোচনাৰ প্ৰক্ৰিয়াটোত অন্তিত মোহৰ পৰে ৷

ULFA Peace Accord
আলফা শান্তিচুক্তি

নিউজ ডেস্ক, 29 ডিচেম্বৰ: স্বাক্ষৰিত হ’ল আলফা-চৰকাৰৰ মাজৰ শান্তিচুক্তি ৷ আজি বিয়লি কেন্দ্ৰীয় গৃহ মন্ত্ৰণালয়ৰ নৰ্থ ব্লকৰ কাৰ্যালয়ত গৃহমন্ত্ৰী অমিত শ্বাহ আৰু মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ উপস্থিতিত 13 বছৰজোৰা আলোচনাৰ প্ৰক্ৰিয়াটোত অন্তিত মোহৰ পৰে ৷

  • " class="align-text-top noRightClick twitterSection" data="">

আজিৰ এই ঐতিহাসিক চুক্তিখনত আলফাৰ ফালৰ পৰা স্বাক্ষৰ কৰা আলফা নেতাসকল হ’ল সভাপতি অৰবিন্দ ৰাজখোৱা, উপ-সভাপতি প্ৰদীপ গগৈ, সাধাৰণ সম্পাদক অনুপ চেতিয়া, উপ-মুখ্য সেনাধ্যক্ষ ৰাজু বৰুৱা, বিত্ত সম্পাদক চিত্ৰবন হাজৰিকা, প্ৰচাৰ সম্পাদক মিথিংগা দৈমাৰী, সাংস্কৃতিক সম্পাদক প্ৰণতি ডেকা, বৈদেশিক সচিব শশধৰ চৌধুৰী ৷

আনহাতে অসম চৰকাৰৰ ফালৰ পৰা স্বয়ং মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই এই চুক্তিত স্বাক্ষৰ কৰে ৷ গৃহমন্ত্ৰী অমিত শ্বাহৰ উপস্থিতিত এই ঐতিহাসিক চুক্তিখনত স্বাক্ষৰ কৰে কেন্দ্ৰীয় গৃহ মন্ত্ৰণালয়ৰ শীৰ্ষ আমোলাবৰ্গই ৷ কেন্দ্ৰীয় গৃহ সচিব অজয় কুমাৰ ভাল্লা, আই বিৰ সঞ্চালক প্ৰধান তপন ডেকাকে ধৰি গৃহ মন্ত্ৰণালয়ৰ শীৰ্ষ আমোলাবৰ্গ উপস্থিত থাকে চুক্তিখনত স্বাক্ষৰৰ সময়ত ৷

চুক্তিত স্বাক্ষৰৰ পাছতে গৃহমন্ত্ৰী অমিত শ্বাহে কয়, ‘‘ আজিৰ দিনটো অসমৰ বাবে সোণালী দিন৷ এতিয়াৰে পৰা দিল্লী আৰু অসমৰ মাজৰ দূৰত্ব হ্ৰাস পাব ৷ বিগত 5 বছৰত উত্তৰ-পূৱৰ শান্তি আৰু সীমা সমস্যাৰ লগত জড়িত 9 খন চুক্তিত স্বাক্ষৰ কৰা হৈছে ৷ আজি শান্তিচুক্তিত স্বাক্ষৰৰ সময়ত আলফাৰ 700 গৰাকী সদস্যই আত্মসমৰ্পন কৰে ৷ এই 700 গৰাকীসহ এই পৰ্যন্ত আলফাৰ 8200 গৰাকী সদস্যই আত্মসমৰ্পন কৰে ৷’’

অসমৰ 85 শতাংশ স্থানৰ পৰা সেনা বাহিনীৰ বিশেষ ক্ষমতা আইন প্ৰত্যাহাৰ কৰা হৈছে বুলি উল্লেখ কৰি অমিত শ্বাহে কয়, ‘‘ সন্ত্ৰাসৰ এই আজিৰে পৰা ইয়াতেই শেষ হওক ৷ 1979 চনৰে পৰা আলফাৰ এই সংগ্ৰামখনত প্ৰায় 10 হাজাৰ লোকে প্ৰাণ হেৰুৱাইছে আৰু যেন সেই অধ্যায়ৰ সূচনা নহয় ৷ আজিৰ এই ঐতিহাসিক চুক্তিত অসমৰ বাবে বহুখিনি বৃহৎ পেকেজ আগবঢ়োৱা হৈছে আৰু এক সুনিৰ্দিষ্ট সময়সীমাৰ ভিতৰত এই চুক্তিখন কাৰ্যকৰী কৰা হ’ব বুলি আজি আমি প্ৰতিশ্ৰুতি দিছোঁ ৷ চুক্তিখনৰ প্ৰতিটো দফা কাৰ্যকৰীকৰণৰ বাবে অসম চৰকাৰৰ সৈতে লগ লাগি এখন উচ্চ ক্ষমতাসম্পন্ন সমিতি গঠন কৰা হ’ব ৷ আমি সদায় চুক্তিৰ ক্ষেত্ৰত সময়তকৈ আগত থাকোঁ ৷ আপোনালোকে কোৱাৰ আগতেই চুক্তিৰ দফাসমূহ চৰকাৰে পূৰণ কৰিব ৷ মই আশা কৰিছোঁ সন্ত্ৰাসৰ অধ্যায় ইয়াতেই সামৰণি পৰক ৷’’

আজিৰ এই অনুষ্ঠানত গৰিয়া-মৰিয়া ছাত্ৰ সন্থা, শৰণীয়া ছাত্ৰ সন্থা, কলিতা ছাত্ৰ সন্থা, কোচ ৰাজবংশী ছাত্ৰ সন্থা, মটক ছাত্ৰ সন্থা আদিকে ধৰি কেবাটাও জাতীয় সংগঠনৰ প্ৰতিনিধিবৰ্গ অতিথি হিচাবে উপস্থিত থাকে ৷

লগতে পঢ়ক: অসমবাসীয়ে বিচৰা ধৰণেই এই চুক্তি : অনুপ চেতিয়া

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.