ETV Bharat / state

G-20 Summit: জি-২০ সন্মিলনে সংঘাতৰ পৰিৱৰ্তে ইতিবাচক পৰিৱেশ সৃষ্টি কৰিব; অসম বিজেপি

author img

By ETV Bharat Assamese Team

Published : Sep 10, 2023, 7:33 PM IST

Declaration of Delhi G20 Summit
বিজেপিৰ ৰাজ্য়িক মুখ্য মুখপাত্র মনোজ বৰুৱা

জি-২০ সন্মিলনৰ অধ্যক্ষতাই ভাৰতৰ্ষক শক্তিশালীৰূপে উপস্থাপিত কৰিছে বুলি মন্তব্য় বিজেপিৰ ৰাজ্য়িক মুখ্য মুখপাত্র মনোজ বৰুৱাৰ ।

বিজেপিৰ ৰাজ্য়িক মুখ্য মুখপাত্র মনোজ বৰুৱা

গুৱাহাটী ,১০ ছেপ্তেম্বৰ: ‘‘হাজাৰ বছৰীয়া ভাৰতীয় সংস্কৃতিৰ প্ৰমূল্যবোধৰ আধাৰত ‘বসুদেৱ কুটুম্বকম’ মন্ত্ৰেৰে ভাৰতবৰ্ষৰ অধ্যক্ষতাত অনুষ্ঠিত জি-২০ সন্মিলনে দেশখনক সমকালীন বিশ্বৰ আৰ্থ-ৰাজনৈতিক ক্ষেত্ৰখনত অত্যন্ত শক্তিশালীভাৱে উপস্থাপিত কৰিবলৈ সক্ষম হৈছে,’’ এই মন্তব্য ভাৰতীয় জনতা পার্টীৰ ৰাজ্য়িক মুখ্য মুখপাত্র মনোজ বৰুৱাৰ । আজি বশিষ্ঠস্থিত ভাৰতীয় জনতা পাৰ্টীৰ মুখ্য কাৰ্যালয়ত তেওঁ এই মন্তব্য় কৰে ।

ৰাজ্য়িক মুখ্য মুখপাত্র মনোজ বৰুৱাই পুনৰ কয় যে সমগ্ৰ বিশ্বৰ এক বৃহৎ অর্থনৈতিক আৰু ভৌগলিক অংশীদাৰিত্ব থকা জি-২০ দেশসমূহৰ এইবেলিৰ সন্মিলনে অর্থনৈতিক, ৰাজনৈতিক, সামাজিক, কূটনৈতিক ক্ষেত্ৰত গ্ৰহণ কৰা সিদ্ধান্তসমূহে বিশ্ববাসীৰ সামূহিক উত্তৰণৰ দিশত অত্যন্ত ইতিবাচক প্রভাৱ পেলাব । উল্লেখ্য যে ঐতিহাসিক সিদ্ধান্তৰে জি-২০ সন্মিলনত অফ্রিকান ইউনিয়নৰ অন্তৰ্ভুক্তিৰ পদক্ষেপে বিশ্বৰ অনুন্নত দেশসমূহৰ কণ্ঠ শক্তিশালীভাৱে বিশ্ব সম্প্ৰদায়ৰ ওচৰত তুলি ধৰাৰ ব্যৱস্থা কৰিছে । ইয়াৰ জৰিয়তে বিশ্বৰ জনসংখ্যাৰ প্ৰায় ১৭ শতাংশ নতুনকৈ জি-২০ সন্মিলনৰ সৈতে জড়িত হোৱাৰ পথ প্রশস্ত হ'ল ।

তেওঁ কয় যে একেদৰে জি-২০ সন্মিলনত গ্রহণ কৰা দিল্লী ঘোষণা পত্ৰৰ সিদ্ধান্তসমূহে সংঘাতৰ পৰিৱৰ্তে সমউন্নয়নৰ ধাৰণাৰে বিশ্বৰ দেশসমূহৰ ভৌগলিক অখণ্ডতা, সার্বভৌমত্ব, অর্থনৈতিক বিনিময়ৰ জৰিয়তে উন্নতিৰ ব্যৱস্থাৰে বিশ্বজনীন এক ইতিবাচক পৰিৱেশ সৃষ্টি কৰিব ।

আনহাতে, বিশ্বৰ অৰ্থনৈতিক ক্ষেত্ৰখনত সন্মিলনে ঘোষণা কৰা ভাৰত-মধ্যপ্রাচ্য ইউৰোপ কৰিড'ৰে উক্ত অঞ্চলৰ দেশসমূহৰ আন্তঃগাঁথনি, অর্থনৈতিক সমন্বয়, বাণিজ্য বৃদ্ধি, ডিজিটেল সংযোগীকৰণৰ বিষয়সমূহ সকলোধৰণে তৰান্বিত কৰিব । ইয়াৰ ফলত ভাৰত-মধ্যপ্রাচ্য-ইউৰোপৰ দেশসমূহৰ অৰ্থনৈতিক বিকাশ ৪০ শতাংশ পর্যন্ত বৃদ্ধি হ'ব বুলি ইতিমধ্যে ইউৰোপীয়ান কমিছনৰ অধ্যক্ষই প্ৰকাশ কৰিছে ।

ৰাজ্যিক বিজেপিৰ মুখ্য মুখপাত্র মনোজ বৰুৱাই কয় যে বিশ্বজোৰা পাৰস্পৰিক সহযোগিতা, অর্থনৈতিক বিকাশ, কুটনৈতিক বুজাবুজি, পৰিৱেশতন্ত্রকে ধৰি সকলোবোৰ দিশ সামৰি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত ভাৰতবৰ্ষৰ অধ্যক্ষতাত অনুষ্ঠিত জি-২০ সন্মিলনে বিশ্ব সম্প্রদায়লৈ এক আশাৰ বতৰা কঢ়িয়াবলৈ সক্ষম হৈছে ।

লগতে পঢ়ক:G20 summit in Delhi: অসমৰ প্ৰতি আগ্ৰহ দেখুৱাইছে ছিংগাপুৰে; নাৰ্ছিং তথা কৌশল বিকাশ প্ৰশিক্ষণত কাম কৰাৰ আগ্ৰহ !

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.